“বিগত পাঁচ বছৰত বড়োলেণ্ড অঞ্চলত হোৱা পৰিৱৰ্তনে জনসাধাৰণৰ জীৱনত উল্লেখযোগ্য পৰিৱৰ্তন আনিছে,” মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনেদৰে ব্যক্ত কৰে। তেখেতে গুৱাহাটীত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত “Bodoland Speaks: From Vision to Action” কাৰ্যসূচীৰ উদ্বোধন কৰে।
“বড়োলেণ্ডত বিগত পাঁচ বছৰত কোনো সংঘৰ্ষ, কোনো হিংসা হোৱা নাই। ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে অব্যাহত ৰখা অবিৰত প্ৰচেষ্টাৰ ফলত এই শান্তি প্ৰতিষ্ঠা হৈছে,” এই কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ড শান্তি চুক্তিয়ে অঞ্চলটোত স্থায়ী শান্তি আৰু উন্নয়ন অনাৰ ক্ষেত্ৰত পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে।
“বড়োলেণ্ডৰ কোনো ব্যক্তিয়ে নিজক দ্বিতীয় বা তৃতীয় শ্ৰেণীৰ নাগৰিক বুলি অনুভৱ কৰা উচিত নহয়, ইয়াৰ বিপৰীতে সকলোৱে নিজক প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে বিশ্বাস কৰা উচিত,” মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ব্যক্ত কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত পাঁচ বছৰত বি টি আৰ অঞ্চল ২০০ৰো অধিকবাৰ পৰিদৰ্শন কৰাৰ কথা কয়। “এই অঞ্চল ভ্ৰমণ কৰাৰ সময়ত মই প্ৰতিবাৰেই বড়োলেণ্ডৰ সমস্যাবোৰ অনুভৱ কৰিছিলোঁ আৰু লগতে অঞ্চলটোত হোৱা বৃহৎ পৰিৱর্তনবোৰো দেখিছিলোঁ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে যেতিয়া বৃহত্তৰ বড়ো তথা অন্যান্য খিলঞ্জীয়া সমাজে উত্তৰণৰ দিশেৰে আগবাঢ়িব, তেতিয়া বড়োলেণ্ড ৰাজ্যখনৰ ভিতৰতে অৰ্থনৈতিকভাৱে শক্তিশালী অঞ্চলত পৰিণত হ’ব।
“শান্তি মানেই উন্নয়নৰ বতৰা। অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰে পৰৱৰ্তী পাঁচ বছৰত বড়োলেণ্ডত সম্প্ৰীতি, সমৃদ্ধি আৰু উন্নয়ন আনিবলৈ প্ৰচেষ্টা চলোৱা হ’ব,” মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়।
এবছুৰ মূল দাবীসমূহ উপলব্ধি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে বড়ো জনগোষ্ঠীয় অধ্যুষিত ১৩খন জিলাত চৰকাৰী নিৰ্দেশনাসমূহ বড়ো ভাষালৈ অনুবাদ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব।
অনুষ্ঠানৰ অংশ হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে ‘BTR Communication Bridge’ মুকলি কৰে। ইয়াত ১৮টা আঞ্চলিক ভাষাত ১০০১টা শব্দ আৰু ১০০১টা বাক্য অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে তেখেতে কেইবাখনো গ্ৰন্থ তথা প্ৰতিবেদন উন্মোচন কৰে – Transforming Bodoland – A Journey of Change in BTR, Lookin’ Within: My Reflections (বি টি চি-ৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ দ্বাৰা লিখিত) আৰু Bodoland Happiness Mission Annual Report (2024–25)।
মুখ্যমন্ত্ৰীগৰাকীয়ে বি টি আৰৰ ১৮টা ভিন্ন ভাষিক সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিসকলকো সম্বৰ্ধনা জনায়। এইসকল ব্যক্তিয়ে সাংস্কৃতিক দিশত সম্প্ৰীতি আৰু সাম্প্ৰদায়িক ক্ষেত্ৰত একতা ৰক্ষাত গুৰুত্বপূর্ণ অৱদান আগবঢ়োৱাৰ স্বীকৃতিস্বৰূপে এই সন্মান জনোৱা হৈছে।

আনহাতে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কয়, “দশকৰ পাছত দশক ধৰি বড়োলেণ্ড হিংসা, হত্যা, অশান্তি আৰু বিভিন্ন গোট তথা সম্প্ৰদায়ৰ আন্দোলনৰ সাক্ষী হৈছিল। কিন্তু এই অঞ্চলত এক ৰূপান্তৰ হোৱাৰো আমি আশা কৰিছিলোঁ।”
অনুষ্ঠানত দুটা অতি গুৰুত্বপূর্ণ নতুন পদক্ষেপৰো শুভাৰম্ভ কৰা হয় — বড়োলেণ্ড এনগেইজড ইথন’গ্ৰাফী পদক্ষেপ আৰু বড়োলেণ্ড মাইগ্ৰেণ্ট ৱ’মেন লাইভলিহুড ছাপৰ্ট কাৰ্যসূচী – যাৰ উদ্দেশ্য হৈছে সম্প্ৰদায়ভিত্তিক গৱেষণাক উৎসাহিত কৰা আৰু বি টি আৰত মহিলাসকলৰ জীৱিকাৰ সুযোগ-সুবিধা বৃদ্ধি কৰা।
অনুষ্ঠানৰ পাছত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰে, “বি টি আৰ হৈছে প্ৰায় ২৬টা থলুৱা সম্প্ৰদায়ৰ বাসভূমি। দীৰ্ঘ সময় ধৰি চলি অহা অশান্তি আৰু বিশৃংখলতাৰ পাছত মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ নেতৃত্বত বড়োলেণ্ডে এতিয়া এক অভূতপূৰ্ব শান্তিৰ পৰিৱেশৰ সাক্ষী হৈছে। এতিয়া আমাৰ লক্ষ্য হ’ব লাগিব এই শান্তিক সুযোগলৈ ৰূপান্তৰ কৰা। এই ৰূপান্তৰ কৰিবলৈ বি টি আৰ আৰু অসমৰ সকলো থলুৱা সম্প্ৰদায়ে বি টি আৰ তথা ৰাজ্যখনৰ ভিতৰত সম্পূৰ্ণ সুখ আৰু শান্তি অনুভৱ কৰাটো অত্যন্ত জৰুৰী।”
তেখেতে বড়োলেণ্ড হেপীনেছ মিছনক এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে আখ্যা দিয়ে, যিয়ে বড়োলেণ্ডক উন্নয়নৰ দিশত আগুৱাই নিয়াত এক মাইলৰ খুঁটি হিচাপে কাম কৰিছে।
অসম চৰকাৰৰ মন্ত্রী ইউ জি ব্ৰহ্মই অনুষ্ঠানত অংশগ্ৰহণৰ পাছত সামাজিক মাধ্যমত প্ৰকাশ কৰে, “বড়োলেণ্ডে এতিয়া সত্য কথা কয়। সত্য মানেই হৈছে সকলো জাতি-জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন। দৃষ্টিভংগীৰ পৰা বাস্তৱ ৰূপায়ণলৈ- এই শব্দবোৰে আমাক লৈ যায় বিকাশ আৰু প্ৰগতিৰ নতুন ভৱিষ্যতলৈ।”










