বিগত বৰ্ষসমূহত অসমৰ জনগণে স্থায়ী উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখিবলৈ পাইছে। বিশেষকৈ সৌৰ শক্তিৰ উৎপাদনে এই ইতিবাচক পৰিৱৰ্তন সাধন কৰি এক শক্তিশালী ভৱিষ্যৎ গঢ়াৰ বাট প্ৰশস্ত কৰিছে। নগৰাঞ্চলৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ দুৰ্গম অঞ্চলসমূহতো বহু লোকে ৰূফটপ সৌৰ পেনেল স্থাপন কৰিছে।
এই সেউজ পৰিৱৰ্তনৰ কাৰণ মূলতঃ তিনিটা – পৰিৱেশ সংক্রান্তীয় সচেতনতা, বিদ্যুতৰ মূল্য বৃদ্ধিৰ চিন্তা আৰু অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰে গৃহীত ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ : বিনামূলীয়া বিদ্যুৎ যোজনা’ আঁচনিৰ সফল প্ৰয়োগ।
বৰ্তমান সময়ছোৱাত প্ৰায় সকলো নাগৰিকে সৌৰ শক্তি ব্যৱহাৰৰ দিশে আগবাঢ়ি আহিছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)-ৰ সহায়ত চৰকাৰী অনুদান আৰু সহজ সংস্থাপন প্ৰক্ৰিয়াই সৌৰ শক্তিক অধিক গ্ৰহণযোগ্য কৰি তুলিছে।

অসম বাৰ্তাৰ সৈতে বাৰ্তালাপ কৰি বিজয় শংকৰ বৰুৱা, (চি জি এম উত্তৰ-পূৰ্বাঞ্চল, এ পি ডি চি এল)-এ কয়, “২০২৪-২৫ বৰ্ষত ৫,০০০ লক্ষ্যৰ বিপৰীতে ১০,৭২৩টা ৰূফটপ সৌৰ পেনেল স্থাপন কৰা হৈছে। ইয়াৰ লগতে ২০২৫-২৬ বৰ্ষত ৩০,০০০টা লক্ষ্যৰ বিপৰীতে এতিয়ালৈকে ১৪,৮১৫টা ৰূফটপ সৌৰ পেনেল স্থাপন কৰা হৈছে। সামগ্ৰিকভাৱে বৰ্তমানলৈ ২৫,৫৩৮টা সৌৰ পেনেল স্থাপন কৰা হৈছে, যাৰ মুঠ উৎপাদন ক্ষমতা ৮৪ মেগাৱাট।”
বৰুৱাৰ মতে দৈনন্দিন জীৱনত মানুহে গ্ৰহণ কৰা বিভিন্ন বহনক্ষম পদ্ধতিৰ ক্ষেত্ৰত ৰূফটপ সৌৰ শক্তিৰ ব্যৱস্থা তেওঁলোকৰ বাবে স্বাভাৱিক পছন্দ হৈ পৰিছে। লাখ লাখ পৰিয়ালক স্বচ্ছ সৌৰ শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম কৰাৰ দৃষ্টিভংগীৰে এ পি ডি চি এলে ৰাজ্যৰ চহৰ আৰু গ্ৰাম্য অঞ্চলত আঁচনিখনৰ ব্যাপক সজাগতা আৰু নিৰৱচ্ছিন্ন ৰূপায়ণৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে।
তেখেতে লগতে কয়, “বিদ্যুতৰ বিল যথেষ্ট হ্ৰাস পোৱাৰ বাবে গ্ৰাহকে সৌৰ শক্তিৰ ব্যৱহাৰৰ প্ৰতি আকৃষ্ট হৈছে। আনকি হিতাধিকাৰীয়ে নেট মিটাৰিং ব্যৱস্থা ৰূপায়ণৰ জৰিয়তে নেট-জিৰ’ বিল লাভ কৰিছে।”
এ পি ডি চি এলে আৱাসিক গ্ৰাহকৰ বাবে নেট মিটাৰ স্থাপনৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিছে। ১০ কিলোৱাট ক্ষমতা পৰ্যন্ত কাৰিকৰী সম্ভাৱনীয়তাৰ অনুমোদন ৰেহাই দিছে, সময়মতে পৰিদৰ্শন আৰু কমিশ্যনিং নিশ্চিত কৰিছে। যাৰ ফলত গ্ৰাহকেও উন্নত সুবিধা লাভ কৰিছে।
