কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ এদিনীয়া অসম ভ্ৰমণকালত নগাঁও জিলাত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ নতুন প্ৰকল্পৰ উদ্বোধন কৰে। এই উদ্বোধন কাৰ্যসূচী ৰাজ্যখনৰ বাবে এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত হয় আৰু অসমৰ সমৃদ্ধ বৈষ্ণৱ ঐতিহ্যৰ পুনৰুজ্জীৱিতকৰণ আৰু সংৰক্ষণৰ প্ৰতীকৰূপে চিহ্নিত হয়।
অনুষ্ঠানত ভাষণ আগবঢ়াই অমিত শ্বাহে কয়, “দশকজুৰি দখল আৰু অৱহেলাৰ পাছত নগাঁও জিলাত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান এতিয়া সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰি পুনৰ্নিৰ্মাণ কৰা হৈছে।”

পৱিত্ৰ ভূমিত উপস্থিত হোৱাটো তেখেতৰ বাবে গভীৰ তাৎপৰ্যপূৰ্ণ বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই ভূমিৰ পৰাই শ্ৰীমন্ত শংকৰদেৱে কেৱল অসমতেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলজুৰি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল আৰু ইয়াক এক শক্তিশালী আধ্যাত্মিক আৰু সামাজিক আন্দোলনলৈ ৰূপান্তৰিত কৰিছিল।
ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ অৱদানক স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ ইতিহাসৰ এক সংকটময় সময়ত যদি বৰদলৈদেৱে দৃঢ় ভূমিকা গ্ৰহণ নকৰিলেহেঁতেন, তেন্তে অসম আৰু উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ অংশ হৈ নাথাকিলেহেঁতেন। তেখেতৰ দৃঢ়তা আৰু নেতৃত্বই এই অঞ্চলৰ পৰিচয় আৰু ভৱিষ্যৎ সুৰক্ষিত কৰিছিল বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
অমিত শ্বাহে জনায় যে বটদ্ৰৱা থানত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থানত আনুষ্ঠানিকভাৱে ‘আৱিৰ্ভাৱ ক্ষেত্ৰ’ স্থাপন কৰা হৈছে।
তেখেতে কয়, “এই পুনৰ্নিৰ্মিত প্ৰকল্পটো তিনিটা পৰ্যায়ত সম্পন্ন কৰা হৈছে আৰু প্ৰায় ১৬২ বিঘা ভূমিত বিস্তৃত এই প্ৰকল্পত ২২২ কোটিতকৈ অধিক টকাৰ বিনিয়োগ কৰা হৈছে। শ্ৰীমদ্ভাগৱতৰ বৰ্ণিত ধৰ্মীয় চিহ্ন আৰু দৰ্শনৰ সূক্ষ্ম অধ্যয়নৰ আধাৰত নৱবৈষ্ণৱ পৰম্পৰাৰ প্ৰতিটো উপাদান এই স্থানত সজীৱ কৰি তোলা হৈছে।”
অমিত শ্বাহে লগতে কয় যে প্ৰকল্পৰ পৰিকল্পনাসকলে আৰু স্থপতিবিদসকলে ধৰ্মগ্ৰন্থৰ উল্লেখ, সাংস্কৃতিক প্ৰতীক আৰু আধ্যাত্মিক দিশসমূহ গভীৰভাৱে অধ্যয়ন কৰি প্ৰকল্পটোক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ সৈতে সম্পূৰ্ণৰূপে সামঞ্জস্য ৰখাৰ প্ৰচেষ্টা চলাইছে।
“এয়া কেৱল এটা নিৰ্মাণ প্ৰকল্প নহয়, বৰঞ্চ শতাব্দীজুৰি চলি অহা বিশ্বাস, পৰম্পৰা আৰু মূল্যবোধক এক দৃশ্যমান আৰু ভক্তিমূলক ৰূপ দিয়াৰ এক প্ৰয়াস,” তেখেতে কয়।
এই স্থানৰ ব্যাপক তাৎপৰ্যৰ কথা উল্লেখ কৰি অমিত শ্বাহে কয় যে বটদ্ৰৱা থান এতিয়া কেৱল এটা সাধাৰণ উপাসনাস্থলী নহয়। “এয়া এতিয়া এক পৱিত্ৰ তীৰ্থক্ষেত্ৰত পৰিণত হৈছে, যিয়ে বৰ্তমান প্ৰজন্মক ৫০০ বছৰীয় ঐতিহ্যৰ সৈতে সংযোগ কৰে,” তেখেতে কয়।
অমিত শ্বাহে স্মৰণ কৰি কয় যে ২০২০ চনৰ ২৬ ডিচেম্বৰত তেখেতে নিজেই এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল আৰু সম্পূৰ্ণ হোৱা প্ৰকল্পটো উদ্বোধন কৰিবলৈ পোৱাৰ বাবে তেখেতে কৃতজ্ঞতা প্ৰকাশ কৰে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পুনৰ উল্লেখ কৰে যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৰ্বাধিক অৱদান হ’ল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰি তাক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলজুৰি দৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰা। ‘এক শৰণ নামধৰ্ম’ৰ দৰ্শনৰ জৰিয়তে এইগৰাকী সমাজ সংস্কাৰকে এক ঈশ্বৰৰ উপাসনা, জীৱন দৰ্শন আৰু ধৰ্ম পালনৰ লগতে মাতৃভূমিক সন্মান কৰিবলৈ শিকাইছিল।
“বটদ্ৰৱা থান কেৱল এটা নামঘৰ বা ধৰ্মীয় স্থাপত্য নহয়, এই থান অসমৰ পৰিচয় আৰু গৌৰৱৰ প্ৰতীক,” অমিত শ্বাহে কয়। তেখেতে আশা প্ৰকাশ কৰি কয় যে পুনৰ্নিৰ্মিত এই স্থানটোৱে অসমৰ সংস্কৃতি আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰচাৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব।
অমিত শ্বাহে লগতে কয় যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাে আদৰ্শই আমাক স্মৰণ কৰাই যে মানৱ জীৱনত পৱিত্ৰ অসম আৰু ভাৰতৰ দৰে পুণ্যভূমিত জন্ম লোৱাটো এক মহান সৌভাগ্যৰ কথা।
“বটদ্ৰৱা থানৰ পুনৰুজ্জীৱন,” তেখেতে এনেদৰে উল্লেখ কৰি কয় যে এই এইসকল মহান ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে অসমৰ আধ্যাত্মিক ঐতিহ্যৰ পৰা অনুপ্ৰেৰণা লোৱাটো সঁচাকৈয়ে আন এক সৌভাগ্যৰ কথা।
এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে আন মন্ত্ৰী, বিধায়ক, জ্যেষ্ঠ বিষয়া আদি উপস্থিত আছিল।










