সুধাকণ্ঠ ড° ভূপেন হাজৰিকা – যাৰ অম্লান কণ্ঠত বিৰাজমান জাতি-মাটি-ভেটিৰ সুৰ। বিশাল ব্যক্তিত্বৰ অধিকাৰী ড° ভূপেন হাজৰিকাই গাইছিল মানৱতাৰ গীত। ড° ভূপেন হাজৰিকা — কেৱল নাম এটা নাম নহয়, এটা অনুষ্ঠান। যি অনুষ্ঠানে সমাজ জীৱনৰ প্ৰায় প্ৰতিটো বিষয়বস্তুক হৃদয়ংগম কৰি সৃষ্টিৰ গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছিল বহু অধ্যায়। সেই অধ্যায়সমূহ প্ৰতিটো প্ৰজন্মই পঢ়িব, স্মৰণ কৰিব। ১৯২৬ চনত শদিয়াত জন্মগ্ৰহণ কৰা ভূপেন হাজৰিকাই শিশুকালৰেপৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছিল। লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আদিৰ দৰে মহান অসমীয়াৰ সান্নিধ্যই সুধাকণ্ঠৰ সৃষ্টিৰাজিক অনুপ্ৰাণিত কৰিছিল।
১৯৩৭ চন – ভূপেন হাজৰিকাই লিখিছিল তেখেতৰ প্ৰথমটো গীত।
“কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে
ধৰিছিল নামৰে তান..”
সেই তেতিয়াৰ পৰা আৰম্ভ হোৱা যাত্ৰা আৰু থমকি নৰ’ল। সৃষ্টি হ’ল অসংখ্য গীত, কথা, কবিতা, চলচ্চিত্ৰ আদিৰ। ৰাজনীতি, শিক্ষা, সাংস্কৃতিক, সংবাদ সেৱা আদি সকলো ক্ষেত্ৰতে পাকৈত আছিল ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা।
‘নিউ ইণ্ডিয়া’, ‘গতি’, ‘বিন্দু’, ‘আমাৰ প্ৰতিনিধি’, ‘প্ৰতিধ্বনি’ আদি আলোচনীৰ সৈতে জড়িত হৈ তেখেতে সাংবাদিকতাৰ ক্ষেত্ৰখনক প্ৰস্ফুটিত কৰিছিল। ‘এৰাবাটৰ সুৰ’ (১৯৫৬)ৰ জৰিয়তে চলচ্চিত্ৰ পৰিচালনাত আত্মপ্ৰকাশ কৰা সুধাকণ্ঠই পাছলৈ শকুন্তলা, প্ৰতিধ্বনি, লটিঘটি, চিকমিক বিজুলী, ছিৰাজ (১৯৮৮) আদি অসমীয়া চিনেমা পৰিচালনা কৰে। অসমীয়া চিনেমাৰ সমান্তৰালকৈ হিন্দী, বাংলা আৰু আন ভাষাৰ চিনেমাতো সংগীত পৰিচালনাৰ দায়িত্ব পালন কৰিছিল সুধাকণ্ঠই। ভূপেন হাজৰিকাই কণ্ঠদান কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ আছিল :- ইন্দ্ৰমালতী। ছবিখনত তেখেতে শিশু চৰিত্ৰত অভিনয়ো কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। ‘মেৰা ধৰম মেৰী মা’ শীৰ্ষক চিনেমাখন আছিল ভূপেন হাজৰিকাই পৰিচালনা কৰা একমাত্ৰ হিন্দী চিনেমা।
তেখেতে স্বাধীনভাৱে সংগীত পৰিচালনা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ আছিল ‘সতী বেউলা’। আব্দুল মজিদ পৰিচালিত ‘চামেলি মেমচাব’ৰ কাৰণে সুধাকণ্ঠই লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা। চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনন্য অৱদানৰ বাবে তেখেতক দাদা চাহেব ফাল্কে বঁটাৰে বিভূষিত কৰা হৈছিল। তেখেতৰ সাগৰসদৃশ কৰ্মৰাজিক সন্মান জনাই আগবঢ়োৱা হৈছিল পদ্মশ্ৰী, পদ্মভূষণ, শ্ৰীমন্ত শংকৰদেৱ বঁটাকে ধৰি বহু বঁটা-সন্মান। এইগৰাকী মহান অসমীয়াৰ অৱদানক কেইটামান শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।
