দেশৰ ভিন্ন প্ৰান্তত গৌৰৱোজ্জ্বল ৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপন কাৰ্যসূচী আয়োজন কৰা হয়। কিন্তু অসমত এইবাৰ গণৰাজ্য দিৱস উদযাপন কৰাৰ ক্ষণটো এক ঐতিহাসিক হৈ ৰ’ব, কিয়নো প্ৰথমবাৰৰ বাবে গুৱাহাটী আৰু ডিব্ৰুগড়ত একেলগে এই উদযাপন কাৰ্যসূচী আয়োজন কৰা হয়।
গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ উদযাপন কাৰ্যসূচীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য উপস্থিত থাকে। তেখেতে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত হোৱা অগ্রগতিৰ বিষয়ে উক্ত কাৰ্যসূচীৰ ভাষণত উল্লেখ কৰে আৰু ভাৰতৰ সামগ্ৰিক বিকাশ তথা প্ৰগতিৰ যাত্রাত অসমৰ অৱদানৰ কথা সদৰী কৰি ৰাজ্যখনৰ সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বিষয়ত গুৰুত্ব প্ৰদান কৰে।
ৰাজ্যপালগৰাকীয়ে কয়, “বিগত বছৰটোত ৰাজ্যখনত শান্তি প্ৰতিষ্ঠা, আন্তঃগাঁথনিৰ উন্নয়ন, সমাজ কল্যাণ, অৰ্থনৈতিক দিশৰ উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি পৰিলক্ষিত হৈছে। আমি সৰ্বাংগীণ বিকাশত গুৰুত্ব দিছোঁ যাতে উন্নয়নৰ সুফলসমূহ দুৰ্গম অঞ্চলৰ পৰা আৰম্ভ কৰি নগৰাঞ্চললৈ প্ৰতিগৰাকী নাগৰিকে লাভ কৰে।”
তেখেতে কয় যে অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন গড়ে ১৩.৩৩% হাৰত বৃদ্ধি পাইছে। “২০২৩-২৪ বিত্তীয় বৰ্ষত ৰাজ্যিক ঘৰুৱা উৎপাদন প্ৰায় ৫,৭০,২৪৩ কোটি টকা হ’ব বুলি আশা কৰা হৈছে, যিয়ে ৰাষ্ট্ৰীয় গড় ৯.৬%ৰ তুলনাত ১৯.১০%ৰে উল্লেখযোগ্য বৃদ্ধি প্ৰতিফলিত কৰিছে। একেটা বৰ্ষৰ জনমূৰি আয় ১,৫৮,৮০৭ টকা হ’ব বুলি অনুমান কৰা হৈছে, যিটো পূৰ্বৰ বৰ্ষৰ তুলনাত ১৮% অধিক।”

তেখেতে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ প্ৰাপ্তিৰ কথা উল্লেখ কৰি অসম এজেণ্ডা- ২০৩০ আৰম্ভ কৰাৰ বিষয়ে কয়।
“ৰাজ্যখনে এছ ডি জি ইণ্ডিয়া সূচাংকত “আকাংক্ষিত”ৰ পৰা “ফ্ৰণ্ট ৰানাৰ”লৈ গতি কৰি নিজৰ প্ৰদৰ্শন ক্ৰমাগতভাৱে উন্নত কৰিছে। দেশৰ ভিতৰতে সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰি অসমে লক্ষ্য ৭ (সুলভ আৰু স্বচ্ছ শক্তি)ত উপনীত হৈছে,” ৰাজ্যপালগৰাকীয়ে কয়।
অসমত শান্তি উভতি অহাৰ কথা ৰাজ্যপালগৰাকীয়ে উল্লেখ কৰি চৰকাৰ আৰু অসম আৰক্ষীৰ প্ৰচেষ্টাৰ কথা ব্যক্ত কৰে।
তদুপৰি নতুন সেৱাসমূহৰ সৈতে মিছন বসুন্ধৰা ৩.০ৰ শুভাৰম্ভ কৰাৰ বিষয়েও তেখেতে ভাষণত কয়।
স্বাস্থ্য খণ্ডৰ উত্তৰণৰ কথা সদৰী কৰি ৰাজ্যপালগৰাকীয়ে মাজুলী আৰু গোৱালপাৰাত ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ লগতে কোকৰাঝাৰ, বাক্সা, মৰিগাঁও আৰু কলিয়াবৰত আয়ুষ চিকিৎসালয় আৰু গোৱালপাৰাত এখন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন কৰাৰ বিষয়ে কয়।
বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰা হৈছে বুলিও তেখেতে ভাষণত উল্লেখ কৰে। চাহ বাগিচা এলেকাত ২৫০খনতকৈও অধিক মাধ্যমিক বিদ্যালয়, ১০০খন চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু ১১৮খন আদৰ্শ হাইস্কুল নিৰ্মাণ কৰাৰ বিষয়টোৱে ৰাজ্যপালগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰিছে।
