০৪ এপ্রিল ২০২৫
- অসমৰ খিলঞ্জীয়া সম্প্রদায় কোঁচ-ৰাজবংশীসকল। বিদেশীৰ অপমান লৈ থকা কোঁচ-ৰাজবংশীসকলৰ কাষত অসম চৰকাৰ থিয় হৈ বিদেশী ন্যায়াধিকৰণত চলি থকা কোঁচ-ৰাজবংশী লোকৰ গোচৰ তৎকালীনভাবে প্রত্যাহাৰ
– ইয়াৰ দ্বাৰা উপকৃত হ’ব ২৮,০০০ কোঁচ-ৰাজবংশী লোক
- স্বাস্থ্য সুৰক্ষা নিশ্চিতকৰণ- বিনামূলীয়া ঔষধ
– কেবিনেটৰ দ্বাৰা ‘বিনামূলীয়া ঔষধ সেৱাৰ বাবে ৰাজ্য চৰকাৰৰ বাজেট’ ৰ অধীনত ১৯০ কোটি টকাৰ অনুমোদন
- কেবিনেটৰ দ্বাৰা অসমত মানৱ সৰবৰাহ আৰু ডাইনী হত্যা সমাপ্তিৰ বাবে এক ৰাজ্যিক নীতি জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন
– মহিলা আৰু শিশু উন্নয়ন বিভাগ এই নীতিৰ বাবে সমন্বয়কাৰী বিভাগ হিচাপে বিবেচিত হ’ব। ইয়াৰ লক্ষ্য হৈছে মানৱ সৰবৰাহ আৰু ডাইনী হত্যা প্রতিহত কৰা তথা যুঁজ দিয়াৰ লগতে ভুক্তভোগীসকলক সুৰক্ষা তথা সহায় আগবঢ়োৱা
- ৰাজ্যিক কেবিনেটে নগৰাঞ্চলত জলবায়ুকেন্দ্রিক কার্যকলাপ বৃদ্ধি কৰিবলৈ আৰু নীতিগত হস্তক্ষেপৰ পৰামৰ্শ আৰু কাৰ্যকৰীকৰণৰ বাবে অসম নগৰ জলবায়ু কেন্দ্র স্থাপনত অনুমোদন
- প্রায় ১,০০০ কৰ্মৰত মহিলাৰ বাবে আনুমানিক ১৪২ কোটি টকা ব্যয়েৰে জাগীৰোডত এক অত্যাধুনিক হোস্টেল নির্মাণত প্রশাসনিক অনুমোদন
- ৭৫০ কোটি টকা ব্যয়েৰে ৫০০ চাহ বাগিচাত নিৰ্মাণ কৰা “মহাপ্রভু জগন্নাথ সামুহিক ভবন তথা দক্ষতা কেন্দ্ৰ”ৰ তত্ত্বাৱধান আৰু সঠিক কার্যকলাপ সুনিশ্চিতকৰণৰ বাবে এখন ব্যৱস্থাপনা সমিতি গঠন কৰা হ’ব। মাননীয় বিধায়কৰ অধ্যক্ষতাৰে অন্যান্য অংশীদাৰসকলৰ দ্বাৰা এই সমিতিখন গঠন কৰা হ’ব
- কেবিনেটে সকলো ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে মৰগীয়া বানচ/মৰগীয়া সাহায্যৰ হাৰ প্ৰাথমিক বেতন/পেঞ্চনৰ ৫৩% ৰ পৰা ৫৫% লৈ বৃদ্ধি কৰিবলৈ অনুমোদন জনাইছে। এই দুই শতাংশ বৃদ্ধি ১ জানুৱাৰী ২০২৫ৰ পৰা কাৰ্যকৰী হ’ব
- ব’হাগৰ পহিলা দিনটোৰ পৰা সকলো চৰকাৰী নির্দেশনা আৰু কার্যালয় স্মাৰকপত্ৰ আদি অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে জাৰি কৰাত কেবিনেটৰ অনুমোদন
– অৱশ্যে বৰাক উপত্যকাত ইংৰাজী আৰু অসমীয়াৰ লগতে বাংলা ভাষাও ব্যৱহাৰ কৰা হ’ব; আৰু বি টি আৰত ইংৰাজী আৰু অসমীয়াৰ উপৰি বড়ো ভাষা ব্যৱহাৰ কৰা হ’ব
– ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শ অনুসৰি এই সিদ্ধান্ত গ্রহণ
আৰম্ভণিতে বিভাগসমূহক অনুবাদৰ বাবে ‘ভাষিণী’ এপ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্রদান
- বান নিৰীক্ষণ আৰু প্রশমন কাৰ্যকলাপৰ বাবে এক সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগী কাৰ্যকৰীৰ বাবে কেবিনেটে স্থানীয় মথাউৰি নিৰীক্ষণ আৰু বান প্রস্তুতি সমিতি গঠনৰ বাবে অনুমোদন জনাইছে
– এই সমিতি জিলা আৰু সম-জিলা পৰ্যায়ত গঠন কৰা হ’ব
– সমিতিসমূহত জল সম্পদ বিভাগৰ বিষয়া আৰু ১০-১৫গৰাকী এই ক্ষেত্ৰৰ বিশেষ দক্ষতাসম্পন্ন স্বেচ্ছাসেৱক অন্তর্ভুক্ত থাকিব। স্বেচ্ছাসেৱকসকলক উপযুক্ত সামগ্রী যেনে- ৰেইনকোট, গাম বুট আৰু টর্চলাইট আদি প্ৰদান কৰা হ’ব
– সমিতিসমূহে স্থানীয় কর্তৃপক্ষৰ সৈতে সকলো সময়তে মথাউৰি নিৰীক্ষণ কৰিব
১২ এপ্রিল ২০২৫
- নাগৰিকসকলক কার্যকৰী প্রশাসন ব্যৱস্থা আৰু উন্নত সেবা প্রদান নিশ্চিত কৰাৰ বাবে কেবিনেটে ১৫ আগষ্ট ২০২৫ৰ ভিতৰত আৰু ১০খন সম-জিলা কার্যকৰীকৰণত অনুমোদন জনাইছে
বকো-ছয়গাঁও
পলাশবাৰী
বৰছলা
বঙাপৰা
মাকুম
টীয়ক
মৰিয়নি
ধলাই
ডিগবৈ
দুধনৈ
- আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত ৰাজ্যৰ বিভিন্ন প্রান্তত ১৬টা অত্যাধুনিক কর্কট সেৱা কেন্দ্র স্থাপন কৰা হৈছে, যাৰ ৯টা ইতিমধ্যে সম্পূর্ণ হৈছে
– অন্যান্য ৭টা কেন্দ্ৰৰ কাম আগুৱাই নিবলৈ কেবিনেটে এচি চি এফৰ বাবে ২৫০ কোটি টকাৰ বিত্তীয় অনুমোদন জনাইছে
- বোকাখাত, ডিব্ৰুগড়, যোৰহাট আৰু বজালীত ৪টা দুগ্ধ সংসাধন গোট কার্যকৰী কৰাৰ বাবে কেবিনেটে দুগ্ধ উন্নয়ন বিভাগৰ অধীনত এই আন্তঃগাঁথনিসমূহ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগ উত্তৰ-পূব দুগ্ধ আৰু খাদ্য লিমিটেডক হস্তান্তৰ কৰিবলৈ অনুমোদন জনাইছে









