ভাৰত ৰত্ন ‘সুধাকণ্ঠ’ ড° ভূপেন হাজৰিকাৰ ১৪সংখ্যক মৃত্যুবার্ষিকী সমগ্ৰ অসমজুৰি গভীৰ আৱেগ, ঐক্য আৰু সংগীতময় শ্ৰদ্ধাঞ্জলিৰে পালন কৰা হয়। গাঁও-চহৰৰ হাজাৰ হাজাৰ কণ্ঠই একেলগে মিলি মানৱতা আৰু ভ্ৰাতৃত্বৰ আহ্বান বহন কৰা তেখেতৰ অমৰ সৃষ্টি “মানুহে মানুহৰ বাবে” পৰিৱেশন কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই জালুকবাৰীত থকা ড° ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত ‘সুধাকণ্ঠ’লৈ শ্ৰদ্ধাঞ্জলি জনাই এই স্মৰণ অনুষ্ঠানৰ নেতৃত্ব লয়। সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ভূপেন হাজৰিকা সেতু (ধলা-শদিয়া সেতু)ৰ ওচৰত ১০০ ফুট উচ্চতাৰ তেখেতৰ এক প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব আৰু ৰাজ্যৰ প্ৰতিখন জিলাতে মহান শিল্পীগৰাকীৰ নামত এটি পথ নামাকৰণ কৰা হ’ব। লগতে তেখেতে জনায় যে ৰঙালী বিহুৰ সময়ত এটি সন্ধ্যা কেৱল ভূপেন হাজৰিকাৰ স্মৃতিত উৎসৰ্গা কৰা হ’ব আৰু বিহু সমিতিসমূহলৈ অতিৰিক্ত অনুদানো আগবঢ়োৱা হ’ব।
মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে গুৱাহাটীত ১০ ডিচেম্বৰত শ্বহীদ স্মাৰকৰ উদ্বোধনৰ সময়ত সমগ্ৰ ৰাজ্যত ভূপেন হাজৰিকাৰ গান ‘শ্বহীদ প্ৰণামো তোমাক’ বাজি উঠিব।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে, “ভূপেন দাই ব্ৰহ্মপুত্ৰৰ কথা গীত হিচাপে গালে, কিন্তু তেখেত নিজেই ব্ৰহ্মপুত্ৰৰ কণ্ঠ হৈ উঠিল। পুণ্যতিথিত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকালৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। সুধাকণ্ঠ সদায়েই আমাৰ হৃদয়ত, সংগীতত আৰু এই ভূমিৰ আত্মাত জীয়াই থাকিব।” তেখেতে লগতে উল্লেখ কৰে যে ভূপেন হাজৰিকাৰ জীৱনে সহানুভূতিৰ শক্তি শিকাইছে আৰু তেখেতৰ সংগীতে প্ৰকৃতি, সংস্কৃতি, নাৰী শক্তি আৰু যুৱ শক্তিক উদযাপন কৰিছে।
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়ায়ো শ্ৰদ্ধাঞ্জলি জনাই কয়, “অমৰ সৃষ্টিসমূহৰ জৰিয়তে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাই বিশ্ব ভ্ৰাতৃত্ব, মানৱতা আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰিছিল। তেখেতৰ কল্পনাৰ অসম গঢ়িবলৈ আমি সংকল্প লওঁ আহক।”
মহান শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুধাকণ্ঠৰ সন্মানাৰ্থে ১০০ টকা মূল্যৰ এটি বিশেষ স্মাৰক মুদ্ৰা উন্মোচন কৰিছিল। গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই মুদ্ৰা বিশেষজ্ঞ সমিতিৰ সদস্য আৰু ভূপেন হাজৰিকাৰ পৰিয়ালবৰ্গক আনুষ্ঠানিকভাৱে প্ৰদান কৰে।
ৰাজ্যৰ বিভিন্ন স্থানত এই উদযাপনৰ দৃশ্য দেখা পোৱা গৈছিল। ডিব্ৰুগড়ৰ চৌকিদিংগী খেলপথাৰত প্ৰায় ৫,০০০ লোকে একেলগে গাই উঠে তেখেতৰ অমৰ সংগীত। মৰিগাঁৱতো শিক্ষক-ছাত্ৰ, বিভাগীয় বিষয়া, আশা আৰু অংগনৱাড়ী কৰ্মী, এ এছ আৰ এল এম-ৰ সখীসকলসহ ৫,০০০ৰো অধিক লোক একত্ৰিত হয়।
বোকাখাটত বোকাখাট নিৰ্মাণ গোটৰ উদ্যোগত ভূপেন হাজৰিকাৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণ কৰি শিল্পী আৰু যুৱক-যুৱতীসকলে তেখেতৰ চিৰসেউজ গীত পৰিবেশন কৰে। নাজিৰাত কলেজ খেলপথাৰত ৫০০ৰো অধিক লোকৰ অংশগ্ৰহণেৰে বৃহৎ সমবেত সংগীতানুষ্ঠান অনুষ্ঠিত হয়।
ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় খেলপথাৰত পুষ্পাঞ্জলিৰ পাছতে ১৭ মিনিট সময় ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰা হয়। নগাঁৱৰ ঐতিহাসিক নেহৰুবালি ক্ষেত্ৰত ৫,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকে সমবেত সংগীত পৰিৱেশন কৰে। ওদালগুৰি আৰু কলাইগাঁৱত ৬,০০০ৰো অধিক লোকৰ উপস্থিতিত সমবেত সংগীতে সমগ্ৰ পৰিৱেশ সংগীতময় কৰি তোলে।

দৰং জিলাৰ মঙলদৈতো বেগা নদীৰ পাৰত ১০০ গছি চাকি প্ৰজ্বলনেৰে দিনটোৰ সমাপ্তি ঘটে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত ৫,০০০ কণ্ঠই একেলগে গাই উঠে “মানুষ মানুষেৰ জন্যে, জীৱন জীৱনৰ জন্যে”, যিয়ে এক অভূতপূৰ্ব দৃশ্যৰ সৃষ্টি কৰে। এই অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰয়ে কয়, “এই দিনটো প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱ আৰু আত্মবিশ্লেষণৰ মুহূৰ্ত।”
সমগ্ৰ অসমজুৰি এই দিনটো ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা মানৱতা, সমতা, ঐক্য আৰু প্ৰেমৰ মূল্যবোধৰ দিন হিচাপে উদযাপিত হয়। হাজাৰ হাজাৰ কণ্ঠই এনেদৰেই সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনায়।










