বিগত কেইটামান দিনত অসমৰ এটা বহুচৰ্চিত বিষয় হৈ পৰিছে ৰাজ্যখনলৈ বিশ্ব বেংকে আগবঢ়োৱা আৰ্থিক অনুদান৷ বিশ্বই সন্মানৰ দৃষ্টিৰে চোৱা বহুপাক্ষিক ঋণ প্ৰদানকাৰী সংস্থা বিশ্ব বেংকে অসমৰ উন্নয়নৰ পথত একেলগে খোজ দিছে৷
অসমৰ সৈতে সহযোগিতাৰ এক নতুন ইতিহাস ৰচি বিশ্ব বেংকৰ দক্ষিণ এছিয়াৰ আঞ্চলিক উপাধ্যক্ষ মাৰ্টিন ৰেইজাৰ, বিশ্ব বেংক ভাৰতৰ সঞ্চালক অগষ্ট টানো কোৱাম আৰু বহুকেইজন বিষয়াৰ এটি দলে অসম ভ্ৰমণ কৰে৷ এই ভ্ৰমণকালত তেওঁলোকে ৰাজ্যখনৰ সৈতে ভৱিষ্যৎ পৰিকল্পনাসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কৌশলগত দিশসমূহ চালিজাৰি চোৱাৰ লগতে ইতিমধ্যে ৰূপায়িত হৈ থকা প্ৰকল্পসমূহৰো পৰ্যবেক্ষণ কৰে৷
অসম চৰকাৰৰ সৈতে বিশ্ব বেংকৰ এই সম্পৰ্ক দুই দশকজোৰা৷ অসমৰ ৰূপায়িত হৈ থকা নিৰ্ধাৰিত ৰাজ্যিক প্ৰকল্পৰ বাবে বিশ্ব বেংকৰ মুঠ পুঁজি হৈছে ৩৪৯ নিযুত ডলাৰ৷ এই পুঁজি বিতৰণ হৈছে কৃষি, পৰিবহণ, ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা আৰু নাগৰিককেন্দ্ৰিক ৰাজহুৱা সেৱা প্ৰদান ক্ষেত্ৰত৷
অসমে কৃষি, উচ্চ শিক্ষা, গ্ৰাম্য জীৱিকা, বিদ্যুৎ প্ৰণালীৰ উন্নীতকৰণ আৰু জলবিজ্ঞানকে আদি কৰি বহুতো বিশ্ব বেংক সমৰ্থিত কেন্দ্ৰীয় আৰু বহুৰাজ্যিক প্ৰকল্পৰ পৰাও পুঁজি লাভ কৰিছে৷
বিশ্ব বেংকৰ কৌশলগত ৰাজ্যিক অংশীদাৰিত্বৰ ৰূপৰেখাৰ ভিতৰত অসম হৈছে দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰত অন্যতম৷
ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ বিতৰণ ব্যৱস্থাৰ ক্ষেত্ৰত থকা সক্ৰিয়তাক বিশ্ব বেংকে সহযোগিতা আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷
এক চৰকাৰী বিবৃতি অনুসৰি, “এই ভ্ৰমণে ৰাজ্যখনৰ সৈতে শেহতীয়া অংশীদাৰিত্বৰ ৰূপৰেখা তৈয়াৰ কৰাৰ ক্ষেত্ৰত থকা বেংকৰ আগ্ৰহ প্ৰকাশ কৰিছে৷ বিশেষকৈ বেংকে কেনেদৰে ৰাজ্যখনৰ উন্নয়নৰ দৃষ্টিভংগীক সহযোগ কৰি বিকাশৰ বাট মুকলি কৰিব পাৰিব তাক অন্বেষণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে৷”
বৰ্তমান বিশ্ব বেংকৰ সহযোগপ্ৰাপ্ত চাৰিটা প্ৰকল্প কাৰ্যকৰীকৰণ হোৱাৰ পথত আছে আৰু পাঁচটা প্ৰকল্প ভৱিষ্যতে ৰূপায়ণ হ’ব৷ এই প্ৰকল্পসমূহ পৰিবহণ, কৃষি, আন্তঃগাঁথনি আৰু সংযোগ, স্বাস্থ্য, নদী অৱবাহিকা ব্যৱস্থাপনা, বিত্তীয় সংস্কাৰ, নাগৰিক সেৱা, প্ৰতিষ্ঠানগত সংস্কাৰ আদিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত ৰূপায়িত হ’ব৷
