ৰাষ্ট্ৰপতি নিৰ্বাচনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে দ্ৰৌপদী মুৰ্মুলৈ আন্তৰিক সমৰ্থন আগবঢ়ায়৷ দলীয় স্বাৰ্থৰ ঊধ্বৰ্ত গৈ অসমৰ বিধায়কসকলে নতুন ৰাষ্ট্ৰপতিগৰাকীক ১০৪টা ভোট প্ৰদান কৰে৷
উত্তৰ-পূৰ্বাঞ্চলৰ সাতভনী ৰাজ্যকেইখনত ব্যাপক প্ৰচাৰ চলোৱাৰ পাছত যোৱা ১১ জুলাইত তেখেতে পশ্চিম বংগৰ শিলিগুৰিস্থিত এখন ৰিজ’ৰ্টত ছিক্কিমৰ বিধায়কসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷
মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰাৰ পাছত ৫ জুলাইৰ আবেলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আহি তেখেত গুৱাহাটীত উপস্থিত হয়৷ বিমানবন্দৰত তেখেতক আদৰণি জনায় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান কেবিনেট সতীৰ্থই৷
তেখেতৰ এই দুদিনীয়া ভ্ৰমণসূচী যথেষ্ট ব্যস্ততাপূৰ্ণ আছিল৷ ৬ জুলাইত তেখেতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মেঘালয় ভ্ৰমণ কৰি গুৱাহাটীলৈ আহে৷ তাৰ পাছত ৭ জুলাইত তেওঁ মিজোৰামলৈ যায় আৰু গুৱাহাটীলৈ উভতি কামাখ্যা মন্দিৰ দৰ্শন কৰে৷ সন্ধিয়া মহানগৰীৰ এখন হোটেলত ভাৰতীয় জনতা পাৰ্টিৰ লগতে ইয়াৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদ আৰু ইউপিপিএলৰ সাংসদ তথা বিধায়কসকলক তেখেতে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰৰ উপস্থিতিত সাক্ষাৎ কৰে৷ উল্লেখ্য যে এই সাক্ষাৎকালত বিপিএফ দলৰো তিনিগৰাকী বিধায়ক উপস্থিত থাকে যি মিত্ৰজোঁটৰ অংশীদাৰ নহয়৷
স্বাধীন ভাৰতৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি ২৫ জুলাইত উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমন্নাই দ্ৰৌপদী মুৰ্মুক দেশৰ পঞ্চদশগৰাকী ৰাষ্ট্ৰপতিৰ শপত বাক্য পাঠ কৰোৱায়৷ জনজাতীয় সম্প্ৰদায়ৰ পৰা ভাৰতৰ সৰ্বোচ্ছ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলাক অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মায়ো টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰে৷
নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীলৈ অসমৰ ১০৪ গৰাকী বিধায়কৰ ভোট
ৰাষ্ট্ৰপতি নিৰ্বাচনত অসম বিধানসভাৰ ১২৬ গৰাকী বিধায়কৰ ভিতৰত ১০৪ গৰাকী বিধায়কে দ্রৌপদী মুৰ্মুক ভোটদান কৰে।