আৰ্থিকভাৱে পিছপৰা লোকসকলৰ আশা-আকাংক্ষা পূৰণৰ লক্ষ্যৰে প্ৰস্তুত কৰা এইবাৰৰ ৰাজ্যিক বাজেটে অসমক শীৰ্ষস্থানীয় ৰাজ্যসমূহৰ ভিতৰত স্থান লাভ কৰাৰ সংকল্পক অব্যাহত ৰাখিছে। “সৰ্বাংগীণ বিকাশ”ৰ ধাৰণাক উজ্জীৱিত কৰা এইবাৰৰ বাজেটত প্ৰথমবাৰৰ বাবে কেইবাটাও বিষয় সন্নিৱিষ্ট কৰা হৈছে।
এই বাজেটৰ আটাইতকৈ গুৰুত্বপূর্ণ আৰু প্ৰথম পদক্ষেপ হৈছে কৃত্ৰিম উপগ্ৰহ ‘আছামছেট’ স্থাপন, যাৰ সহায়ত সামাজিক-আৰ্থিক দিশৰ বহু গুৰুত্বপূর্ণ প্রকল্পৰ বাস্তৱ ৰূপায়ণৰ বাবে নিৰ্ভৰযোগ্য তথ্য লাভ কৰাটো নিশ্চিত হ’ব। এই উপগ্ৰহ ইন-স্পেচ (ইণ্ডিয়ান নেশ্যনেল স্পেচ প্ৰমোশ্যন এণ্ড অথৰাইজেশ্যন চেণ্টাৰ)ৰ সহযোগত স্থাপন কৰা হ’ব। ইন-স্পেচে মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰে ব্যক্তিগত খণ্ডতো বিনিয়োগৰ বাবে কাম কৰি আহিছে।
বিত্ত মন্ত্ৰী অজন্তা নেওগে কয়,“আছামছেট শীৰ্ষক কৃত্ৰিক উপগ্ৰহই কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি উন্নয়ন, সীমান্ত সুৰক্ষা আৰু আৰক্ষীৰ কাৰ্যপদ্ধতিত সহায় কৰিব।”
তদুপৰি অসমৰ উন্নত ভৱিষ্যতৰ বাবে চৰকাৰে বহু প্ৰযুক্তিগত নীতি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে ১০০খন নিৰ্বাচিত গাঁৱত উচ্চ প্ৰযুক্তিসম্পন্ন কৃত্ৰিম বুদ্ধিমত্তা নিৰ্ভৰ কৃষি কেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তা আৰু ড্ৰ’নে তথ্য-চালিত সিদ্ধান্ত গ্ৰহণ, কৃষি উৎপাদন বৃদ্ধি আৰু বহনক্ষমতা ৰক্ষাৰ বাবে কৃষকক সহায় কৰিব। ইয়াৰ লগতে অসম প্ৰযুক্তি উপত্যকা শীৰ্ষক কৃত্ৰিম বুদ্ধিমত্তা আৰু সেউজ উদ্ভাৱন কেন্দ্ৰও স্থাপন কৰা হ’ব। কৌশলী বিনিয়োগ, উদ্যোগ অংশীদাৰিত্ব আৰু গৱেষণাৰ জৰিয়তে এই কেন্দ্ৰ গঢ়ি তোলা হ’ব।
আই আই টি, গুৱাহাটীৰ সহযোগত বিশেষ অৰ্থনৈতিক অঞ্চল (এছ ই জেদ) গঢ়ি তোলা হ’ব, যি গৱেষণা আৰু উদ্ভাৱনৰ কেন্দ্ৰবিন্দুত পৰিণত হ’ব।
বহনক্ষম আৰু পৰিৱেশ অনুকূল নগৰীয়া পৰিকল্পনাক বাস্তৱ ৰূপ দি ভাৰতৰ প্ৰথমখন বাঁহ স্মাৰ্ট চিটিও ৰাজ্যখনে গঢ়ি তোলাৰ পথত আগবাঢ়িছে। “সেউজ উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে ভৱিষ্যতে সকলো চৰকাৰী ভৱনত বাঁহভিত্তিক সামগ্ৰীক অগ্ৰাধিকাৰ দিয়া হ’ব। এই পদক্ষেপে অসমৰ বাঁহ উদ্যোগৰ প্ৰসাৰ কৰিব, নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু বহনক্ষম ভৱিষ্যতৰ ক্ষেত্ৰত ৰাজ্যখনক আগশাৰীৰ স্থান প্ৰদান কৰিব,” মন্ত্ৰীগৰাকীয়ে কয়।
