ঝুমইৰ বিনন্দিনী আৰু এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণৰ আগদিনা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ নেতৃত্বত ৬০গৰাকী ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তৰ এটা প্ৰতিনিধি দল যোৰহাট জিলাত উপস্থিত হয়। তেওঁলোকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে।
অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজেৰে তেওঁলোকে কাজিৰঙালৈ যাত্ৰা আৰম্ভ কৰে। এটা খৰ্গযুক্ত গঁড়ৰ বাবে পৃথিৱী বিখ্যাত কাজিৰঙাৰ কেন্দ্ৰীয় ৰেঞ্জ কহঁৰাত তেওঁলোকে হাতী ছাফাৰীত অংশগ্ৰহণ কৰে। ড° জয়শংকৰে হাতী ‘প্ৰদ্যুম্ন’ত উঠি কাজিৰঙা ভ্ৰমণ কৰে।
এই অনন্য অভিজ্ঞতাৰ পাছত তেওঁলোকে জীপ ছাফাৰীৰ জৰিয়তেও উদ্যানখনৰ ভিতৰলৈ সোমাই বিভিন্ন কাজিৰঙাৰ মোহনীয় দৃশ্য উপভোগ কৰে। ৰাষ্ট্ৰদূতসকলে হাতীলৈ খাদ্য আগবঢ়াই ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীৰ সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি তোলে।

জয়শংকৰে এই অভিজ্ঞতাৰ বৰ্ণনা “অদ্ভুত” বুলি উল্লেখ কৰি কয়, “এটা খৰ্গযুক্ত গঁড়, বনৰীয়া মহ আৰু হৰিণাৰ বিভিন্ন প্ৰজাতি হৈছে এই প্ৰাকৃতিক পৰিৱেশত দেখা এক অপূৰ্ব অভিজ্ঞতা। এনেবোৰ দৃশ্য কেতিয়াবা কেৱল কিতাপ বা চিনেমাতহে দেখিছিলোঁ, আজিৰ এই অভিজ্ঞতা অতুলনীয়।”
কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধিক লৈ মন্ত্ৰীগৰাকীয়ে সন্তুষ্টিৰ প্ৰকাশ কৰি ব্যক্ত কৰে, “এই বছৰত ইতিমধ্যে কাজিৰঙা ৩ লাখতকৈও অধিক পৰ্যটকে ভ্ৰমণ কৰিছে বুলি মোক বিষয়াসকলে জনাইছে। এয়া এক অতি উৎসাহজনক খবৰ। আমাৰ লক্ষ্য হৈছে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ পৰ্যটন আৰু বিনিয়োগৰ ক্ষেত্ৰসমূহ পৰিচয় কৰাই দিয়া।”
ছুইডেনৰ ভাৰতত ৰাষ্ট্ৰদূত চার্জ দ্য’ এফেয়াৰ্ছ ক্ৰিষ্টিয়ান কামিলে কয়, “এই ভ্ৰমণ মোৰ জীৱনৰ এক স্মৰণীয় অভিজ্ঞতা। এয়া মোৰ দ্বিতীয়বাৰ অসম ভ্ৰমণ। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰদূতসকলৰ মাজত আন্তৰিক সম্পৰ্কও বৃদ্ধি হ’ব।”
গায়ানাৰ উচ্চায়ুক্ত ধৰম কুমাৰ ধীৰাজে ভাৰতৰ বহনক্ষম তথা পৰিৱেশ অনুকূল শক্তি উন্নয়নৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। “এই ভ্ৰমণত অংশগ্ৰহণ কৰি উৎসাহিত হৈছোঁ। আমাৰ চৰকাৰে পৰিৱেশ অনুকূল, পুনঃনবীকৰণযোগ্য শক্তি আধাৰিত বাটেৰে আগবাঢ়িবলৈ মনস্থ কৰিছে। আজিৰ অভিজ্ঞতাই মোক ভাবিবলৈ বাধ্য কৰিলে যে বিশ্বই কি কৰা উচিত।”
তেখেতে উদ্যানখনৰ ব্যৱস্থাপনা আৰু জীৱ-জন্তুবোৰৰ প্ৰতি যত্ন দেখি আনন্দিত হয়। “উদ্যানখন সু-পৰিকল্পিতভাৱে চলোৱা হৈছে আৰু পশু-পক্ষীকূলক যত্নেৰে ৰখা হৈছে। সেয়া বিশেষকৈ মন কৰিবলগীয়া।”

উদ্যানখনৰ এগৰাকী বিষয়াই প্ৰকাশ কৰে, “এয়া আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত এক তাৎপর্যপূৰ্ণ মুহূর্ত, য’ত বহুকেইগৰাকী ৰাষ্ট্ৰদূতে ভাৰতৰ প্ৰাকৃতিক ঐতিহ্যক উপভোগ তথা অনুভৱ কৰিলে।”
উদ্যানখনৰ সঞ্চালক সোণালী ঘোষে কয়, “বৰ্তমান উদ্যান ভ্ৰমণলৈ অহা এয়া এক অন্যতম বৃহৎ প্ৰতিনিধিৰ দল। তেওঁলোকৰ ভ্ৰমণ কাৰ্যসূচীত যাতে কোনোধৰণ ত্ৰুটি নৰয়, তাৰবাবে আমি সকলো প্ৰচেষ্টা আগবঢ়াই পৰিচালনা কৰিবলগীয়া হৈছিল। বিভিন্ন তালিকা তৈয়াৰ কৰি হাতী, জীপ, গাইড, দুৰ্গা, দূৰবীণ আদিৰ ব্যৱস্থা আগতীয়াকৈ সম্পন্ন কৰিছিলোঁ।”
তেখেতে কয়, “এই ভ্ৰমণৰ মূল উদ্দেশ্য আছিল ৰাষ্ট্ৰদূতসকলক ভাৰতৰ প্ৰচলিত সংৰক্ষণ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰা। লগতে সাংস্কৃতিক অনুষ্ঠান আৰু অসমীয়া আতিথ্যও সেই অভিজ্ঞতা অধিক সমৃদ্ধ কৰিলে।”
এই প্ৰচেষ্টাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কও অধিক সুদৃঢ় হ’ব বুলি আশা প্ৰকাশ কৰে আৰু একে সময়তে ভাৰতৰ প্ৰাকৃতিক সম্পদ সুৰক্ষাৰ প্ৰতিশ্ৰুতিও বিশ্ববাসীলৈ প্ৰেৰণ কৰা হৈছে বুলি তেখেতে উল্লেখ কৰে।

অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই এক্স’ত প্ৰকাশ কৰে, “অসমৰ প্ৰসিদ্ধ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য্য আৰু জৈৱ-বৈচিত্র্যই প্ৰতিগৰাকী অতিথিক মন্ত্ৰমুগ্ধ কৰি তুলিছে। মই বিশ্বাস কৰোঁ যে তেওঁলোকৰ এই বহুমূলীয়া উপস্থিতিয়ে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁলোকলৈ মোৰ গভীৰ সন্মান আৰু কৃতজ্ঞতা।”