সাগৰ সংগমত সাঁতুৰি ক্লান্ত নোহোৱা সুধাকণ্ঠৰ কৃতি আৰু বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ বিশ্বব্যাপী প্ৰচাৰেৰে তেখেতৰ মহান কৰ্মৰাজিক সংৰক্ষণ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰিছে এটি বিশেষ পদক্ষেপ। ১২ এপ্ৰিলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেটে ২০২৫ চনৰ ৮ ছেপ্টেম্বৰৰ পৰা ২০২৬ চনৰ ৮ ছেপ্টেম্বৰলৈ বছৰজোৰা কাৰ্যসূচীৰে তেখেতৰ জন্ম শতবার্ষিকী উদযাপনত অনুমোদন জনায়। এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ পৃষ্ঠপোষকতাত আৰু আন বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ৫০জনীয়া শতবার্ষিকী উদযাপন সমিতি গঠন কৰা হ’ব।
গুৱাহাটী, দিল্লী, মুম্বাই, কলকাতা আৰু অৰুণাচল প্রদেশত স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰা হ’ব বুলিও কেবিনেটত সিদ্ধান্ত লোৱা হয়। তদুপৰি সুধাকণ্ঠৰ নামেৰে এটি গুৰুত্বপূৰ্ণ প্রতিষ্ঠানৰ নাম সলনি কৰা হ’ব। ২০২৫ চনৰ ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানৰ বাবে প্রধানমন্ত্রী আৰু ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া সামৰণী অনুষ্ঠানত উপস্থিত থাকিবলৈ ভাৰতৰ ৰাষ্ট্ৰপতিক আমন্ত্রণ জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ১৯ এপ্ৰিল ২০২৫ত নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰে, “বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমবাসীৰ হৈ আমন্ত্ৰণ জনাবলৈ পাই সৌভাগ্য অনুভৱ কৰিছোঁ,” মুখ্যমন্ত্ৰীগৰাকীৰ এই আমন্ত্ৰণৰ প্ৰতি নৰেন্দ্ৰ মোদীয়ে সন্মতি জনায় আৰু তেখেতে অসম চৰকাৰৰ এই পদক্ষেপৰ শলাগ লৈ কেইবাটাও পৰামৰ্শ আগবঢ়াইছে বুলি ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে প্ৰকাশ কৰে।
উল্লেখযোগ্য যে জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ড° ভূপেন হাজৰিকাৰ জীৱনী প্রকাশেৰে বিভিন্ন ভাষাত অনুবাদ কৰা হ’ব আৰু তেখেতৰ জীৱনীৰ ১০ লাখ মূদ্ৰণ কৰি অসমবাসীৰ মাজত বিতৰণ কৰা হ’ব। তদুপৰি তেখেতৰ জীৱন আৰু কৰ্মৰাজি সম্পকীয় তথ্যচিত্ৰ নিৰ্মাণৰ কামো আৰম্ভ কৰা হ’ব। ইয়াৰ লগতে ভাৰত ৰত্নগৰাকীৰ প্ৰতি সন্মান জনাই এটি স্মাৰক মুদ্রা মুকলিৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনোৱাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
অসম চৰকাৰৰ এই পদক্ষেপৰ প্ৰতি ৰাজ্যখনৰ বিদ্বৎ সমাজে প্ৰশংসা কৰে আৰু ভূপেন হাজৰিকাৰ গীত তথা কৰ্মৰাজি যাতে নৱপ্ৰজন্মৰ মাজত অধিক প্ৰচাৰ হ’ব পাৰে, তাৰ বাবে প্ৰয়োজনীয় ডিজিটেল সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰে।