তদুপৰি অসমে জৈৱ-প্লাষ্টিক ষ্টাৰ্ট-আপক প্ৰচাৰ কৰি ৰাজ্যখনক দেশৰ প্ৰথমটো সেউজ পেকেজিং ঔদ্যোগিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব। অজন্তা নেওগে কয়, “বহনক্ষম পেকেজিং সমাধানৰ গৱেষণা আৰু বিকাশত সহায় কৰিবলৈ এটা সেউজ উদ্ভাৱন পুঁজি আৰম্ভ কৰা হৈছে। আমি পৰিৱেশ অনুকূল উদ্যোগ বৃদ্ধিৰ বাবে কলৰ আঁহভিত্তিক পেকেজিঙৰ দৰে প্ৰযুক্তিত বিনিয়োগ কৰিছোঁ।”
চাইবাৰ অপৰাধ ৰোধেৰে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ দীপফেকৰ ভাবুকি আৰু চাইবাৰ নিৰীক্ষণ বৃদ্ধিৰ বাবে ভাৰতৰ প্ৰথম কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক লেব স্থাপনেৰে অসম আৰক্ষীক উৎসাহিত কৰা হ’ব।
আন এক অভিলাষী পৰিকল্পনাৰ ভিতৰত ৰাজ্য চৰকাৰে ফাঁচী বজাৰৰ পৰা গুৱাহাটী বিমানবন্দৰলৈ ৱাটাৰ মেট্ৰ’ৰ প্ৰস্তাৱ আগবঢ়াইছে যাতে বিমানবন্দৰৰ যাত্ৰীসকলে ফাঁচী বজাৰৰ ঘাটত প্ৰৱেশ কৰি নতুন বিমানবন্দৰৰ টাৰ্মিনেলত উপস্থিত হ’ব পাৰে।
অসমীয়া চিনেমা, সাহিত্য, লোকগীত, সংগীত, তথ্যচিত্ৰ সংৰক্ষণৰ প্ৰয়াসত ৰাজ্য চৰকাৰে প্ৰথম অ’টিটি প্লেটফৰ্ম মুকলি কৰিব। নেলকোৰ সৈতে অংশীদাৰিত্ব কৰি অসম চৰকাৰে এছ টি ই এম শিক্ষাৰ বিষয়ত গুৰুত্ব দি মাধ্যমিক বিদ্যালয়সমূহক ৰাজ্যিক বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত কৰিব, “ইয়াৰ জৰিয়তে কৃত্ৰিম বুদ্ধিমত্তা, ৰ’বটিক্স, ডিজাইন ইনোভেশ্যন, এডিটিভ মেনুফেকচাৰিং, ইন্টাৰনেট অৱ থিংছৰ দৰে পাঠ্যক্ৰম আগবঢ়োৱা হ’ব,” মন্ত্ৰীগৰাকীয়ে লগতে কয়।
অত্যাধুনিক কৰ্কট চিকিৎসাৰ উপলভ্যতা নিশ্চিত কৰাৰ বাবে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত এটা প্ৰ’টন থেৰাপী কেন্দ্ৰ স্থাপন কৰা হ’ব। ই হ’ব পূব ভাৰতৰ প্ৰথমটো আৰু দেশৰ ভিতৰত তৃতীয়টো প্ৰ’টন থেৰাপী কেন্দ্ৰ। এই যন্ত্ৰৰ বাবে প্ৰায় ৫৫০ কোটি টকা ব্যয় হ’ব, “অসমত আগশাৰীৰ হাস্পতালসমূহ স্থাপন কৰিবলৈ আমি সক্ৰিয় হৈ আছোঁ। ইয়াৰ বাবে ভূমি ৰেহাই মূল্যত দিয়াৰ লগতে আন কিছুমান সুবিধাও প্ৰদান কৰা হ’ব।”










