অসমৰ কৃষি খণ্ডৰ বাবে শেহতীয়াকৈ আহিছে এক সফলতাৰ বতৰা। ২০২৪-২৫ খাৰিফ বিপণন ঋতুৰ প্ৰথম চক্ৰত অসমে ধান ক্ৰয় লক্ষ্যৰ ১০০% পূৰণ কৰিলে। ৬ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ সৈতে অসমে এই লক্ষ্য প্ৰাপ্তি কৰিলে। ১৬৯টা সক্ৰিয় ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে কৃষক ৰাইজৰ পৰা ধান সংগ্ৰহ কৰা হয়।
কেন্দ্ৰীয় চৰকাৰৰ ন্যূনতম সমৰ্থন মূল্য ২,৩০০ টকা (প্ৰতি কুইণ্টল)ৰ লগতে ৰাজ্য চৰকাৰৰ অতিৰিক্ত ২৫০ টকাকৈ প্ৰদানেৰে কৃষকসকলক ধান বিক্ৰীৰ বাবে মুঠ ২,৫৫০ টকা আগবঢ়োৱা হয়। অসম খাদ্য আৰু অসামৰিক যোগান নিগম, ভাৰতীয় খাদ্য নিগম, নাফেদ আৰু অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ জৰিয়তে পঞ্জীয়নভুক্ত কৃষকসকলে সংশ্লিষ্ট ক্ৰয় কেন্দ্ৰসমূহত ধান বিক্ৰী কৰিছে।
এই সফলতা প্ৰাপ্তিৰ ক্ষণত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰে, “আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ ৰাজ্যৰ কৃষকৰ পৰা আমি উচিত মূল্যত ধান ক্ৰয় কৰিম আৰু সেয়া আমি বাস্তৱলৈ ৰূপান্তৰ কৰিলোঁ৷ ইতিহাস সৃষ্টি কৰি ২০২৪-২৫ৰ খাৰিফ বিপণন ঋতুৰ প্ৰথম চক্ৰত অসমে ধান ক্ৰয় কৰিলে ৬ লাখ মেট্ৰিক টন৷ অৰ্থাৎ আমি ধান ক্ৰয়ৰ লক্ষ্যৰ ১০০% স্পৰ্শ কৰিলোঁ৷ আমি কৃষকসকললৈ ন্যূনতম সমৰ্থন মূল্য হিচাপে ১,৩৮০ কোটি টকা মুকলি কৰিছোঁ৷ এয়া আমাৰ দায়বদ্ধতাৰ বাস্তৱ প্ৰতিফলন৷”
খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ধান ক্ৰয়ৰ খতিয়ান ল’বলৈ বিভিন্ন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন কৰি ইয়াৰ স্থিতিৰ বিষয়ে বুজ লয়। তদুপৰি অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধ্যক্ষ সঞ্জয় কিশানেও এই দিশত অৰিহণা যোগাই ধান ক্ৰয় প্ৰক্ৰিয়া যাতে সুচাৰুৰূপে সম্পন্ন হয়, সেই বিষয়টো নিশ্চিত কৰিছে। তেখেতে ১৪ জুনত ফে’চবুকত প্ৰকাশ কৰা অনুসৰি তেখেতৰ সমষ্টি তিনিচুকীয়াৰ মাকুম ধান ক্ৰয় কেন্দ্ৰই নিৰ্ধাৰিত লক্ষ্যৰ ৯৩.২১% পূৰণ কৰিছে।
গতিকে, এই সফলতাৰ প্ৰাপ্তিৰ বাবে মুখ্যমন্ত্ৰী প্ৰমুখ্যে বিভাগীয় মন্ত্ৰী, বিষয়া-কৰ্মচাৰীসকল প্ৰশংসাৰ পাত্ৰ।










