প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এম’নিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ জৰিয়তে অসমে পুনৰবাৰ উদ্যোগ আৰু অৰ্থনৈতিক শক্তিৰ নতুন জাগৰণৰ দিশে আগবাঢ়িছে বুলি তেখেতে উল্লেখ কৰে।
উদ্বোধনী অনুষ্ঠানত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয়, “এই দিনটো কেৱল অসমৰেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক দিন। নামৰূপ আৰু ডিব্ৰুগড়বাসীৰ বহুদিনীয়া সপোন আজি পূৰণ হ’ল। এই অঞ্চলত উদ্যোগ খণ্ডৰ অগ্ৰগতিৰ এক নতুন অধ্যায় আৰম্ভ হৈছে।”
তেখেতে কয় যে আজিৰ পৰিস্থিতিত সকলোৱে অনুভৱ কৰিছে যে অসমে উন্নয়নৰ এক নতুন গতি লাভ কৰিছে। “আজিৰ প্ৰকল্পবোৰ কেৱল আৰম্ভণিহে। অসমক আৰু আগবঢ়াই নিব লাগিব। নতুন উদ্যোগৰ আৰম্ভণি, আধুনিক আন্তঃগাঁথনি নিৰ্মাণ, ছেমিকণ্ডাক্টৰ, কৃষিক্ষেত্ৰত নতুন সুযোগ, চাহ বাগিচা আৰু শ্ৰমিকসকলৰ উন্নতিৰ লগতে পৰ্যটনৰ বিশাল সম্ভাৱনাই এইটোৱে প্ৰমাণ কৰে যে অসম সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈ আছে,” প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে আধুনিক সাৰ কাৰখানাৰ বাবে আৰু গুৱাহাটী বিমানবন্দৰত নতুন টাৰ্মিনেল উদ্বোধনৰ বাবে অসমবাসীক অভিনন্দন জনায়। তেখেতে কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ এন ডি এ চৰকাৰৰ অধীনত উদ্যোগ আৰু সংযোগ ব্যৱস্থাৰ সমন্বয়ে অসমবাসীৰ সপোন পূৰণ কৰিছে আৰু যুৱ সমাজক অধিক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছে।

উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত কৃষক আৰু অন্নদাতাসকলৰ কল্যাণৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয়, “চৰকাৰে কৃষকৰ স্বাৰ্থক সদায় অগ্ৰাধিকাৰ দি আহিছে। সেইবাবে কৃষক-বন্ধুত্বপূৰ্ণ আঁচনিসমূহ সকলোলৈ সম্প্ৰসাৰিত কৰা হৈছে। কৃষি কল্যাণৰ লগতে সাৰৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাটোও অতি প্ৰয়োজনীয়। আগন্তুক দিনত নতুন ইউৰিয়া কাৰখানাই এই যোগান নিশ্চিত কৰিব। প্ৰায় ১১ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে এই প্ৰকল্পত বছৰি ১২ লাখ মেট্ৰিক টনতকৈ অধিক সাৰ উৎপাদন কৰা হ’ব। স্থানীয় উৎপাদনৰ ফলত যোগান দ্ৰুত হ’ব আৰু পৰিবহণ ব্যয়ো হ্ৰাস পাব।”
নামৰূপ ইউনিটে হাজাৰ হাজাৰ নতুন চাকৰি আৰু স্ব-নিয়োজনৰ সুযোগ সৃষ্টি কৰিব বুলি উল্লেখ কৰি তেখেতে কয় যে কাৰখানা কাৰ্যক্ষম হ’লে বহুলোকেই স্থানীয়ভাৱে স্থায়ী চাকৰি লাভ কৰিব। লগতে মেৰামতি, যোগান আৰু আন সহায়ক কাম-কাজৰ জৰিয়তেও যুৱসমাজৰ বাবে কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ’ব।
