“উত্তৰ-পূব হৈছে আমাৰ ৰাষ্ট্ৰৰ আটাইতকৈ বৈচিত্ৰ্যময় অঞ্চল,” যোৱা মাহত নতুন দিল্লীত অনুষ্ঠিত ‘ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ চামিট ২০২৫’-ৰ উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা উল্লেখ কৰে। তেখেতে উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাপূৰ্ণ ভৱিষ্যৎ সন্দৰ্ভত আশা আৰু বিশ্বাস প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে বাণিজ্য, পৰম্পৰা, বস্ত্ৰ আৰু পৰ্যটন খণ্ডৰ বিশাল সম্ভাৱনাৰ বিষয়ত গুৰুত্ব প্ৰদান কৰে। “এই অঞ্চলটোৰ বৈচিত্ৰ্যময় বৈশিষ্ট্যই হৈছে ইয়াৰ আটাইতকৈ বৃহৎ শক্তি। উত্তৰ-পূব হৈছে এক সফল জৈৱ-অৰ্থনীতি, বাঁহ শিল্প, চাহ, খনিজ তেল, ক্ৰীড়া, দক্ষতা বিকাশৰ লগতে পৰ্যটনৰ অন্যতম মূল আকৰ্ষণ বিন্দু। এই অঞ্চলটোৱে জৈৱিক সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত এক নতুন পথৰ সন্ধান দিছে আৰু শক্তিৰ এক নতুন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে,” তেখেতে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে উত্তৰ-পূব হৈছে ‘অষ্টলক্ষ্মী’ৰ বাস্তৱ ৰূপ — সমৃদ্ধি আৰু সম্ভাৱনাৰ প্রতীক। “এই শক্তিৰে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্যই এতিয়া পুঁজি বিনিয়োগ আৰু নেতৃত্বৰ বাবে সাজু হৈ উঠিছে। আমাৰ বাবে ‘পূব’ কেৱল এটা দিশ নহয়, এটা দৃষ্টিভংগী — সবলীকৰণ, কাৰ্যকৰীকৰণ, শক্তিশালীকৰণ আৰু পৰিৱৰ্তনে এই অঞ্চলটোৰ নীতি নিৰ্ধাৰণৰ আধাৰ নিৰূপণ কৰে,” তেখেতে কয়।
তেখেতে কয় যে পূৰ্বৰ উত্তৰ-পূৰ্বাঞ্চলৰ ব্যাপক সলনি হৈছে আৰু ভাৰতৰ উত্তৰণৰ যাত্ৰাত অৱদান আগবঢ়োৱা আগশাৰীৰ অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰিছে।
“আন্তঃগাঁথনি হৈছে উন্নয়নৰ আধাৰ আৰু চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনি বিপ্লৱ আৰম্ভ কৰিছে। আজিৰ উত্তৰ-পূব হৈছে সম্ভাৱনাৰে পূৰ্ণ এখন ভূমি। অৰুণাচল প্ৰদেশৰ ছেলা টানেল আৰু অসমৰ ভূপেন হাজৰিকা সেতু আদিত বিশাল বিনিয়োগেৰে অঞ্চলটোৰ যোগাযোগ তথা সংযোগ ব্যৱস্থা উন্নয়ন কৰিবলৈ প্ৰচেষ্টা আগবঢ়োৱা হৈছে,” প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।
গুৱাহাটী, ইম্ফল আৰু আগৰতলাক মাল্টি-ম’ডেল লজিষ্টিক হাব হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা, মেঘালয়- মিজোৰামত লেণ্ড কাষ্টম ষ্টেশ্যন স্থাপনযোগে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক সম্প্ৰসাৰিত কৰা হৈছে। নৰেন্দ্ৰ মোদীয়ে কয়, “এনেবোৰ পদক্ষেপে উত্তৰ-পূবক আগশাৰীৰ শক্তি হিচাপে গঢ়ি তুলিছে। বিশেষকৈ ইণ্ডো-পেচিফিক ৰাষ্ট্ৰৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰি বিনিয়োগ আৰু অৰ্থনৈতিক উত্তৰণৰ বাট দেখুৱাইছে।”
এই অঞ্চলটোক গ্ল’বেল কনফাৰেন্স, কনচাৰ্ট আৰু ডেষ্টিনেশ্যন ৱেডিঙৰ বাবে এক উৎকৃষ্ট গন্তব্যস্থান বুলি আখ্যা দি মোদীয়ে কয়, “উন্নয়নৰ সৈতে যেতিয়া উত্তৰ-পূবৰ প্ৰতিটো প্ৰান্তৰ সংযোগ ঘটিছে, তেতিয়া পৰ্যটনৰ ক্ষেত্ৰখনত পৰ্যটকৰ সংখ্যা দুগুণ বৃদ্ধিৰে ইয়াৰ ইতিবাচক প্ৰভাৱৰ স্পষ্ট ৰূপ দেখিবলৈ পোৱা যায়। আমি এই অঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰৰ উত্তৰণৰ বাবে নতুন ৰূপত সাজু হ’ব লাগিব।”