অসমৰ বান আৰু নদী খহনীয়া ব্যৱস্থাপনা সংস্থাৰ এগৰাকী উচ্চপদস্থ বিষয়াই অসম বাৰ্তাক জনায়, “বিশ্ব বেংকৰ অসম সংহত নদী অৱবাহিকা ব্যৱস্থাপনা প্ৰকল্পৰ অধীনত বেঁকী, বুঢ়ী দিহিং, জীয়াধল, ভোগদৈ, চিংলা, জাতিংগা, গাইনদী, জীয়াভৰালীৰ ব্যৱস্থাপনাৰ বাবে পৰিকল্পনা কৰা হৈছে৷ এই প্ৰকল্পৰ অধীনত নদী অৱবাহিকা ব্যৱস্থাপনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ এই প্ৰকল্পৰ সফল ৰূপায়ণে অসমৰ বান সংক্ৰান্তীয় সমস্যা তথা গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত বৃহৎ অৱদান আগবঢ়াব৷
অসম অভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্পৰ সঞ্চালক অংকুৰ জৈনে কয়, “বিশ্ব বেংকৰ প্ৰতিনিধিবৰ্গই বিভিন্ন প্ৰকল্পৰ লগতে অসম অভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্পৰ পৰ্যালোচনা কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ সামগ্ৰিক প্ৰবাহ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বান ইত্যাদি নানা দিশ অধ্যয়ন কৰে৷ অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাৰ উন্নয়নে সামগ্ৰীৰ পৰিবহণ সহজসাধ্য কৰাৰ উপৰি নদীকেন্দ্ৰিক পৰ্যটন উদ্যোগ গঢ়াত সহায় কৰিব৷”
দুদিনীয়া অসম ভ্ৰমণকালত ৰেইজাৰ আৰু কোৱামে ৰাজ্যখনত চলি থকা বিশ্ব বেংকৰ বিত্তীয় সহযোগপ্ৰাপ্ত প্ৰকল্পসমূহৰ প্ৰভাৱ সম্পৰ্কে প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰে৷ কামৰূপ জিলাৰ ৰঙিয়া ভ্ৰমণকালত তেওঁলোকে বিশ্ব বেংকৰ সহযোগপ্ৰাপ্ত অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ (এপাৰ্ট-APART) কৃষক উৎপাদক সংগঠনৰ সদস্যসকলক সাক্ষাৎ কৰে৷ এপাৰ্ট প্ৰকল্পৰ জৰিয়তে, অসম চৰকাৰে ৰাজ্যখনত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ সংকল্পবদ্ধ৷ বেংকে কৃষি উৎপাদকসকলক নতুন প্ৰযুক্তিৰ উপলভ্যতা, বজাৰ আৰু আৰ্থিক ক্ষেত্ৰত সহায় প্ৰদান কৰি অহাৰ লগতে কৃষি খণ্ডত ব্যক্তিগত বিনিয়োগৰ সুবিধাও প্ৰদান কৰিছে৷ দুয়োগৰাকী ব্যক্তিয়ে এই প্ৰকল্পৰ অধীনত সহযোগিতা লাভ কৰা সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগৰ (এমএছএমই) বিনিয়োগকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে৷
ডং ভেলী ক্ৰিয়েছনচৰ অন্যতম প্ৰতিষ্ঠাতা নিশাত হুছেইনে কয়, “বিশ্ব বেংকৰ বিষয়ববীয়াসকলে আমাৰ কাৰখানাটো পৰিদৰ্শন কৰিবলৈ অহাটো আমাৰ বাবে সৌভাগ্যৰ বিষয়৷ আমি অসম কৃষি ব্যৱসায় উন্নয়ন লেবৰ (Assam Agri Business Growth Lab) পৰা কি কি সহযোগ পাইছোঁ সেই সম্পৰ্কেও সোধা-পোছা কৰে৷ তেওঁলোকক আমাৰ কাৰখানা সম্পৰ্কে যথেষ্ট উৎসাহিত দেখা গ’ল৷”
