অসম মানেই কামাখ্যা মন্দিৰ। বিশ্ববিখ্যাত এই পৱিত্ৰ মন্দিৰত প্ৰতিবছৰে উদযাপন হোৱা অম্বুবাচী মেলাই আধ্যাত্মিক চিন্তা-চেতনাক উজ্জীৱিত কৰিছে। চলিত বছৰৰ অম্বুবাচী মহাযোগত প্ৰায় ১২ লাখ ভক্তগণৰ সমাৱেশ ঘটে। ২২ জুনত আৰম্ভ হৈ ২৬ জুনত সামৰণি পৰা এই বৃহৎ কাৰ্যসূচী ৰাজ্য চৰকাৰৰ ২৪টা মূল বিভাগৰ সমন্বয়ত আয়োজন কৰা হয়।
এই সময়ছোৱাত সকলো লজিষ্টিক আৰু ভিৰ ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ প্ৰশাসনে এটি বিস্তৃত আৰু সমন্বিত পৰিকল্পনা গ্ৰহণ কৰিছিল।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি স্বাস্থ্য, দুৰ্যোগ ব্যৱস্থাপনা, আৰক্ষী আদিৰ অংশগ্ৰহণৰে আন্তঃবিভাগীয় সমন্বয়ত বিশেষ গুৰুত্ব দিয়া হৈছিল। ইয়াৰ লগতে গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত প্ৰায় ২০,০০০ ভক্তৰ বাবে আবাসৰ যোগান ধৰিব পৰা শিবিৰ স্থাপন কৰা হৈছিল।

ইয়াৰ লগতে আৰক্ষী জোৱানৰ বাবে পৃথক শিবিৰ স্থাপন কৰা হৈছিল। চিকিৎসক আৰু প্ৰয়োজনীয় ঔষধৰ সৈতে সু-সজ্জিত চিকিৎসা শিবিৰো স্থাপন কৰা হৈছিল।
এই সকলো সুবিধা মহাযোগ আৰম্ভ হোৱাৰ দুদিন আগতে অৰ্থাৎ ২০ জুনৰ ভিতৰতে সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ উঠে, যাৰ ফলত কোনোধৰণৰ অসুবিধা নোহোৱাকৈ সকলো কাম নিৰ্ধাৰিত সময়ৰ পূৰ্বেই সমাপন হৈছিল।
অভ্যন্তৰীণ জল পৰিবহণে পৰ্যাপ্ত জাহাজৰ ব্যৱস্থা কৰিছিল যাতে জলপথৰ সহায়ত যাত্ৰীসকলে সহজে আৰু কম সময়ৰ ভিতৰত তেওঁলোকৰ যাত্ৰা সম্পূৰ্ণ কৰিব পাৰে।
বিগত বৰ্ষসমূহৰ অভিজ্ঞতাৰ প্ৰতি লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে চলিত বৰ্ষৰ আয়োজনত কঠোৰ নিয়মাৱলী প্ৰয়োগ কৰা হৈছিল। উৎসৱৰ সময়ছোৱাত শৃংখলা আৰু নিৰাপত্তা ৰক্ষা কৰিবলৈ ভি আই পি আৰু ভি ভি আই পি চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল। সন্ধ্যা ৬ বজাৰ পৰা পুৱা ৫ বজালৈ ভক্তগণৰ প্ৰৱেশ সাময়িকভাৱে ৰোধ কৰা হৈছিল।
এই বছৰত ভক্তসকলৰ বাবে এক অনন্য আৰু বাধ্যতামূলক নিয়ম হিচাপে নীলাচল উৰণ সেতুৰ তলত দৰ্শনাৰ্থীক তেওঁলোকৰ জোতা-চেণ্ডেল খুলিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল।

কামাখ্যা দেৱালয়ৰ এগৰাকী ট্রাষ্টী ভাস্কৰ শৰ্মাই কয়, “সকলো কাম পৰিকল্পিতভাৱে কৰা হৈছে। যদিও কঠোৰ নিয়মাৱলীৰ বাবে চলিত বৰ্ষত ভক্তগণৰ সংখ্যা পূৰ্বৰ বছৰৰ তুলনাত কিছু কম আছিল, তথাপি এইবাৰ কেৱল ভক্তিপূৰ্ণ মনোবৃত্তিৰে অহা মানুহেহে মন্দিৰলৈ আহিছিল। আগতে ৰাতি ৮.৩০ বজালৈ প্ৰৱেশৰ অনুমতি দিয়া হৈছিল, কিন্তু এইবাৰ ৬ বজাৰ পাছত অনুমতি দিয়া হোৱা নাছিল। মোৰ বোধেৰে ভক্তগণ এই ব্যৱস্থাপনাৰ প্ৰতি সন্তুষ্ট। আগন্তুক বছৰত এই ব্যৱস্থাপনাসমূহ আৰু অধিক পৰিকল্পিত হ’ব।”
