৫ মে’ ২০২৫
গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
- শ্বিলং-শিলচৰ গ্ৰীনফিল্ড হাই-স্পীড কৰিড’ৰৰ উন্নয়নৰ বাবে ২২২,৮৬৪ কোটি ব্যয়ত অনুমোদন জনোৱাৰ বাবে অসম কেবিনেটে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় কেবিনেটক কৃতজ্ঞতা জ্ঞাপন কৰিছে
- ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে জীৱন ধাৰা আৰু ঘৰুৱা-এ শ্ৰেণীৰ উপভোক্তাক শুল্ক ৰেহাই প্ৰদান কৰাৰ বাবে এ পি ডি চি এললৈ ৩০০ কোটি টকাৰ নিৰ্ধাৰিত ৰাজসাহায্য
- কেবিনেটে লালা নগৰৰ প্ৰতিটো পৰিয়ালক নিৰৱচ্ছিন্ন পানী যোগান ধৰাৰ বাবে হাইলাকান্দি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত লালা নগৰ পানী যোগান আঁচনিত অনুমোদন জনাইছে
- যিহেতু অসম লোকসেৱাৰ অধিকাৰ সেৱা এক সুস্থিৰ প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত হৈ পৰিছে, সেয়ে ৩৬২টা ৰাজহুৱা সুবিধা কেন্দ্ৰ বর্তমান অপ্রয়োজনীয় হৈ পৰিছে। কেবিনেটে ৭৪৬গৰাকী ৰাজহুৱা সুবিধা কেন্দ্ৰৰ অপাৰেটৰসকলক ৫০,০০০ টকাৰ এককালীন সাহায্য প্রদান কৰিব
- কেবিনেটে জল মিত্রসকলক স্ব-জল মিত্ৰৰ ৰিৱেণ্ডেড ভূমিকাত অন্তর্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে। তেওঁলোকক আই আই এইচ এল নিৰীক্ষণ আৰু প্ৰমাণীকৰণ, আৱৰ্জনা পৃথকীকৰণ, অনাময় কার্যকলাপ আদিৰ বিষয়ে সজাগতা বৃদ্ধিত জড়িত কৰোৱা হ’ব
- কেবিনেটৰ দ্বাৰা কৰুণ পেহেলগাম দুর্ঘটনাত নিহতসকলৰ নিকটাত্মীয়ক ৫ লাখ টকাৰ অনুদান প্রদান কৰিবলৈ অনুমোদন
- এডভান্টেজ আছাম-২.০-ৰ সময়ত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা ১২টা কোম্পানীক অসম উদ্যোগ আৰু বিনিয়োগ নীতি ২০১৯-ৰ অধীনত অনুকূলিত উদগনিত কেবিনেটে অনুমোদন জনাইছে
- কেবিনেটে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ৰ অধীনত এককালীন বিশেষ ব্যৱস্থা হিচাপে অগ্রাধিকাৰভিত্তিত নলবাৰী জিলাৰ ৩৪৭গৰাকী অ’ বি বি শিক্ষকক বিবেচনাত অনুমোদন জনাইছে
- কেবিনেটে অসম লোকসেৱা আয়োগৰ জৰিয়তে বাছনি কৰিবলগা যিকোনো স্বীকৃত প্রতিষ্ঠানৰ পৰা চেৰিকালচাৰত বিজ্ঞান স্নাতকৰ ন্যূনতম অর্হতা থকা প্ৰাৰ্থীৰ পৰা ১০০% সম্প্ৰসাৰণ বিষয়াৰ প্ৰত্যক্ষ নিযুক্তি প্রদান কৰাৰ বাবে অসম ৰেচম কাৰিকৰী (ৰাজপত্ৰিত) সেৱা বিধি, ২০১৩ সংশোধনীত অনুমোদন জনাইছে
- কেবিনেটে জলসম্পদ বিভাগ আৰু পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মাজত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু উপনদীসমূহৰ ওপৰত নতুন মথাউৰি নিৰ্মাণৰ বাবে এক সম্মিলন আর্হিত অনুমোদন জনাইছে
- কেবিনেটে ২০৩৫ চনৰ ভিতৰত ৰাজ্যখনক শক্তিৰ উপলব্ধতাৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল কৰিবলৈ অসম তাপ বিদ্যুৎ উৎপাদন প্ৰচাৰ নীতি-২০২৫ত অনুমোদন জনাইছে
১০ মে’ ২০২৫
- ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপন কৰিবলৈ চৰকাৰে কৰা প্ৰয়াসৰ লগত সংগতি ৰাখি অসম কেবিনেটে ডিব্ৰুগড় বিমানবন্দৰক বৰেণ্য ব্যক্তিজনাৰ নামত উছৰ্গা কৰিবলৈ অনুমোদন জনায়
