তিনিচুকীয়াৰপৰা প্ৰায় ১৯০০ কিল’মিটাৰ দূৰৰ এখন চহৰ কানপুৰ৷ কানপুৰৰ এগৰাকী যুৱক মনিন্দৰ (নাম প্ৰকাশৰ বাবে অনিচ্ছুক (কাল্পনিক)ৰ সৈতে সামাজিক মাধ্যমৰ জৰিয়তে তিনিচুকীয়াৰ এগৰাকী যুৱকৰ চিনাকি হৈছিল৷ উক্ত যুৱকগৰাকীয়ে শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰি দিম বুলিয়ে মনিন্দৰৰপৰা প্ৰায় ২৫,০০০ টকা সংগ্ৰহ কৰে৷ টকা লোৱাৰ পাছতেই যুৱকজনে মনিন্দৰৰ সৈতে যোগাযোগ বন্ধ কৰে৷ অৱশেষত ২৬ মে’ত মনিন্দৰ কাষ চাপে স্থানীয় আৰক্ষীৰ৷ তাৰ আগদিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম আৰক্ষীৰ ‘অসম পুলিচ সেৱা সেতু’ নামৰ এটি বিশেষ প’ৰ্টেল মুকলি কৰে৷
এই প’ৰ্টেলটোৰ জৰিয়তে নাগৰিকসকলে ঘৰতে বহি লাভ কৰিব পাৰিব আৰক্ষীৰ বিভিন্ন সেৱা৷ স্থানীয় আৰক্ষীয়ে মনিন্দৰক এই সেৱা ব্যৱহাৰ কৰি তিনিচুকীয়া আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷
তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাস এই নতুন প’ৰ্টেলটোৰ নিৰীক্ষণ কৰি উৎসাহিত হৈ আছিল৷ হঠাৎ সেৱা সেতু প’ৰ্টেলত তিনিচুকীয়াৰ প্ৰথমটো অভিযোগ পঞ্জীয়ন হ’ল মনিন্দৰৰপৰা৷ বিভাস দাস ব্যস্ত হৈ পৰিল, তৎক্ষণাত ইয়াৰ অনুসন্ধানৰ দায়িত্ব বিতৰণ কৰা হ’ল৷ তিনিচুকীয়া আৰক্ষীৰ সক্ৰিয়তাত জুন মাহৰ প্ৰথম সপ্তাহতে মনিন্দৰৰ সম্পূৰ্ণ টকা উদ্ধাৰ কৰাৰ লগতে যুৱকজনকো আটক কৰিবলৈ সক্ষম হয়৷
অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত মনিন্দৰে কয়, “এই ব্যৱস্থাটো সঁচাকৈয়ে প্ৰশংসনীয়৷ মই প্ৰথমে নিজৰ বিষয়ে প্ৰয়োজনীয় তথ্যসমূহ প্ৰদান কৰি পঞ্জীয়ন কৰিলোঁ৷ মই কল্পনাই কৰা নাছিলোঁ অন্য এখন ৰাজ্যৰ আৰক্ষীয়ে ইমান তৎপৰতাৰে মোক সহায় কৰিব৷” এই ঘটনাৰ বিষয়ে পৰিয়ালক নজনোৱাৰ বাবে প্ৰকৃত নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক মনিন্দৰে কয়,“এনে ব্যৱস্থাই আৰক্ষী আৰু নাগৰিকৰ মাজৰ দূৰত্ব হ্ৰাস কৰিব।”
মুম্বাইৰ এটা কৃষি উদ্যোগলৈ আদা ৰপ্তানি কৰাৰ মিছা প্ৰতিশ্ৰুতিৰে আগতীয়া ধন সংগ্ৰহ কৰা এক অভিযোগ মুম্বাইৰপৰা সেৱা সেতু পৰ্টেলত দাখিল কৰিছিল হীৰেন কুমাৰ ডি টন্নাই৷
হীৰেন কুমাৰে কয়, “এই সেৱা প’ৰ্টেলৰ বাবে মুম্বাইৰপৰাই মই কাৰ্বি আংলঙলৈ নোযোৱাকৈয়ে অভিযোগ দাখিল কৰিব পাৰিলোঁ আৰু আৰক্ষীৰপৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিছোঁ৷” ডিফু আৰক্ষী চকীত এই অভিযোগৰ অনুসন্ধান চলি আছে৷
শোণিতপুৰৰ অনুপ ছেত্ৰীয়ে কয়, “মই সেৱা সেতু প’ৰ্টেলত মোৰ খুলশালীৰ চাইবাৰ অপৰাধ সম্পৰ্কীয় এক অভিযোগ দাখিল কৰিছিলোঁ আৰু আৰক্ষীৰপৰা পূৰ্ণ সহযোগ লাভ কৰিছোঁ৷” এওঁলোক হৈছে সেৱা সেতু প’ৰ্টেল ব্যৱহাৰ কৰা প্ৰথমকেইগৰাকী নাগৰিকৰ অন্যতম৷
