পেছাত এগৰাকী দন্ত্য চিকিৎসক গুৱাহাটীৰ ইস্তিয়াক আহমেদ খান (৪৭) বৰ উৎসুকতাৰে অসম ষ্টাৰ্টআপ মহোৎসৱ ২০২৩ৰ উদ্বোধনী অনুষ্ঠানৰ বাবে ৰৈ আছিল৷ অসম ষ্টাৰ্ট আপ নেষ্টৰ নিচেই ওচৰত থকা তেওঁৰ চেম্বাৰলৈ অহা-যোৱা কৰোঁতে তেওঁৰ চকুত পৰিল ষ্টাৰ্টআপ মহোৎসৱৰ এখন পোষ্টাৰ৷ তেতিয়াই তেওঁ মনতে স্থিৰ কৰিলে সপোনৰ ষ্টাৰ্টআপটো আৰম্ভ কৰাৰ পূৰ্বে তেওঁ এবাৰ এই ফেষ্টত অংশগ্ৰহণ কৰিব৷
“মই অসমৰপৰা গৈ মধ্য প্ৰাচ্যৰ দেশত এজন চিকিৎসক হিচাপে প্ৰায় ১০ বছৰ অতিবাহিত কৰি সেই দেশসমূহত সেউজীয়া গছ-গছনিৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ৷ অসমলৈ ঘূৰি আহি দেখিলোঁ যে ইয়াতো জলবায়ু এতিয়া সঘনাই পৰিৱৰ্তন হয়৷ সৰুৰেপৰাই গছ-গছনিৰ ওপৰত থকা এই আন্তৰিকতাক মই কিছু ব্যতিক্ৰমী চিন্তাৰে এটি নাৰ্ছাৰী পৰ্যায়ৰ ব্যৱসায়লৈ কিদৰে পৰিৱৰ্তন কৰিব পাৰোঁ, তাৰ সমাধান বিচাৰি ইয়াত পজ্ঞীয়ন কৰিছোঁ,” খানে অসম বাৰ্তাক কয়৷
অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ২৩ আগষ্টৰপৰা ২৫ আগষ্টলৈ গুৱাহাটীৰ আমবাৰীস্থিত অসম ষ্টাৰ্টআপ নেষ্টত অনুষ্ঠিত ‘ষ্টাৰ্টআপ মহোৎসৱ – ২০২৩’ৰ উদ্বোধন কৰি বিভাগীয় মন্ত্ৰী বিমল বড়াই কয়, “আমাৰ সকলো ষ্টাৰ্টআপ গোটক একত্ৰিত কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন তথা বিক্ৰীৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে এই ষ্টাৰ্টআপ মহোৎসৱ আয়োজন কৰা হৈছে৷ ব্যৱসায় সম্প্ৰসাৰণত সহায় কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বাহিৰৰ বিশিষ্ট উদ্যমীসকলৰ সৈতে আমাৰ ষ্টাৰ্টআপসমূহে মত-বিনিময়ৰ সুবিধা লাভ কৰিব৷”
তেওঁ লগতে কয়, “উদীয়মান উদ্যমীসকলে এনে ষ্টাৰ্টআপৰ বিষয়ে চিন্তা কৰা উচিত যিয়ে দৈনন্দিন জীৱনৰ লগতে গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ সমস্যা সমাধান কৰিব পাৰে৷ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আত্মনিৰ্ভৰ ভাৰত নীতিক সাৰোগত কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তত্ত্বাৱধানত ষ্টাৰ্টআপসমূহক উদগনি যোগোৱাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷” ৰাজ্যৰ যুৱক-যুৱতীসকলৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনী মানসিকতাক অধিক ফলপ্ৰসূ কৰি ষ্টাৰ্টআপ অসমে উদ্যোগ ক্ষেত্ৰখনলৈ উল্লেখনীয় বৰঙণি আগবঢ়াব বুলিও তেওঁ আশা ব্যক্ত কৰে৷
ৰাজ্যৰ ৩৫টা ষ্টাৰ্টআপে প্ৰত্যক্ষভাৱে প্ৰদৰ্শনীত অংশগ্ৰহণৰ লগতে মুঠ ১৫০টা ষ্টাৰ্টআপে বিভিন্নধৰণে এই মহোৎসৱত অংশগ্ৰহণ কৰে৷ তদুপৰি, বহু বিশেষজ্ঞৰ উপস্থিতিত একাধিক আলোচনা চক্ৰৰো আয়োজন কৰা হয়৷