- এটি কলি, দুটি পাত
– অসম চাহ বাগিচা কৰ্মীৰ আৰ্থিক সহায়তা আঁচনি, ২০২৫ আৰম্ভ কৰিবলৈ কেবিনেটৰ অনুমতি প্রদান
– অসম বাজেট ২০২৫ৰ প্ৰতিশ্রুতি অনুসৰি অসমৰ চাহৰ ২০০ বছৰ উদযাপন উপলক্ষে চাহ বাগিচাৰ কৰ্মীৰ প্ৰতি কৃতজ্ঞতা হিচাপে প্রায় ৭ লাখ কর্মচাৰীক এককালীনভাৱে ৫,০০০ টকাৰ আৰ্থিক সহায়তা প্রদান কৰা হ’ব
- কেবিনেটে ২০২৫-২৬ বৰ্ষৰ বাবে আপোন বাহন আঁচনিৰ কভাৰেজ সম্প্ৰসাৰণত অনুমোদন জনাইছে। ৬০ বছৰ বয়সলৈকে অধিসূচিত সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ ঠিকাভিত্তিক কর্মচাৰীসকল লাভান্বিত হ’ব
- কেবিনেটে ১৩,৮২২ মাষ্টাৰ ৰ’ল, সাময়িক আৰু ফিক্সড পে’ কর্মচাৰীসকলক গ্রহণযোগ্য ঘৰ ভাৰা ভাত্তাৰ ৫০% প্ৰদান কৰাৰ প্রস্তাৱক অনুমোদন জনাইছে
- কেবিনেটে অসম সমবায় সমিতি আইন, ২০০৭ৰ অধীনত সমবায় সমিতিসমূহৰ পঞ্জীয়ন মাচুলৰ হাৰ প্রস্তাৱিত সমবায়ৰ অনুমোদিত অংশ মূলধনৰ ১%ৰ পৰা ০.৫%লৈ হ্ৰাসৰ প্ৰস্তাৱক মঞ্জুৰ কৰিছে
- কেবিনেটে ২০২৫ চনৰ অক্টোবৰৰ পৰা আৰম্ভণিৰে স্নাতক আৰু গৱেষণা কৰি থকা শিক্ষার্থীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি ৰূপায়ণত অনুমোদন জনাইছে
- কেবিনেটে Assam Electronics Components Manufacturing Top-Up Scheme, ২০২৫ ত অনুমোদন জনাইছে, যাৰ দ্বাৰা ভাৰত চৰকাৰৰ ইলেক্ট্রনিক্স উপাদান নিৰ্মাণ আঁচনিৰ অধীনত আগবঢ়োৱা উদগনিৰ ওপৰত ৬০% অতিৰিক্তকৈ প্ৰদান কৰা হ’ব
- কেবিনেটে অসম পাম্পযুক্ত সঞ্চয় শক্তি উৎপাদন প্ৰসাৰ নীতি, ২০২৫ক অনুমোদন জনাইছে
- কেবিনেটে ৬০ বছৰ বয়সলৈকে অধিসূচিত সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক আপোন ঘৰ আঁচনিৰ ৩০ লাখ টকালৈকে ঋণৰ সীমা সম্প্ৰসাৰণত অনুমোদন জনাইছে
১৬ মে’ ২০২৫
- ৰাজ্যখনৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰখনক অধিক প্রাণৱন্ত কৰিবলৈ কেবিনেটে ৰাণীস্থিত ফার্ম মেনেজমেন্ট প্রতিষ্ঠানৰ ২০ বিঘা ভূমি আমুলক লীজত দিয়াৰ বাবে অনুমোদন জনাইছে
- কেবিনেটে ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখত নির্বাচিত জিলাত অক্টোবৰ ২০২৫ৰ পৰা আৰু বাকী সকলো জিলাতে নৱেম্বৰ ২০২৫ৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীক বিতৰণ কৰিবলৈ অনুমোদন জনাইছে
- অসমত ব্যক্তিগত খণ্ডৰ বিনিয়োগক উৎসাহিত কৰি নিয়োগৰ সুযোগ সৃষ্টি কৰিবলৈ কেবিনেটে আইআইপিএৰ অধীনত ২টাকৈ প্ৰস্তাৱক অনুমোদন জনাইছে
— মুঠ বিনিয়োগ ৪৫৭.৯৮ কোটি
— নিয়োগৰ সুযোগ সৃষ্টি প্রায় ১০০০
- কেবিনেটত ড° বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনত ১,৩১৩ অংশকালীন আই চি টি শিক্ষকৰ মাহিলি মাননী অক্টোবৰ ২০২৫ৰ পৰা ২০,০০০ টকালৈ বৃদ্ধিত অনুমোদন
– কেবিনেটে তেওঁলোকক ৬০ বছৰ বয়সলৈ সেৱাৰ নিশ্চয়তা বৃদ্ধি কৰাৰ অনুমোদন দিছে, যাৰ জৰিয়তে তেওঁলোক মুখ্যমন্ত্রী লোক সেৱক আৰোগ্য যোজনা, ‘আপোন ঘৰ’ আৰু ‘আপোন বাহন’ আঁচনিৰ প্ৰাপ্তিৰ বাবেও বিবেচিত হ’ব
