ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে (এনবিডব্লিউএল) ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (কেএনপি) সমীপত এক উন্নীত কৰিডৰৰ লগতে আন চাৰিটা প্ৰকল্পৰ বাবে অনুমোদন জনাইছে।
এনবিডব্লিউএল-এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এক উন্নীত কৰিডৰটোৰ লগতে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ বাবেও অনুমোদন জনায়। উল্লেখ্য যে গুৱাহাটী ৰিং ৰোড প্ৰকল্পত অন্তৰ্ভুক্ত হৈ আছে নাৰেংগী- কুৰুৱা দলং, দীপৰ বিলৰ উন্নীত ৰে’লৱে কৰিডৰ (১৩.৩১ হেক্টৰ), দীপৰ বিলৰ উন্নীত ৰে’লৱে কৰিডৰ (০.৩ হেক্টৰ) আৰু চাপাগুৰিৰপৰা ভূটান সীমান্তলৈকে বিস্তৃত হৈ থকা আমটেকা অসম মালা প্ৰকল্পৰ পথ।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰে যে, “আজি অসমৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হিচাপে চিহ্নিত হৈছে। বন্যপ্ৰাণী সম্পৰ্কীয় সকলো বিষয়ৰ বাবে ভাৰতৰ শীৰ্ষ সংস্থা ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদে (এনবিডব্লিউএল) অসমৰ বাবে পাঁচটাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰকল্পত অনুমোদন জনাইছে। মই অসমৰ উন্নয়নক মাত্ৰা প্ৰদান কৰা এই সিদ্ধান্তৰ বাবে মাননীয় বন আৰু পৰিৱেশ মন্ত্ৰী শ্ৰীভূপেন্দ্ৰ যাদৱদেৱক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। “
এই প্ৰকল্পসমূহৰ ক্ষেত্ৰত প্ৰদান কৰা অনুমোদনে অঞ্চলটোত আন্তঃগাঁথনি আৰু উন্নয়ন বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।