গুৱাহাটী, অসম বাৰ্তা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ সংযোগক নতুন গতি প্ৰদান কৰিবলৈ আন্তৰিক প্ৰয়াস অব্যাহত ৰাখিছে। কেন্দ্ৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত থকা ব্যৱধান নাইকিয়া কৰাৰ বাবে তেওঁৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলস্বৰূপে ড° হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱৰে পৰা ৩৩গৰাকী কেন্দ্ৰীয় মন্ত্ৰী অসম ভ্ৰমণলৈ আহিছে। বৰ্তমানৰ চৰকাৰখনৰ এবছৰ পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত যোৱা এপ্ৰিল মাহৰ শেষ সপ্তাহত প্ৰধানমন্ত্ৰীয়ে নিজেই ৰাজ্যখন ভ্ৰমণ কৰি কেইবাখনো কৰ্কটৰোগ চিকিৎসালয় অসমৰ জনগণলৈ উৎসৰ্গিত কৰিছে, আৰু ডিফুত ৰাজ্যখনলৈ কেন্দ্ৰই আগবঢ়োৱা সহযোগিতাৰ কথা উল্লেখ কৰে। প্ৰতি সপ্তাহে কেন্দ্ৰীয় মন্ত্ৰী আৰু বিষয়াসকলে উত্তৰ-পূব ভ্ৰমণলৈ আহি স্পষ্টবাৰ্তা দিছে যে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ সদায়ে দায়বদ্ধ।
জল জীৱন মিছন, প্ৰধানমন্ত্ৰী আৱাস যোজনা, অটল অমৃত অভিযান, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, প্ৰধানমন্ত্ৰী পোষণ, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী জন ধন যোজনা, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰু প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ দৰে অভিলাষী আঁচনিসমূহে ৰজ্যৰ চুকে-কোণে বসবাস কৰা জনসাধাৰণক উপকৃত কৰিছে।
ফলস্বৰূপে এসময়ত কেন্দ্ৰই উপেক্ষাৰ দৃষ্টিৰে চোৱা এই অঞ্চলটোত আজি তাৰ সম্পূৰ্ণ বিপৰীত ছবিখনে প্ৰাণ পাই উঠিছে।মন্ত্ৰী আমোলাসকলৰ ভ্ৰমণকালত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত ৰূপায়িত হোৱা আঁচনিসমূহৰ পৰ্যালোচনা কৰাৰ লগতে বাস্তৱ ছবিখন দাঙি ধৰা হয়।
“প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূব ভাৰতক ‘অষ্টলক্ষ্মী’ হিচাপে অভিহিত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ জনগণক উৎসাহিত কৰি তুলিছে”, নাম প্ৰকাশত অনিচ্ছুক এগৰাকী শিক্ষকে কয়। লগতে তেখেতে জনায়, “আমি আজি এই অঞ্চলটিৰ প্ৰকৃত উন্নয়নৰ সাক্ষী হ’ব পাৰিছোঁ। অসমে ব্ৰহ্মপুত্ৰৰ ওপৰত আঠখন নতুন দলং লাভ কৰিছে, যাৰ ভিতৰত উল্লেখযোগ্য হৈছে বহু প্ৰতীক্ষিত ভূপেন হাজৰিকা সেতু (ধলা-শদিয়া দলং) আৰু বগীবিল দলং।”
অসমৰ প্ৰতি থকা গুৰুত্বক অধিক সুদৃঢ় কৰি গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্য চৰকাৰৰ কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে হোৱা অনুষ্ঠানত অংশ ল’বলৈ ৯ মে’ত পুনৰ অসম ভ্ৰমণলৈ আহিব।
বিত্ত, শক্তি, বস্ত্ৰ, পেট্ৰ’লিয়াম, জল শক্তি,আয়ুষ আৰু বন্দৰ, জাহাজ আৰু জলপথ, অসামৰিক বিমান পৰিবহণ আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ মন্ত্ৰীসকলৰ, ৰাজ্যখন ভ্ৰমণ কৰি উন্নয়নৰ গতি ত্বৰান্বিত কৰাত তেওঁলোকৰ সক্ৰিয় সহযোগিতা আগবঢ়াইছে।










