এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৩ জানুৱাৰী ২০২৫ত কেইবাটাও কামৰ শুভাৰম্ভ কৰে। ৰে’ল, পথ, তথ্য আৰু প্ৰযুক্তি সংযোগৰ ক্ষেত্ৰখনত এই পদক্ষেপসমূহ হৈছে উন্নয়নৰ প্ৰতীক।
অসমৰ ৰে’ল সেৱাত নতুন সংযোজনেৰে তিনিখন ৰে’লৰ ফ্লেগ অফ্ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নিউ বঙাইগাঁও-গুৱাহাটী পেছেঞ্জাৰ ৰে’ল, গুৱাহাটী-উত্তৰ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ আৰু তিনিচুকীয়া-নাহৰলগুণ এক্সপ্ৰেছৰ শুভাৰম্ভণি কৰা হয়। তদুপৰি তেতেলীয়াত এক নতুন পথ উৰণ সেতু মুকলি কৰা হয়।
ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰত ১০ কিল’ৱাটৰ নতুন এফএম ট্ৰান্সমিটাৰৰ শুভ উদ্বোধন কৰে। ইয়াৰ দ্বাৰা কোকৰাঝাৰবাসীৰ লগতে সমীপৱৰ্তী কেইবাখনো জিলাৰ শ্ৰোতাসকলেও অনুষ্ঠান শুনিব পাৰিব। তেখেতে নেইলেট বিশ্ববিদ্যালয়ৰ (NIELIT) নিৰ্মাণকাৰ্যৰো শুভাৰম্ভণি কৰে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে টাটা ইলেক্ট্ৰ’নিক্স প্ৰাইভেট লিমিটেড আৰু নেইলেটৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। এই সময়ছোৱাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো তেখেতক সংগ দিয়ে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উক্ত দিনাই জাগীৰোডত নিৰ্মীয়মাণ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ লগতে অসম চৰকাৰে নিৰ্মাণ কৰিবলগীয়া পানী যোগান আঁচনিৰ ভূমি পূজনত তেখেতে অংশগ্ৰহণ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উত্তৰ-পূৰ্বাঞ্চলক দেশৰ বিকাশ আৰু প্ৰগতিৰ এক নতুন ইঞ্জিন বুলি উল্লেখ কৰে। তেখেতে কয়, “প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰতৰ শক্তিশালী ৰূপটো সমগ্ৰ বিশ্বৰ সন্মুখত দাঙি ধৰাৰ লগতে ভাৰতক ইলেক্ট্ৰনিক্স, মেনুফেক্সাৰিং আদিৰ এক বৃহৎ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে।”

কোকৰাঝাৰৰ এফএম ট্ৰান্সমিটাৰৰ প্ৰসংগক্ৰমে অশ্বিনী বৈষ্ণৱে কয়, “বড়ো ভাই-ভনীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি আমি এফএম ট্ৰান্সমিটাৰৰ শুভাৰম্ভণি কৰিলোঁ। এতিয়াৰ পৰা আপোনালোকে এফএম ৰেডিঅ’ নিতৌ শুনিব পাৰিব।”
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সৈতে সংগতি ৰাখি ব্যাখ্যা কৰে, “অসমৰ প্ৰতিভাবান নৱপ্ৰজন্মক সকলো ঠাইতে গৌৰৱময় কাম কৰা দেখিবলৈ পাব। সেইকাৰণেই তথ্য-প্ৰযুক্তিৰ সৈতে জড়িত বিনিয়োগ অসমত হোৱাটো অত্যন্ত জৰুৰী।”
জাগীৰোডত স্থাপন হ’বলগীয়া নেইলেট বিশ্ববিদ্যালয়খনে জ্ঞান আৰু বিজ্ঞানৰ জগতখনত নতুন সূৰুয উদিত কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে। তেখেতে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগীক সাকাৰ ৰূপ প্ৰদান কৰি আমি অসমত এনে এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিবলৈ গৈ আছোঁ, যিখন বিশ্ববিদ্যালয়ে আমাৰ ল’ৰা-ছোৱালীক ছেমিকণ্ডাক্টৰৰ বিষয়ে শিকাব, কোৱাণ্টাম ফিজিক্সৰ বিষয়ে শিক্ষাদান কৰিব, আমাৰ শিক্ষাৰ্থীক এ আইৰ বিষয়ে শিকাব৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “এতিয়া বৃহৎ স্বপ্ন সাকাৰ কৰাৰ সময় সমাগত। জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্রকল্পৰ সম্পূর্ণকৰণে কঢ়িয়াব নতুন আশাৰ বতৰা। আপোনালোকক জনাবলৈ পাই ভাল পাম যে অসমত নির্মিত ছেমিকণ্ডাক্টৰ চিপছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰগাড়ীত ব্যৱহৃত হ’ব।”
“প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ ২০৪৭ চনৰ বিকশিত ভাৰতৰ সপোনক সাৰ্থক কৰাৰ মূল আধাৰ হৈছে ডিজিটেল বিপ্লৱৰ সূচনা। আমি অসমবাসীয়ে নিজকে সৌভাগ্যবান বুলি অনুভৱ কৰিছোঁ, কাৰণ জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প ৰূপায়ণৰ কাম চলি আছে। যুৱপ্ৰজন্মই যাতে ইয়াৰ বাবে দক্ষতা বিকাশৰ জ্ঞান আহৰণ কৰিব পাৰে, তাৰ বাবে নেইলেট বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰো শুভাৰম্ভ কৰা হ’ল,” মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত সদৰী কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে যাতে দেশ-বিদেশৰ ছেমিকণ্ডাক্টৰ, প্ৰযুক্তিৰ ক্ষেত্ৰখনত কাম কৰি জিলিকি উঠিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম তথা দেশখনক আগুৱাই লৈ যাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
ছেমিকণ্ডাক্টৰ প্ৰকল্পত প্ৰায় ২৯ হাজাৰ লোকে নিযুক্তিৰ সুবিধা লাভ কৰিব বুলি অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমত ব্যক্ত কৰে আৰু এই প্ৰকল্পই ৰাজ্যখনৰ ঔদ্যোগিক বিকাশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি সদৰী কৰে। তেখেতে
নেইলেট বিশ্ববিদ্যালয় স্থাপন সন্দৰ্ভত আনন্দ প্ৰকাশ কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰে, “মোৰ সমষ্টি জাগীৰোডত স্থাপন হ’বলগীয়া নেইলেট (NIELIT) বিশ্ববিদ্যালয়ে এক নতুন আশা সঞ্চাৰ কৰাৰ লগতে অসমৰ প্ৰযুক্তি শিক্ষাৰ ক্ষেত্ৰখনত নতুন দিগন্তৰ সূচনা কৰিব৷”
এই উন্নয়নমূলক প্ৰকল্পসমূহৰ দ্বাৰা অসমে ডিজিটেল ভাৰত গঢ়াত অৰিহণা যোগাব আৰু ভৱিষ্যতে শক্তিশালী আন্তঃগাঁথনিৰে আৰ্থ-সামাজিক দিশটো সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।