প্ৰত্যাহ্বানসমূহৰ বিষয়ে উল্লেখ কৰি বৰুৱাই কয়, “সমগ্ৰ অসমত আৱাসিক ছাদৰ ওপৰত সৌৰ পেনেল স্থাপনৰ সময়ত সৰু সৰু অথচ উল্লেখযোগ্য প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰা হৈছে। যেনে সহজলভ্য বেংক ঋণৰ অভাৱ আৰু ঋণৰ সময়ত বিভিন্ন বেংকিং সুবিধাসমূহ মানি চলাৰ কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ ফলত সম্ভাৱ্য আবেদনকাৰীৰ বাবে পলম আৰু অনিশ্চয়তা সৃষ্টি হয়। আন এটা প্ৰত্যাহ্বান নিহিত হৈ আছে সৌৰ পেনেল আৰু আন উপাদানসমূহ ক্ৰয়ৰ ক্ষেত্ৰত দেশৰ অন্যান্য প্ৰান্তৰ ওপৰত নিৰ্ভৰশীলতা,” বৰুৱাই কয়।
তেখেতে কয় যে ৰাজ্যত যথাযথ আন্তঃগাঁথনিমূলক উন্নয়নে পিএম সূৰ্য ঘৰ: বিনামূলীয়া বিদ্যুৎআাঁচনিৰ অগ্ৰগতিক নতুনত্ব দিব।
উত্তৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ শৰৎ চুতীয়াই কয়, “মই ২০২৫ চনৰ জানুৱাৰীত ৰূফটপ সৌৰ পেনেল স্থাপন কৰিছিলোঁ। ইয়াৰ পাছৰ পৰাই মোৰ বিদ্যুৎ বিল সম্পূৰ্ণ শূন্য। ই এক সঠিক সিদ্ধান্ত আছিল বুলি মই এতিয়া অনুভৱ কৰিছোঁ।”
গুৱাহাটীৰ অমৃত চন্দ্ৰ দাসে কয়, “২০২৫ বৰ্ষৰ মার্চত সৌৰ পেনেল স্থাপন কৰাৰ ফলত আমাৰ মাহিলি বিল ৬-৭ হাজাৰ টকাৰ পৰা ২-৩ হাজাৰ টকালৈ হ্ৰাস পাইছে। মানে ৫০% ৰো অধিক হ্ৰাস পাইছে।”
আৱাসিক ৰূফটপ সৌৰ শক্তিৰ বাহিৰেও ৰাজ্যখনৰ নৱীকৰণযোগ্য শক্তিৰ যাত্ৰা বৃহৎ পৰিসৰৰ দিশে আগবাঢ়িছে, যিয়ে অসমৰ শক্তি খণ্ডক অধিক আত্মনির্ভৰশীল কৰি তুলিব।
কেইটিমান মুখ্য প্ৰকল্প –
- ধুবুৰী জিলাৰ খুদিগাঁও পি টি – ২ত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ শক্তি প্ৰকল্প
- শোণিতপুৰ জিলাৰ বৰছলাত ৫০ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্প
- ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অন্তৰ্গত নিৰ্বাচিত চিকিৎসালয়সমূহত বেটাৰী বেকআপৰ সৈতে গ্ৰীড-ইণ্টাৰেকটিভ ছাদৰ ওপৰত সৌৰ শক্তিৰ ব্যৱস্থা
- সমগ্ৰ শিক্ষাৰ অন্তৰ্গত বিভিন্ন পিএম-শ্ৰী বিদ্যালয়ত অন-গ্ৰিড আৰু অফ-গ্ৰিড সৌৰ শক্তি ব্যৱস্থা
- জনতা ভৱন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (জি এম চি এইচ)ৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰতিষ্ঠানসমূহত গ্ৰীড সংযুক্ত ছাদৰ ওপৰত সৌৰ ব্যৱস্থা স্থাপন, যাৰ মুঠ ক্ষমতা ৩.৯ মেগাৱাট আৰু ৰাজ্যিক বাজেটৰ পুঁজিৰে ৰূপায়ণ হৈছে