২১ মে’ ২০২৫
- কনচাৰ্ট আৰু সংগীত উৎসৱ আয়োজন কৰিব পৰাকৈ কেবিনেটে ‘অসমৰ কনচাৰ্ট পর্যটনৰ অর্থনীতি’ত অনুমোদন জনাইছে
- কেবিনেটে ‘অসম সৌৰ শক্তি উৎপাদন প্ৰচাৰ নীতি ২০২৫’ত অনুমোদন কৰিছে, যাৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত ৩৫০০ মেগাৱাট সৌৰ ক্ষমতা উৎপাদন কৰা তথা ৰাজ্যত প্ৰায় ১৫,০০০ নিয়োগ সৃষ্টি কৰা
- লাচিত বৰফুকন আৰক্ষী একাডেমীৰ উন্নয়নৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেবিনেটে ২২৯.৪১ কোটি টকা ব্যয়ৰ প্ৰশাসনিক অনুমোদন আগবঢ়াইছে (আনুমানিক ২ বছৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য)
- কেবিনেটে ২৮৪.০৩ কোটি টকা ব্যয়সাপেক্ষে ডিব্রুগড়ত নতুন সংসদ পৰিসৰ আৰু বিধায়ক আৱাস নির্মাণত অনুমোদন জনাইছে
- খনিকৰ ক্ৰীড়া পৰিসৰ উন্নীতকৰণৰ বাবে কেবিনেটে ২০৯.১৩ কোটি টকা ব্যয়েৰে মূল ষ্টেডিয়ামৰ আসনৰ ক্ষমতা ৫,০০০ৰ পৰা ৩৫,০০০ আসনলৈ বৃদ্ধি কৰাৰ অনুমোদন প্রদান কৰিছে
- কেবিনেটে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজকৰ অধীনত ৪৭,৩০৬.৩৩ হেক্টৰ এলেকা চূড়ান্ত অধিসূচনাৰ প্ৰস্তাৱ অনুমোদন প্রদান কৰিছে
- কেবিনেটে নুমলীগড় ৰিফাইনেৰী লিমিটেড (এন আৰ এল)ত অসম চৰকাৰৰ অনুমোদিত ইকুইটী বিনিয়োগৰ চতুৰ্থ আৰু চূড়ান্ত পৰ্যায়ৰ বাবে ২০৫.৭২৫ কোটি টকা মুকলিত অনুমোদন জনায়
- কেবিনেটে ১ অক্টোবৰ ২০২৫ ৰ পৰা সমূহ এ টি চি এল বাগানত অধিসূচিত সম্পূৰ্ণ মজুৰি পৰিশোধ ৰূপায়ণত অনুমোদন জনাইছে
২৮ মে’ ২০২৫
- কেবিনেটে অসমৰ স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলৰ মূল বাসিন্দা আৰু আদিবাসী ভাৰতীয় নাগৰিকসকলক অস্ত্র অনুজ্ঞাপত্ৰ প্ৰদানৰ সেৱাৰ বাবে এখন বিশেষ আঁচনিত অনুমোদন জনাইছে
- কেবিনেটে টাটা টেকন’লজী লিমিটেডৰ সহযোগত ৩৪ পলিটেকনিক আৰু ৪৩ চৰকাৰী আই টি আইক উৎকর্ষ কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে ২৫০ কোটি টকা সাহায্য বিচৰাত অনুমোদন জনাইছে
- অসমৰ চিৰনমস্য ব্যক্তিসকলৰ সন্মানার্থে কেবিনেটে তলত দিয়া ধৰণে প্ৰতিষ্ঠানৰ নামকৰণত অনুমোদন জনাইছে
— মঙলদৈ স্টেডিয়ামক ৰজা ধৰ্মনাৰায়ণ স্টেডিয়াম হিচাপে নামকৰণ
—– সৰুসজাই ক্রীড়া পৰিসৰক অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া পৰিসৰ হিচাপে নামকৰণ
—- ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্রতিষ্ঠানক গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্রতিষ্ঠান, অসম হিচাপে নামকৰণ
\
- পশ্চিম কাৰ্বি আংলঙত ৯০০ মেগাৱাট অফ-স্ট্রিম পাম্পড ষ্ট’ৰেজ প্রজেক্টৰ উন্নয়নৰ বাবে এ পি ডি চি এলৰ দ্বাৰা গ্ৰীনকো এনার্জীক ভূমি আবণ্টন দিয়াত কেবিনেটৰ অনুমোদন
- কেবিনেটে ৰাষ্ট্ৰীয় ভোজ্য তেল-তৈল খেজুৰ অভিযানৰ অধীনত তৈল খেজুৰৰ উৎপাদনৰ বাবে উপযুক্ত শ্ৰেণীৰ ভূমিৰ শিথিলতাত অনুমোদন জনাইছে









