পৰিৱেশ আৰু বন বিভাগ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা (US Agency for International Development – USAID)ই যোৱা ১৮ অক্টোবৰত অসমত ‘ট্ৰীজ আউটছাইড ফৰেষ্টছ ইন ইণ্ডিয়া’ (TOFI) শীৰ্ষক ভাৰতত অৰণ্যৰ বাহিৰৰ এলেকাত বনানীকৰণৰ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰে৷ এই পদক্ষেপে ৰাজ্যখনৰ পৰম্পৰাগত/স্বীকৃত বনাঞ্চলৰ বাহিৰৰ এলেকাত গছ-গছনিৰ সম্প্ৰসাৰণ দ্ৰুতগতিত বৃদ্ধি কৰাৰ উদ্দেশ্যে কৃষক, বিভিন্ন কোম্পানী আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰিব৷
টিঅ’এফআই কাৰ্যসূচীয়ে কাৰ্বন পৃথকীকৰণৰ পৰিমাণ বৃদ্ধি কৰিব, স্থানীয় সমুদায়সমূহক সহায় কৰিব আৰু কৃষিৰ অনুকূল জলবায়ু বাহাল ৰখাত শক্তিশালী ভূমিকা পালন কৰিব৷ ইয়াৰ ফলত বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তন ৰোধৰ জৰিয়তে অভিযোজন লক্ষ্যত উপনীত হোৱাত সহায় কৰিব৷
বনাঞ্চলৰ বাহিৰতো গছ-গছনিৰ সেউজীয়া আৱৰণ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিছে৷ তদুপৰি, অসমত কৃষিবন উন্নয়ন ব’ৰ্ড গঠনৰ উপৰি জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত ষ্টেট একশ্যন প্লেন প্ৰস্তুত কৰা হৈছে৷
পৰিৱেশ আৰু বন বিভাগ তথা অসম কৃষিবন উন্নয়ন ব’ৰ্ডৰ যৌথ উদ্যোগত টিঅ’এফআয়ে অৰণ্যৰ বাহিৰৰ এলেকাত বনানীকৰণ কাৰ্যসূচী কৃষিবনৰ জৰিয়তে বা বৈজ্ঞানিকভাৱে শস্যৰ সৈতে উপযুক্ত গছৰ কৃষিকৰ্মৰ জৰিয়তে কৃষি প্ৰণালীৰ প্ৰাণোচ্ছল কৰি তোলাৰ লগতে ৰাজ্যখনৰ কৃষকসকলৰ উপাৰ্জনো বৃদ্ধি কৰিব৷
গছ নিৰ্ভৰ উদ্যোগ আৰু কাৰ্বন ক্ৰেডিট বিক্ৰীৰ প্ৰচাৰ-প্ৰসাৰ আৰু পৰিমাণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত টিঅ’এফআয়ে ভাৰতৰ ব্যক্তিগত খণ্ডক লাভান্বিত কৰিব৷ তদুপৰি ই নিয়োগ সৃষ্টিত সহায় কৰাৰ লগতে উপাৰ্জন বৃদ্ধি কৰিব আৰু অসমৰ পৰিয়ালসমূহক অতিমাৰীৰ সময়ত সন্মুখীন হোৱা অৰ্থনৈতিক সমস্যা আঁতৰ কৰাত সহায় কৰিব৷

এই পদক্ষেপৰ আৰম্ভণিৰ কথা ঘোষণা কৰি পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, “এগ্ৰ’ফৰেষ্ট্ৰী বা কৃষিবন বিদ্যা অসমৰ সভ্যতা-সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আৰু সেইবাবে অসমত টিঅ’এফআই কাৰ্যসূচী আৰম্ভ কৰি আমি অত্যন্ত আনন্দিত হৈছোঁ৷ এই কাৰ্যসূচীয়ে অসমৰ জনসাধাৰণক কৃষিবনৰ পৰম্পৰাগত প্ৰথাক আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰে নতুনকৈ গ্ৰহণ কৰাত সহায় কৰিব যাতে পৰিৱেশৰ যথাযথ ব্যৱহাৰেৰে উৎপাদনশীলতা আৰু লাভৰ পৰিমাণ বৃদ্ধিৰ কৰাটো সম্ভৱপৰ হয়৷”
ইউএছএআইডিৰ ভাৰতৰ উপ মিছন-সঞ্চালক কাৰেন ক্লিমৱস্কিয়ে এই কাৰ্যসূচীৰ গুৰুত্বৰ দিশত আলোকপাত কৰি কয়, “জলবায়ু সম্পৰ্কীয় সংকট তীব্ৰতৰ হৈ অহাৰ লগে লগে আমি ভাৰতৰ বনাঞ্চল আৰু তাৰ ওপৰত নিৰ্ভৰশীল সম্প্ৰদায়সমূহক সুৰক্ষা দিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ৷ ভাৰতৰ বনাঞ্চলৰ বাহিৰৰ এলেকাত গছ-গছনিক সংৰক্ষণ কৰাৰ এই পদক্ষেপৰ সহযাত্ৰী হৈ আমেৰিকা গৌৰৱান্বিত৷ বনানীকৰণ আৰু ক্লাইমেট-স্মাৰ্ট কৃষিকাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত আমেৰিকা-ভাৰত সহযোগিতাৰ দশকজোৰা সম্পৰ্কৰ আধাৰত এয়া সম্ভৱপৰ হৈ উঠিল৷ এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি বিশ্বৰ বাবে এক আৰ্হিস্বৰূপ হৈ পৰিব৷”
২০২২ চনৰ ছেপ্টেম্বৰত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ সচিব লীনা নন্দন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰ্গে ডি’এফেয়াৰ্ছ পেট্ৰিচিয়া লেচিনাৰ দ্বাৰা ভাৰতৰ বনাঞ্চলৰ বাহিৰৰ এলেকাত বনানীকৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল৷ এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ সাতখন ৰাজ্য- অসম, অন্ধ্ৰ প্ৰদেশ, হাৰিয়ানা, ওৰিশা, ৰাজস্থান, তামিলনাডু আৰু উত্তৰ প্ৰদেশক ২৫ নিযুত ডলাৰ পৰ্যন্ত আবণ্টন দিয়া হ’ব৷