তদুপৰি ৫৮ লাখতকৈ অধিক কাৰ্যক্ষম ঘৰুৱা টেপ সংযোগ ব্যৱস্থাৰে ৰাজ্যখনে প্ৰায় ৮০% পৰিয়ালক সামৰি ল’বলৈ সক্ষম হৈছে বুলি লক্ষ্মণ প্ৰসাদ আচাৰ্যই সমৱেত ৰাইজক উদ্দেশ্যি কয়। ইয়াৰ লগতে গ্ৰামাঞ্চলৰ ৯৫%তকৈ অধিক বিদ্যালয় আৰু ৯০% অংগনৱাড়ী কেন্দ্ৰক কাৰ্যক্ষম টেপ সংযোগৰ জৰিয়তে অবিৰত পানী যোগান ব্যৱস্থাৰে সামৰি লোৱা হৈছে বুলিও লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয়।
তেখেতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কৃতিত্বৰ কথা উল্লেখ কৰে আৰু বিগত তিনিটা বছৰত চৰকাৰে ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ নিশ্চিতি প্ৰদান কৰিব পাৰিছে বুলি কয়।
প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ২০২৪ৰ ডিচেম্বৰলৈ ১৯ লাখৰো অধিক পকীগৃহ নিৰ্মাণৰ কথা ৰাজ্যপালগৰাকীয়ে কয়। তদুপৰি গ্ৰামাঞ্চলৰ নিয়োগৰ ক্ষেত্ৰত এম জি এনৰেগাৰ অধীনত ১.০৩ লাখতকৈও অধিক পৰিয়ালে নিৰ্ধাৰিত সময় অনুযায়ী কৰ্মসংস্থাপন লাভ কৰাৰ বাবে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক তেখেতে প্ৰশংসা কৰে।
ৰাজ্যপালগৰাকীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ কথা ব্যক্ত কৰি ২০২৪ বৰ্ষত ই-কেৱাইচি প্ৰমাণিত ১৮ লাখৰো অধিক কৃষকক প্ৰায় ১,৩০০ কোটি টকা বিতৰণ কৰাৰ কথা উল্লেখ কৰে। ২.৫ নিযুত মৎস্য উৎপাদনকাৰীৰে মীন খণ্ডই অসমৰ গ্ৰাম্য অৰ্থনীতিত পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও তেখেতে কয়। ২০১৯-২০ বৰ্ষৰ পৰা ২৭ শতাংশ ঊৰ্ধ্বগামীতাৰে ২০২৩-২৪ বৰ্ষত মাছৰ উৎপাদন ৪.৭৪ লাখ মেট্ৰিকটন হৈছে বুলি ৰাজ্যপালগৰাকীয়ে ভাষণত উল্লেখ কৰে।
“প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত অসমে ১.২৭ লাখ মেট্ৰিকটন চাউল বিতৰণ কৰিছে আৰু ইয়াৰ ফলস্বৰূপে বিগত বৰ্ষটোৰ ডিচেম্বৰলৈকে ২ কোটিৰো অধিক নাগৰিক উপকৃত হৈছে,” তেখেতে ভাষণত কয়।
ৰাজ্যপালগৰাকীয়ে তেখেতৰ ভাষণত বিশেষকৈ জাগীৰোডৰ ২৭,০০০ কোটি টকীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কথা ব্যক্ত কৰে। “অসমলৈ বৃহৎ পৰিমাণৰ বিনিয়োগ আকৰ্ষণৰ প্ৰচেষ্টাৰ ফলত ২৮টা ইউনিটৰ বাবে বুজাবুজিৰ চুক্তি হৈছে, যাৰ প্ৰস্তাৱিত বিনিয়োগ ১৪,৮০০ কোটি টকা আৰু ইয়াৰ ফলত ২১,০০০ৰো অধিক কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে,” তেখেতে কয়।
২০২৪ চনৰ নৱেম্বৰ মাহলৈকে অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত শীৰ্ষ ৰাজ্যসমূহৰ ভিতৰত অসমে স্থান লাভ কৰাৰ বাবে তেখেতে প্ৰশংসা কৰে।
তদুপৰি প্ৰশাসনীয় কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ লগতে নাগৰিক আৰু চৰকাৰৰ মাজত সংযোগ স্থাপনৰ বাবে ৩৯খন সমজিলা গঠন কৰাৰ বিষয়েও ৰাজ্যপালগৰাকীয়ে কয়।