ফেষ্টৰ সৈতে সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা এম্বী গ’ল্ড মনোৰমা ফুডছ্ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী মনালিছা বৰঠাকুৰে তেওঁৰ ষ্টাৰ্ট আপ যাত্ৰাত অসম ষ্টাৰ্ট আপ নেষ্টে আগবঢ়োৱা সহযোগিতাৰ বিষয়ে উল্লেখ কৰে৷ “আমি বিভিন্ন থলুৱা বীজ জাতীয় খাদ্যৰ এটি ব্যৱসায় আৰম্ভ কৰিছিলোঁ৷ এই খাদ্যসমূহৰ উন্নত গুণগত মানৰ বাবে ছুপাৰ ফুড হিচাপেও জনাজাত৷ আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ব্ৰেণ্ডেড ব্ৰাউন ৰাই্চ পেকেজিং কৰাৰ লগতে বিভিন্ন থলুৱা পুষ্টিকৰ খাদ্য ক’লা চাউল, ৰঙা চাউলৰ বজাৰকৰণ কৰিছোঁ৷”
বৰঠাকুৰে লগতে কয়, “আমাৰ ষ্টাৰ্টআপৰ উদ্দেশ্য হৈছে এক বহনক্ষম পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰাৰ লক্ষ্যৰে উৎপাদক আৰু বিক্ৰেতা সৃষ্টি কৰা৷ স্থানীয়ভাৱে উৎপাদিত স্বাস্থ্যসন্মত আৰু বিজ্ঞানসন্মত আহাৰৰ জৰিয়তে এক সুস্থ সমাজ গঢ়ি তোলাৰ আমাৰ লক্ষ্যক এক গতি দিছে অসম ষ্টাৰ্ট আপ দ্য নেষ্টে৷”
উদ্যমীসকলক উৎসাহিত কৰাৰ বাবে বেটাৰ প্লেচ ইণ্ডিয়াৰ চি ই অ’ প্ৰবীণ আগৰৱালা, দেশৰ এগৰাকী আগশাৰীৰ ষ্টাৰ্টআপ গুৰু টিএন হৰি আৰু বিনিয়োগকাৰী হৰিবালা সুব্ৰমনিয়ামে বিভিন্ন সত্ৰত উদ্যমীসকলক সম্বোধন কৰি সফলতাৰ মন্ত্ৰ আগবঢ়ায়৷
লগতে, তিনিদিনীয়া কাৰ্যসূচীত ষ্টাৰ্টআপ উদ্যোগৰ স্থিৰতা, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্টআপৰ বাবে বিভিন্ন আঁচনিৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় লঘু উদ্যোগ নিগম লিমিটেড (এনএছআইচি)ৰদ্বাৰা সজাগতা অধিৱেশন, বেংক অফ ইণ্ডিয়াৰদ্বাৰা ষ্টাৰ্টআপ পুঁজি সম্পৰ্কীয় সজাগতা সত্ৰ, বিনিয়োগকাৰীসকলৰ সৈতে উপস্থাপন সত্ৰ, বিশেষজ্ঞ সকলৰদ্বাৰা মাষ্টাৰক্লাছ অনুষ্ঠিত হৈছিল৷
ফেষ্টত অংশগ্ৰহণ কৰা ড্ৰোণ টেকছলেবৰ কো-ফাউণ্ডাৰ তথা অপাৰেশ্যনছ হেড দেৱজিৎ ডেকাই অসম বাৰ্তাক কয়, “অসম ষ্টাৰ্ট আপ দ্য নেষ্টে আমাক নেটৱৰ্কিং আৰু অন্যান্য আনুষংগিক সহায় লাভ কৰাত গুৰুত্বপূৰ্ণ সহযোগিতা আগবঢ়াইছে৷ যাৰ ফলত আমি এতিয়া ড্ৰোণ টেকন’লজী ব্যৱহাৰ কৰি কৃষি ভূমিত স্প্ৰে’, ভূমিৰ জৰীপ, ড্ৰোণ উৰুৱাৰ প্ৰশিক্ষণৰ লগতে এই সম্পৰ্কীয় বিভিন্ন কাম কৰি আত্মনিৰ্ভৰ হ’ব পাৰিছোঁ৷”
উদ্বোধনী অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিং, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ সঞ্চালক চিন্ময় ফুকনৰ লগতে বিভিন্ন বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