অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ দিল্লী ভ্ৰমণ কৰি ৰাজ্যখনৰ আৰ্থ-সামাজিক দিশৰ উন্নয়ন বতৰাৰে ভৱিষ্যৎমুখী যাত্ৰাৰ ভেটি স্থাপন কৰে। ৰাজধানী দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ উন্নয়নৰ বিষয়ে অৱগত কৰাৰ লগতে শক্তি, শিক্ষা আৰু আন্তঃগাঁথনি সম্পৰ্কীয় বিভিন্ন বিষয়ত তেখেতে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে উচ্চস্তৰীয় বৈঠকত অংশ লয়। মুখ্যমন্ত্ৰীৰ এই দুদিনীয়া ভ্ৰমণে ৰাজ্যখনৰ উত্তৰণমুখী যাত্ৰা আৰু উন্নয়নৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় গুৰুত্বক প্ৰদৰ্শন কৰে।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি অসমৰ সফলতা আৰু মুখ্য কল্যাণমূলক আঁচনিসমূহ ৰূপায়ণৰ বিষয়ে অৱগত কৰে।
“আজি নতুন দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাক্ষাৎ লাভ কৰি এক ফলপ্ৰসূ আলোচনাত মিলিত হওঁ৷ এই সময়ত আৰ্থ-সামাজিক সূচকসমূহৰ মাজেৰে অসমৰ উল্লেখযোগ্য অগ্ৰগতি আৰু প্ৰধান কল্যাণমূলক আঁচনিসমূহৰ প্ৰায় পৰিপূৰ্ণতাৰ বিষয়ে তেখেতক অৱগত কৰোঁ,”– ২৮ জুলাইত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে প্ৰকাশ কৰে।
“অসমবাসীৰ হৈ অহা ৮ ছেপ্টেম্বৰত তেখেতক স্বাগতম জনাবলৈ আমি যি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ, সেই বিষয়ত তেখেতক অৱগত কৰিলোঁ— যিটো মুহূৰ্ত আমাৰ ৰাজ্যৰ উন্নয়নী যাত্ৰাত আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব,” মুখ্যমন্ত্ৰীয়ে এনেদৰে প্ৰকাশ কৰে।
এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীক এখন পৰম্পৰাগত অসমীয়া গামোচা আৰু কেইবাটাও সাংস্কৃতিক স্মৃতিচিহ্ন উপহাৰস্বৰূপে প্ৰদান কৰে। এই উপহাৰে অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু কেন্দ্ৰ-ৰাজ্য সম্পৰ্কৰ গভীৰতা প্ৰদৰ্শন কৰে।
প্ৰধানমন্ত্ৰীৰ নিৰ্ধাৰিত অসম ভ্ৰমণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৮ ছেপ্টেম্বৰত অসম ভ্ৰমণলৈ আহিব। এই সময়ছোৱাত তেখেতে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বছৰজুৰি উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাৰ নুমলীগড়স্থিত ভাৰতৰ প্ৰথম বায়’-ইথানল প্ৰকল্পও ৰাষ্ট্ৰক উৎসৰ্গা কৰিব। এই পদক্ষেপে বহনক্ষম শক্তি আৰু ৰাজ্যখনৰ ঔদ্যোগীকৰণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰে আৰু গহপুৰত নিৰ্মাণাধীন কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিবলৈ তেখেতক অসম ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।
“নতুন দিল্লীত মাননীয় কেন্দ্রীয় বিত্ত মন্ত্রী শ্রীনির্মলা সীতাৰমন ডাঙৰীয়ানীৰ সৈতে সাক্ষাতত মিলিত হৈ তেখেতক অসম তথা গহপুৰত নির্মাণ হ’বলগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ শিলান্যাস কার্যসূচীলৈ আমন্ত্রণৰ শৰাই আগবঢ়াওঁ। অসমৰ অন্যতম মহান স্বাধীনতা সংগ্ৰামী বীৰাংগনা কনকলতা বৰুৱালৈ উছর্গিত এই উচ্চ শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে উদ্যোগমুখী শৈক্ষিক দৃষ্টিভংগীক কেন্দ্র কৰি নিৰ্মিত প্ৰথম বিশ্ববিদ্যালয়সমূহৰ ভিতৰত অন্যতম হ’ব,” মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এনেদৰে প্ৰকাশ কৰে।
তেখেতে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীকো সাক্ষাৎ কৰে আৰু তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ক’ল ইণ্ডিয়াৰ কাৰ্যকলাপক পুনৰুজ্জীৱিত কৰাৰ বিষয়ে আলোচনা কৰে।
“নতুন দিল্লীত কিছু সময়ৰ পূৰ্বে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰে়ড্ডী ডাঙৰীয়াৰ সৈতে এক ফলপ্ৰসূ বৈঠকত মিলিত হৈ আনন্দিত হ’লোঁ। বৈঠকত মাৰ্ঘেৰিটাত ক’ল ইণ্ডিয়াৰ কাৰ্যকলাপক অধিক উৎসাহজনক, শক্তিশালী আৰু উৎপাদনক্ষম কৰি তোলাৰ বিষয়ে আমি দীঘলীয়াকৈ আলোচনা কৰোঁ,” মুখ্যমন্ত্ৰীগৰাকীয়ে ফে’চবুকত প্ৰকাশ কৰে।
তদুপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰি অসমত জল জীৱন মিছন অধিক শক্তিশালী কৰাৰ বাবেও গুৰুত্বপূর্ণ বিষয়সমূহত আলোচনা কৰে।
২৯ জুলাই তাৰিখে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু সৰ্বানন্দ সোণোৱালৰ সৈতেও সাক্ষাৎ হয়।
কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰৰ সৈতে আলোচনাৰ সময়ছোৱাত অসমৰ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰা হয়। “আলোচনাকালত সম্পদৰ পৰ্যাপ্ততা নিশ্চিত কৰা আৰু ৰাজ্যজুৰি নতুন শক্তি প্ৰকল্পৰ উন্নয়ন ত্বৰান্বিত কৰাৰ সন্দৰ্ভত বিশেষভাৱে আলোকপাত কৰা হয়,” মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
খট্টৰে তেখেতৰ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা অসম চৰকাৰক শক্তি খণ্ডলৈ পূৰ্ণ সহায়ৰ আশ্বাস দিয়ে।
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে হোৱা বৈঠকৰ সময়ছোৱাত অসমৰ জলপথ আৰু বন্দৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বিষয়ত গুৰুত্ব দিয়া হয়।
আলোচনাকালত নিৰ্মাণাধীনত যোগীঘোপা মাল্টিম’ডেল লজিষ্টিক পাৰ্কৰ বিষয়ে আলোচনা কৰা হয়, যাৰ জৰিয়তে যোগাযোগ ব্যৱস্থা উন্নীত হ’ব।
কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত অসম’ আৰু ‘বিকশিত ভাৰত’ৰ পৰিকল্পনাক কেনেদৰে বাস্তৱ ৰূপায়ণ কৰিব পাৰি, সেই দিশতো বিস্তৃতভাৱে আলোচনা কৰে।











