অসম আৰু জাপানৰ মাজত সহযোগিতা বৃদ্ধিৰ দিশত এক অনন্য পদক্ষেপ গ্ৰহণ কৰা হয়। যোৱা মাহত জাপানৰ প্ৰতিনিধি সদনৰ অধ্যক্ষ নুকাগা ফুকুছিৰোৰ নেতৃত্বত ৪৫ জনীয়া জাপানী প্ৰতিনিধি দলে তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰে।
অসম বিধানসভাৰ উপাধ্যক্ষ ডা: নোমল মমিনে প্ৰতিনিধি দলটোক আদৰণি জনাই এই ভ্ৰমণক আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু আঞ্চলিক উন্নয়নৰ বাবে এক মাইলৰ খুঁটি বুলি অভিহিত কৰে।
প্ৰথম দিনা সন্ধিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোক সেৱা ভৱনত প্ৰতিনিধি দলটোক আদৰণি জনায় আৰু জাপানৰ প্ৰতিষ্ঠানসমূহে অসমৰ সৈতে অংশীদাৰিত্বৰ দ্বাৰা উদ্ভাৱন আৰু বিকাশ সাধনৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে। সেইদিনা সন্ধিয়াপৰত সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়।

দ্বিতীয় দিনা প্ৰতিনিধি দলটোৱে আই আই টি-গুৱাহাটী ভ্ৰমণ কৰে। সেইদিনা ফুকুছিৰোৱে কয়, “জাপান আৰু ভাৰত দুয়োখনেই একেধৰণৰ গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু দুয়োখন দেশে উন্নয়নৰ বাবে একেলগে কাম কৰিব পাৰে। ভাৰত তথ্য-প্ৰযুক্তি আৰু মানৱ সম্পদৰ ক্ষেত্ৰত চহকী দেশ। জাপানত এনে মানৱ সম্পদৰ প্ৰয়োজন।গতিকে, জাপানত নিজকে প্ৰতিষ্ঠা কৰিব বিচৰা লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ আমি সাজু। তদুপৰি আন্তঃগাঁথনি, শিক্ষা, অৰ্থনীতি আৰু ৰাজনৈতিক ক্ষেত্ৰতো যুটীয়া উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।”
আই আই টি, গুৱাহাটীৰ পাছত দলটোৱে জাপান ভিত্তিক আছিয়ান-ৱান কোম্পানীৰ সৈতে এক বৃহৎ লক্ষ্য তথা সহযোগিতাৰে এ টি ডি চিৰ আহিবলগীয়া জাপানৰ সহায়ত দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰটি পৰিদৰ্শন কৰে।
জাগীৰোডৰ আগন্তুক টাটা ছেমিকণ্ডাক্টৰ এ টি এম পি (এছেম্বলি, টেষ্টিং, মাৰ্কিং, এণ্ড পেকেজিং)ৰ সুবিধাৰ স্থলীও তেখেতে পৰিদৰ্শন কৰে। এই ভ্ৰমণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়েও প্ৰতিনিধি দলটোক সংগ দিয়ে।
এই ভ্ৰমণৰ সময়ত এখন সভাত ভাষণ দি ফুকুছিৰোৱে প্ৰযুক্তি, মানৱ সম্পদৰ বিকাশ আৰু বহনক্ষম উন্নয়নৰ সন্ধানত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু গৱেষণা, শিক্ষা, সাংস্কৃতিক বিনিময় আৰু উদ্ভাৱনীমূলক অংশীদাৰিত্বৰ জৰিয়তে সহযোগিতাৰ আহ্বান জনায়।

আনহাতে মুখ্যমন্ত্রীগৰাকীয়ে প্রতিনিধি দলটোৰ এই ভ্ৰমণ সন্দর্ভত ভাষণত কয়, “অসমে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে জাপানৰ বিনিয়োগ আকর্ষণ কৰিব বিচাৰিছে৷ যোৱা কেইমাহমানৰ পৰা জাপানৰ শীর্ষ প্রতিনিধি দলসমূহে সঘনাই অহা-যোৱা কৰাটো ৰাজ্যখনৰ বাবে এটি ভাল খবৰ। জাপানৰ সহযোগত ৰাজ্যখনত কেইবাটাও উন্নয়নমূলক প্রকল্প ৰূপায়ণ কৰা হৈছে।”
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ভাৰতত থকা জাপানৰ ৰাষ্ট্ৰদূতগৰাকীয়ে দুবাৰকৈ ৰাজ্যখন ভ্ৰমণ কৰিছিল; এডভাণ্টেজ আছাম ২.০-তো উদ্যোগ খণ্ডৰ এটা প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিছিল আৰু ইয়াত এখন বৈঠকৰ বাবে বিশেষ পাৰদৰ্শী দল এটাও উপস্থিত আছিল, “ইয়াৰ মাজতে জাপানে অসমৰ বিৰুদ্ধে ভ্ৰমণৰ পৰামৰ্শ প্ৰত্যাহাৰ কৰিছে। তেওঁলোকৰ ৰাষ্ট্ৰদূত বিষয়াসকলে মোক জনাইছে যে কম সময়ৰ অন্তৰালত ইয়ালৈ প্ৰতিনিধি দল অহাটো এটা ইতিবাচক লক্ষণ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমে যদি জাপানৰ সৈতে যোগাযোগ অব্যাহত ৰাখে, তেন্তে ভৱিষ্যতে ৰাজ্যখনে তেওঁলোকৰ পৰা অধিক সহায় আৰু ঔদ্যোগীকৰণৰ ক্ষেত্ৰত সহযোগিতা লাভ কৰিব, “জাপানৰ সহায়ত ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প চলি আছে। এইবাৰ আমি বিনিয়োগৰ সন্ধানত আছোঁ আৰু আশাকৰোঁ এই দিশত আমি সফল হ’ম,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ জাপানী প্রতিনিধি দলটোক সাক্ষাৎ কৰি অসমৰ বিনিয়োগৰ সম্ভাৱনা, সম্ভাব্য সহযোগিতা আৰু যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে জাপানী ভাষা প্রশিক্ষণ কেন্দ্র স্থাপনৰ ওপৰত গুৰুত্ব দি আলোচনাত মিলিত হয়৷ “দক্ষ কৰ্মশক্তি আৰু কৌশলগত সুবিধাৰে অসম উৎপাদন, সেৱা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশ্বব্যাপী অংশীদাৰিত্বৰ কেন্দ্ৰবিন্দু হ’বলৈ সাজু হৈছে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।










