তৃণমূল পৰ্যায়ৰ স্বাস্থ্য সেৱাক শক্তিশালী কৰাৰ দিশত এটা গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰা হয়। এই পদক্ষেপৰ হিচাপে অসম চৰকাৰে আশা কৰ্মী আৰু আশা ছুপাৰভাইজৰসকলৰ মাহিলি মাননী বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপ চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা প্ৰযোজ্য হ’ব।
এই সিদ্ধান্ত অনুসৰি আশা কৰ্মীসকলৰ মাহিলি মাননী পূৰ্বৰ ৩,০০০ টকাৰ পৰা বৃদ্ধি কৰি ৪,০০০ টকা কৰা হৈছে। আনহাতে, আশা ছুপাৰভাইজৰসকলৰ মাহিলি মাননী পূৰ্বৰ ৯,০০০ টকাৰ পৰা বৃদ্ধি কৰি ১০,২০০ টকা কৰা হৈছে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে এই বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “আশা বাইদেউসকল আমাৰ বাবে এটা নতুন আশা। মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাই আশা কৰ্মী আৰু ছুপাৰভাইজৰসকলৰ মাহিলি মাননী বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপে আমাৰ স্বাস্থ্য সেৱকসকলৰ আৰ্থিক স্থিৰতা নিশ্চিত কৰিব আৰু তেওঁলোকৰ অক্লান্ত সেৱাৰ এক যোগ্য স্বীকৃতি আগবঢ়াব।”
ইয়াৰ পূৰ্বে আশা কৰ্মী, আশা সহায়িকা আৰু মধ্যাহ্ন ভোজন কৰ্মীসকলৰ বেতন বৃদ্ধিৰ আবেদনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত এখন চাৰিজনীয়া মন্ত্ৰীসদস্যযুক্ত উপ-সমিতি গঠন কৰা হৈছিল। এই উপ-সমিতিৰ আন সদস্যসকল হ’ল স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহল; শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু; জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰীকা।
এই সিদ্ধান্তই গ্ৰামাঞ্চলত স্বাস্থ্য সেৱা আগবঢ়াই অহা আশা কৰ্মীসকলৰ জীৱনধাৰণৰ মান উন্নীত কৰাৰ লগতে তেওঁলোকৰ সামাজিক সুৰক্ষাও অধিক নিশ্চিত কৰিব।