কেইটামান মাহৰ আগৰ কথা৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ পৰামৰ্শত বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙ, উপ মহাপৰিদৰ্শক বিবেক ৰাজ সিঙ, অতিৰিক্ত মহাপৰিদৰ্শক ধনঞ্জয় পৰশুৰাম ঘনাৱট আৰু গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত প্ৰতীক থুবে ব্যস্ত হয় এক বিশেষ মন্ত্ৰণাত৷ উক্তদিনা আৰক্ষী আৰু ৰাইজৰ মাজৰ ব্যৱধান হ্ৰাস কৰি যোগাযোগৰ মাধ্যম হিচাপে গঢি.বলৈ বিচৰা এই প’ৰ্টেলটো কেনে হ’ব লাগিব এই বিষয়ে আলোচনা হৈছিল অসম আৰক্ষীৰ এটা বিশেষ অভ্যন্তৰীণ দ’লৰ সৈতে৷
অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত হৰমিত সিঙে কয়, “আৰক্ষী আৰু জনসাধাৰণৰ সম্পৰ্কক নতুন সংজ্ঞা প্ৰদান কৰাৰ লক্ষ্যৰে মুকলি কৰা এই প’ৰ্টেলটোৱে নাগৰিকসকলক প্ৰকৃত সময়ত বিভিন্ন সেৱা লাভ কৰাৰ সুবিধা প্ৰদান কৰিব৷ আমি এই প’ৰ্টেল নিৰ্মাতাসকলক কৈছিলোঁ যাতে তেওঁলোকে অনলাইন ৱেবছাইট এটাৰ দৰেই সহজ আৰু সুচলভাৱে প’ৰ্টেলটো নিৰ্মাণ কৰে৷” তেওঁ লগতে কয়, “এই প’ৰ্টেলটোৰ জৰিয়তে আমি আৰক্ষীৰ সৰ্বাধিক সেৱা ৰাইজক আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ৷ ইতিমধ্যে এই প’ৰ্টেলৰ জৰিয়তে আমি ২৬টা সেৱা ৰাইজৰ বাবে উপলভ্য কৰিছোঁ৷ অভিযোগ তথা জনসাধাৰণৰ সহায় সম্পৰ্কীয় মাচুলবিহীন সেৱাৰ লগতে কিছুমান মাচুলযুক্ত সেৱাও ইয়াত আছে৷”
অহা কেইমাহমানৰ ভিতৰতে এই প’ৰ্টেলটোৰ বাবে এটা এণ্ড্ৰয়ড আৰু আইঅ’এছ এপ নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, “আৰক্ষীসকলৰ সেৱা সংক্ৰান্তীয় যিকোনো অভিযোগ নিষ্পত্তিৰ বাবে প’ৰ্টেলটোত আৰক্ষী বিভাগৰ কৰ্মীসকলৰ বাবেও এটা সুবিধা সংযুক্ত কৰা হৈছে৷
গুৱাহাটী মহানগৰৰ যুটীয়া আয়ুক্ত প্ৰতীক থুবেয়ে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “এই প’ৰ্টেলটোৱে আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাসমূহত ক্ষিপ্ৰতা আৰু সক্ৰিয়তা আনিব৷ ই নাগৰিকে সেৱা লাভ কৰাৰ বাবে প্ৰয়োজন হোৱা সময়ৰ ব্যৱধান হ্ৰাস কৰিছে আৰু আৰক্ষীৰ ভিতৰ চ’ৰাতো মেনুৱেল কাম-কাজসমূহ হ্ৰাস কৰিছে৷” প্ৰতীক থুবেয়ে কয় যে মহানগৰ আৰক্ষী আয়ুক্তালয়ত সেৱা সেতু প’ৰ্টেল নিৰীক্ষণৰ বাবে এক ডিজিটেল যোদ্ধাৰ দল গঠন কৰা হৈছে৷ তেওঁ লগতে কয় যে ইতিমধ্যে প’ৰ্টেলটোত ম’বাইল চুৰি, চাইবাৰ অপৰাধকে আদি কৰি বিভিন্ন ধৰণৰ অভিযোগ অহাৰ উপৰি মহানগৰ আৰক্ষীয়ে নাগৰিকসকলে ভাগ-বাটোৱাৰা কৰা বিভিন্ন অপৰাধ সম্পৰ্কীয় ইনপুট্ লাভ কৰিবলৈও সক্ষম হৈছে৷
তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱে অসম বাৰ্তাক কয়, “অসম সেৱা প’ৰ্টেলটো নাগৰিক আৰু আৰক্ষীৰ বাবে ব্যৱহাৰ কৰিবলৈ যথেষ্ট সহজ হোৱাৰ বাবে অতি কম সময়ৰ ভিতৰতে প’ৰ্টেলটো নিৰ্মাণৰ উদ্দেশ্য সফল হোৱাত সহায়ক হৈছে৷”