প্ৰধানমন্ত্ৰীয়ে কয় যে নামৰূপ এটা সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ সাৰ উৎপাদনৰ মুখ্য কেন্দ্ৰ আছিল। “দেশৰ বহু অংশত সাৰৰ অভাৱৰ সময়তো নামৰূপ কৃষকসকলৰ বাবে আশাৰ উৎস আছিল। কিন্তু সময়ৰ সৈতে পুৰণি প্ৰযুক্তি অচল হৈ পৰিল আৰু উৎপাদন স্থবিৰ হ’ল। পূৰ্বৰ চৰকাৰসমূহে এই দিশত কোনো গুৰুত্ব নিদিলে। ফলস্বৰূপে নামৰূপৰ কেইবাটাও ইউনিট বন্ধ হৈ পৰিল, উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকল সমস্যাত পৰিল আৰু কৃষি আয় হ্ৰাস পালে।”
তেখেতে দৃঢ়তাৰে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পূৰ্বৰ শাসনকালত সৃষ্টি হোৱা সমস্যাসমূহ সমাধান কৰিছে। “অসমৰ দৰে আন বহু ৰাজ্যতো সাৰ কাৰখানা বন্ধ হৈছিল। সেই সময়ত কৃষকসকলে ইউৰিয়াৰ বাবে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছিল, দোকানত আৰক্ষীৰ কঠোৰ ব্যৱস্থা কৰিব লাগিছিল, আনকি লাঠীচাৰ্জো হৈছিল,” তেখেতে উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ব্যক্তিগত খণ্ডকো এই ক্ষেত্ৰত উৎসাহিত কৰা হৈছে, যাৰ ফলত ভাৰত ইউৰিয়াৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়িছে।
“২০১৪ চনত দেশত ইউৰিয়াৰ উৎপাদন আছিল মাত্ৰ ২২৫ লাখ মেট্ৰিক টন, আজি এই সংখ্যা প্ৰায় ৩০৬ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। দেশৰ প্ৰয়োজন প্ৰায় ৩৮০ লাখ মেট্ৰিক টন আৰু এই সংখ্যা পূৰণৰ বাবে চৰকাৰে তৎপৰতাৰে কাম কৰি আছে,” প্ৰধানমন্ত্ৰীয়ে কয়।
কৃষকৰ স্বাৰ্থৰ প্ৰতি চৰকাৰ সংবেদনশীল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “বিদেশৰ পৰা উচ্চ মূল্যত আমদানি কৰা ইউৰিয়াৰ বোজা কৃষকৰ ওপৰত পৰিবলৈ দিয়া নহয়। চৰকাৰে ৰাজসাহায্যৰ জৰিয়তে সেই খৰচ বহন কৰে। এগৰাকী ভাৰতীয় কৃষকে এটা ইউৰিয়াৰ বেগ মাত্ৰ ৩০০ টকাত পায়, যাৰ বাবে চৰকাৰে প্ৰায় ৩,০০০ টকা পৰ্যন্ত ৰাজসাহায্য দিয়ে।”
তেখেতে কৃষকসকলক ভূমি সংৰক্ষণৰ স্বাৰ্থত ইউৰিয়া আৰু অন্যান্য সাৰৰ সঠিক ব্যৱহাৰৰ বাবে আহ্বান জনায়। ইয়াৰ লগতে বেয়া বতৰৰ ফলত ফচল নষ্ট হ’লে শস্য বীমা আঁচনিৰ জৰিয়তে সহায় আগবঢ়োৱা হয় বুলি তেখেতে কয়। উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য নিশ্চিত কৰিবলৈ ক্ৰয় ব্যৱস্থাও উন্নত কৰা হৈছে বুলি তেখেতে কয়।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নামৰূপত উৎপাদিত সাৰে কেৱল অসমৰেই নহয়, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশলৈও যোগান নিশ্চিত কৰিব। এই প্ৰকল্পক দেশৰ সাৰ প্ৰয়োজন পূৰণত উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ অৱদান বুলি তেখেতে অভিহিত কৰে।
ভাষণৰ শেষত তেখেতে কয় যে নামৰূপৰ দৰে প্ৰকল্পসমূহে প্ৰমাণ কৰে যে অনাগত দিনত উত্তৰ-পূৰ্বাঞ্চল আত্মনিৰ্ভৰ ভাৰতৰ এক মুখ্য কেন্দ্ৰ হিচাপে উদ্ভাসিত হ’ব আৰু সঁচা অৰ্থত ‘অষ্টলক্ষ্মী’ ৰূপে বিকশিত হ’ব।
অসমৰ জনতাৰ বাবে অগ্ৰগতি, সংযোগ আৰু সৰ্বাংগীণ উন্নয়নৰ এক শক্তিশালী বাৰ্তাৰে সমস্ত কাৰ্যসূচী সম্পন্ন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নতুন দিল্লীলৈ ৰাওনা হয়।