ড° শৰ্মাৰ সৈতে হোৱা বৈঠকত বিশ্ব বেংকৰ উপাধ্যক্ষগৰাকীয়ে ভৱিষ্যতে ৰূপায়ণ হ’বলগীয়া প্ৰায় ১ বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ প্ৰকল্পসমূহৰ লগতে অসমৰ বিকাশত ইয়াৰ অৰিহণাৰ বিষয়েও আলোচনা কৰে৷ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰ্যালয়ে ৰাজ্যখনৰ বিকাশৰ সম্ভাৱনাক আগুৱাই নিবলৈ জল আন্তঃগাঁথনি শক্তিশালী কৰা আৰু স্বাস্থ্য ব্যৱস্থা উন্নীতকৰণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক এই প্ৰস্তাৱিত প্ৰকল্পসমূহে সঁহাৰি জনাইছে৷ এই প্ৰস্তাৱিত প্ৰকল্পসমূহৰ উদ্দেশ্য হৈছে বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰা, ক্ৰমান্বয়ে বৃদ্ধি পোৱা জলবায়ু সমস্যাৰ প্ৰতি প্ৰতিৰোধ গঢ়ি তোলাৰ লগতে উন্নয়ন আৰু নিযুক্তি বৃদ্ধিৰ বাবে কৃষি, পৰ্যটন আৰু লজিষ্টিক খণ্ডৰ বিকাশত উদগনি দিয়া৷
ৰেইজাৰে অসমৰ মুখ্যমন্ত্ৰীক জনায় যে ২০২৩ চনৰ জুনৰ ভিতৰত ৪৫০ নিযুত ডলাৰ মূল্যৰ প্ৰকল্পসমূহ বেংকৰ কাৰ্যবাহী সঞ্চালকমণ্ডলীৰ সন্মূখত উপস্থাপন কৰাৰ সম্ভাৱনা আছে৷ তেওঁ লগতে জলপথ, বাণিজ্য আৰু পৰিবহণ ব্যৱস্থা উন্নত কৰি ব্ৰহ্মপুত্ৰ অৱবাহিকাত বহনক্ষম বান ব্যৱস্থাপনাৰে মহাবাহুৰ অৰ্থনৈতিক সম্ভাৱনা বৃদ্ধিৰ ক্ষেত্ৰত সহযোগ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৈঠককালত বহুপাক্ষিক ঋণদাতা প্ৰতিষ্ঠানটোৱে সহযোগ কৰা এছপায়াৰ (ASPIRe) প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা এটা ৰাজ্যিক ৰাজহুৱা ক্ৰয় প’ৰ্টেলৰ উন্মোচন কৰে৷ ৰাজ্যিক ৰাজহুৱা ক্ৰয় প’ৰ্টেল মুকলি কৰা অসম হৈছে দেশৰ দ্বিতীয়খন ৰাজ্য আৰু নিজা এখন ক্ৰয় আইন থকা চতুৰ্থখন ৰাজ্য৷ অসমৰ এই ৰাজ্যিক ৰাজহুৱা ক্ৰয় প’ৰ্টেলটো হৈ পৰিব সকলো বিভাগ, নিবিদাকাৰী আৰু জনসাধাৰণৰ বাবে বাস্তৱ তথ্যৰ একমাত্ৰ উৎস৷ এই একক কেন্দ্ৰীকৃত প্লেটফৰ্মটোৰ জৰিয়তে জনসাধাৰণে ৰাজ্য চৰকাৰৰ সকলো বিভাগ বা যিকোনো ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগে সম্পাদন কৰা সামগ্ৰী, কৰ্ম আৰু সেৱাৰ ৰাজহুৱা ক্ৰয় সম্পৰ্কে জানিব পাৰিব৷ ই স্বচ্ছতা আৰু দায়বদ্ধতাৰে ব্যয়ৰ ফলাফল সুনিশ্চিত কৰিব৷ এনআইচিৰ সহযোগত বিকশিত এই প’ৰ্টেলটোত একেলগে অভিযোগ নিষ্পত্তি আৰু জনসাধাৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ ব্যৱস্থাও থাকিব৷