সমাজ ব্যৱস্থা আৰু আইন-শৃংখলা ব্যৱস্থাক এই অঞ্চলৰ উন্নয়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ বুলি উল্লেখ কৰি তেখেতে কয়, “আমাৰ চৰকাৰে সন্ত্রাসবাদ আৰু বিদ্ৰোহৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে। বিগত ১০-১১ বছৰত ১০,০০০ৰো অধিক যুৱক-যুৱতীয়ে অস্ত্ৰ ত্যাগ কৰি শান্তিৰ পথ গ্ৰহণ কৰিছে। এই পৰিৱর্তনে অঞ্চলটোত নতুন কৰ্মসংস্থাপন আৰু উদ্যোগ মুকলি কৰিছে।”
শক্তি আৰু ছেমিকণ্ডাক্টৰ — এই দুয়োটা কৌশলগত ক্ষেত্ৰতেই উত্তৰ-পূব এক মুখ্য গন্তব্যস্থলী হিচাপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেখেতে কয় যে উত্তৰ-পূবৰ সকলো ৰাজ্যত জলবিদ্যুৎ আৰু সৌৰশক্তিৰ বৃহৎ বিনিয়োগ কৰা হৈছে, যাৰ মূল্য হাজাৰ কোটি টকাৰো অধিক। তেখেতে অনুভৱ কৰে যে সৌৰ শক্তি, চেল, ষ্ট’ৰেজ ছলিউশ্যন, গৱেষণা আদিৰ ক্ষেত্ৰতো অঞ্চলটোত বহু সম্ভাৱনা আছে।
ভাৰতৰ ছেমিকণ্ডাক্টৰ ক্ষেত্ৰখনক শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ ভূমিকাৰ কথাও তেখেতে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “উত্তৰ-পূবৰ এটি ছেমিকণ্ডাক্টৰ প্লাণ্টৰ পৰা ‘ভাৰতৰ প্ৰথম চিপ নিৰ্মাণ’ৰ পদক্ষেপ সোনকালেই আহি আছে।”
তেখেতে কয় যে ৰাইজিং নৰ্থ ইষ্ট কেৱল এখন বিনিয়োগ সন্মিলনেই নহয়, এয়া এক বিনিয়োগৰ পৰিৱেশ সৃষ্টিৰ বাবে হোৱা পদক্ষেপ আৰু ভৱিষ্যৎ কাৰ্যকৰী কৰাৰ বাবে এক আহ্বান। “উত্তৰ-পূবৰ উন্নয়নৰ জৰিয়তে ভাৰতৰ ভৱিষ্যতে নতুন বিকাশ আৰু প্ৰগতিৰ সন্ধান পাব,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী বিমল বড়াই ‘আন্তঃগাঁথনি আৰু লজিষ্টিক’ শীৰ্ষক এক কাৰিকৰী অধিৱেশনত অংশ লৈ কয়, “২০২৪ চনত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন হৈছে ৫.৭ লাখ কোটি। এই সংখ্যাই ২০১৮ চনৰ ২.৮ লাখ কোটিতকৈ দুগুণ বৃদ্ধি হৈ যথেষ্ট ভাল ফল দেখুৱাইছে। ২০৩০ চনৰ ভিতৰত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ লক্ষ্য হৈছে ১১ লাখ কোটি।”
তেখেতে কয় অসমে ভৌগোলিক সুবিধাৰ সৈতে উন্নয়নশীল অৰ্থনৈতিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। “গুৱাহাটী হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ আৰু আছিয়ান দেশসমূহৰ সৈতে আমাৰ যোগাযোগ স্থাপনে দক্ষিণ-পূব এছিয়াৰ বজাৰৰ সৈতে প্ৰত্যক্ষ সংযোগ ব্যৱস্থাক উদগনি যোগাইছে।”

৪.৩ লাখ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱৰ সৈতে এই সন্মিলনৰ সফল সামৰণি পৰে। সামৰণী অনুষ্ঠানত ভাষণ আগবঢ়াই ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, “জাপানৰ পৰা ইউৰোপ, আছিয়ান ৰাষ্ট্ৰলৈকে আমি ৮০খনতকৈও অধিক দেশৰ প্ৰতিনিধি দলক আদৰণি জনাইছোঁ। এই সন্মিলনৰ সৈতে এটা আৱেগ জড়িত হৈ আছে — ভাৰতৰ ভৱিষ্যৎ উত্তৰ-পূবত নিহিত হৈ আছে।”
ইতিমধ্যে ড’নাৰ মন্ত্ৰ্যালয়ে বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাৰ দিশবোৰৰ বিষয়ে প্ৰচাৰ কৰি আহিছে। বিগত এবছৰত সমগ্ৰ ভাৰতৰ বিভিন্ন চহৰত ৯টা ৰোড শ্ব’, ৯৫খনতকৈও অধিক দেশৰ প্ৰতিনিধিৰ সৈতে ৰাষ্ট্ৰদূতৰ বৈঠক, ৬খন ৰাজ্যিক ৰাউণ্ড টেবুল, ৬টা নিৰ্দিষ্ট খণ্ড উদ্যোগৰ সৈতে মত বিনিময় আৰু উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগ কৰিবলৈ বিনিয়োগকাৰীসকলক উৎসাহিত কৰাৰ বাবে পি এছ ইউ, উদ্যোগ প্ৰতিষ্ঠান আৰু কৰ্প’ৰেটসমূহৰ সৈতে অসংখ্য পৰামৰ্শকেন্দ্ৰিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।










