কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২৯ ডিচেম্বৰত অসমত দিনজোৰা ভ্ৰমণকালত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ স্থায়ী ভৱন আৰু ২,০০০টা চিচিটিভি সংযুক্ত নিৰীক্ষণ ব্যৱস্থা উদ্বোধন কৰে। ইয়াৰ লগতে তেখেতে নতুন গুৱাহাটী আৰক্ষী আয়ুক্তালয়ত ৰাজ্যৰ অপৰাধ তদন্ত বিভাগৰ উদ্যোগত আয়োজিত ‘নবীন ন্যায় সংহিতা’ প্ৰদৰ্শনীখনিও উদ্বোধন কৰে।
১১১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত আধুনিক এই ভৱনত গুৱাহাটী আৰক্ষীৰ সকলো শাখা স্থাপন কৰা হ’ব। ভৱনটোত ৪০০গৰাকী আৰক্ষী বিষয়াৰ বাবে আসনৰ ব্যৱস্থা থকাৰ লগতে এটি পুথিভঁৰাল আৰু আৰ্কাইভ ব্যৱস্থাও থাকিব। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ভৱনৰ ভিতৰত স্থাপন কৰা ইণ্টেলিজেন্স চিটি ছাৰ্ভেইলেন্স ছিষ্টেমো উদ্বোধন কৰে।

অনুষ্ঠানত ভাষণ আগবঢ়াই অমিত শ্বাহে কয় যে ১৭৮ কোটি ব্যয় সাপেক্ষে নিৰ্মিত ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰটি স্মাৰ্ট আৰক্ষী ব্যৱস্থাক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে স্থাপন কৰা হৈছে। নতুন তিনিখন অপৰাধ আইন প্ৰৱৰ্তনৰ ফলত অসমত ছেছন ক’ৰ্টৰ পৰা আৰম্ভ কৰি ছুপ্ৰিম ক’ৰ্টলৈ তিনিবছৰৰ ভিতৰত ন্যায় প্ৰদান নিশ্চিত হ’ব বুলি তেখেতে মন্তব্য কৰে।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা বিবৃতিত উল্লেখ কৰা মতে, গৃহ মন্ত্ৰালয়ৰ এন চি এল আই ডেশ্বব’ৰ্ড অনুসৰি নবীন ন্যায় সংহিতা ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ সকলো ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। অসমে ৮১.২০% নম্বৰ লাভ কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় গড় হৈছে ৫৭.০২%। ইয়াৰ লগতে অসম হৈছে পিএম গতি শক্তি প’ৰ্টেলত সকলো আৰক্ষী থানাৰ ১০০% জিঅ’ ফেঞ্চিং সম্পূৰ্ণ কৰা আৰু এম চি ইউত ডি এন এ নমুনা অন্তৰ্ভুক্ত কৰা প্ৰথমখন ৰাজ্য।

উক্ত অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসম আৰক্ষীৰ অধীনত ৩৯খন মোবাইল ফৰেনচিক ভেনো উদ্বোধন কৰে। এই ব্যৱস্থাৰ জৰিয়তে বৈজ্ঞানিক অপৰাধ তদন্ত ব্যৱস্থা অধিক শক্তিশালী কৰা হ’ব। ৭ বছৰৰ অধিক শাস্তিযোগ্য অপৰাধত ফৰেনচিক বিশেষজ্ঞৰ উপস্থিতি বাধ্যতামূলক কৰা নতুন আইনৰ প্ৰেক্ষাপটত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিয়ে।
ইয়াৰ পাছতেই অমিত শ্বাহে মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতিত প্ৰায় ২৯১ কোটি ব্যয় সাপেক্ষে নিৰ্মিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ উদ্বোধন কৰে। ৫,০০০ আসনৰ ব্যৱস্থা থকা এই প্ৰেক্ষাগৃহটো উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ।
অনুষ্ঠানত ভাষণ আগবঢ়াই অমিত শ্বাহে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ অৱদানৰ বিষয়ে উল্লেখ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰি অসমীয়া চিনেমাৰ ভেটি স্থাপন কৰিছিল বুলি তেখেতে উল্লেখ কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয় যে জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰে সাংস্কৃতিক ক্ষেত্ৰৰ বিকাশৰ সৈতে বহনক্ষম উন্নয়নৰ প্ৰতি ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। প্ৰকল্পটোত সৌৰশক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰা হৈছে।
এই প্ৰেক্ষাগৃহটোৱে সাংস্কৃতিক পৰ্যটন ক্ষেত্ৰৰ উত্তৰণৰ লগতে বৃহৎ অনুষ্ঠান আয়োজনৰ সুযোগ সৃষ্টি কৰিব আৰু গুৱাহাটীক সাংস্কৃতিক দিশ, সুশাসন আৰু জনসংযোগৰ আঞ্চলিক কেন্দ্ৰ হিচাপে অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
ভ্ৰমণকালত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে চৰকাৰৰ সহায়ত জন্মগত হৃদৰোগত সুস্থ হোৱা প্ৰায় ১,০০০গৰাকী শিশুৰ পৰা অভিবাদন গ্ৰহণ কৰে।