ভক্তসকলেও এই পৰিকল্পিত আয়োজনৰ প্ৰশংসা কৰিছে। কামাখ্যা মন্দিৰলৈ অম্বুবাচীৰ পৱিত্ৰ মুহূৰ্তত আহিবলৈ সুযোগ পোৱাটো সকলোৰে বাবে আশীৰ্বাদস্বৰূপ বুলি তেওঁলোকে বিশ্বাস কৰে।
অম্বুবাচীৰ সময়ত উপস্থিত হোৱা নিয়ৰ ডেকাই ‘অসম বাৰ্তা’ক কয়, “অম্বুবাচীৰ পৱিত্ৰ ক্ষণত মা কামাখ্যা মন্দিৰৰ দৰ্শন লাভ কৰাটো আমাৰ বাবে সঁচাকৈয়ে সৌভাগ্য। বিগত দিনকেইটাত নীলাচলৰ বুকুত লক্ষ লক্ষ ভক্তৰ সমাগম হোৱাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে সুকলমে সকলো ব্যৱস্থা কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে। অসম আৰক্ষী তথা সংশ্লিষ্ট বিষয়াসকলক এই ক্ষেত্ৰত আমি ধন্যবাদ জনাবই লাগিব। তদুপৰি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”
এই সন্দৰ্ভত ডেইজী দত্তই কয়, “এইবাৰ ২০২৫ চনৰ অম্বুবাচী মেলা মোৰ জীৱনৰ এটা অনন্য আৰু স্মৰণীয় অভিজ্ঞতা হৈ ৰ’ল। বহুদিনৰ সপোন আছিল – মা কামাখ্যাৰ পৱিত্ৰ ভূমিত অম্বুবাচী মেলাৰ সময়ত উপস্থিত হৈ মাৰ আশিস লোৱাৰ। খোজকাঢ়ি পাহাৰলৈ উঠাৰ চিন্তা কৰি থকা মই একেবাৰে আচৰিত হৈ পৰিলোঁ, কিন্তু সকলো ব্যৱস্থা অতি সুন্দৰ আছিল! পৰ্যাপ্ত পৰিমাণে পানী, পৰিষ্কাৰ-পৰিচ্ছন্ন শৌচালয়, বিশ্ৰাম স্থল, চিকিৎসা আৰু জৰুৰী সহায় ব্যৱস্থা – সকলোৰে আধুনিক আৰু সুশৃংখল সুবিধা তাত দেখিবলৈ পালোঁ। নীলাচল পাহাৰৰ ওপৰত উঠি চাই দেখিলোঁ এক ভক্তিৰ সমুদ্ৰ। মা’ৰ নামত জয়ধ্বনি, পুষ্পবৃষ্টি আৰু এক ভাবিব নোৱৰা পবিত্ৰতা!”
অম্বুবাচীৰ পাছত কামাখ্যা মন্দিৰলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, “কামাখ্যা ৰে’ল ষ্টেশ্যনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰোপৱে কামৰ অগ্ৰগতি হৈছে। তদুপৰি সোণাৰাম খেলপথাৰৰ পৰা মন্দিৰলৈ আন এটা ৰোপৱে পৰিকল্পনা কৰা হৈছে। এই দুয়োটা প্ৰকল্প একেলগে চলি আছে।”
মুঠ ২০১ কোটি টকাৰ ব্যয়সাপেক্ষে ১.৪৩ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই ৰোপৱে কামাখ্যা ৰে’ল ষ্টেশ্যনৰ পৰা নীলাচল পাহাৰলৈ সংযোগ স্থাপন কৰিব, যাৰ ফলত হাজাৰ হাজাৰ ভক্তগণৰ যাত্ৰা সহজ হ’ব। ইয়াৰ ফলত কামাখ্যালৈ যাত্ৰা কৰা ৰে’ল যাত্ৰীসকলৰ যাত্ৰা সময় ৬০ শতাংশলৈ হ্ৰাস পাব বুলি আশা কৰা হৈছে। এই প্ৰকল্প ২০২৬ চনৰ জুনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।










