ডিব্ৰুগড় জিলাৰ মাৰোৱাৰীপট্টি নিৱাসী ২৬ বছৰীয়া ৰোহিত আগৰৱালাৰ চৌকিডিঙ্গীস্থিত নিজৰ কাৰ্যালয়লৈ যাবলৈ ৩০-৪৫ মিনিট সময় ব্যয় হৈছিল। কিন্তু কিছুদিন ধৰি তেখেতৰ এই যাত্ৰাৰ সময় মাত্ৰ ১০ মিনিটতে সীমাবদ্ধ হৈছে। এই পৰিৱর্তন সম্ভৱ হৈছে নতুনকৈ নির্মিত উৰণ সেতুৰ বাবে, যিয়ে জনসাধাৰণৰ বাবে সু্চল যাতায়াত নিশ্চিত কৰিছে।
“মোৰ ঘৰৰ পৰা কাৰ্যালয়ৰ মাজত দূৰত্ব প্ৰায় ২.৫ কিল’মিটাৰ, কিন্তু কাৰ্যালয়লৈ যাওঁতে যান-জঁটৰ বাবে ৩০ মিনিটতকৈ অধিক সময় লাগিছিল, ফলস্বৰূপে বহুদিন মই দেৰিকৈ কাৰ্যালয়ত উপস্থিত হোৱাৰ ফলত মোৰ দৰমহাৰ এটা অংশ কৰ্তন হৈছিল,” ৰোহিতে ‘অসম বাৰ্তা’ৰ প্ৰতিৱেদকক এনেদৰে কয়। তেখেতে লগতে কয়, “সৌভাগ্যক্ৰমে এতিয়া সেই অৱস্থা একেবাৰে সলনি হৈছে। থানা চাৰিআলি-চৌকিডিঙ্গী চাৰিআলি সংযোগী উৰণ সেতুখন আৰম্ভ হোৱাৰ পাছত মাত্ৰ ১০ মিনিটত কাৰ্যালয়ত উপস্থিত হ’ব পাৰিছোঁ আৰু কেতিয়াবা নিৰ্ধাৰিত সময়তকৈ আগতেও উপস্থিত হ’বলৈ সক্ষম হৈছোঁ।”
হনুমানবক্স সূৰযমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰী অৰ্পণা হাজৰিকাই কয়, “এই উন্নয়ন চহৰবাসীৰ বাবে আশীৰ্বাদস্বৰূপ। নতুন উৰণ সেতুখনে যাতায়াত ব্যৱস্থাক অধিক সহজ কৰি তুলিছে আৰু পদযাত্ৰীৰ সুৰক্ষাৰ দিশটোও নিশ্চিত কৰিছে।”
ৰোহিত আৰু অৰ্পণাৰ দৰে ডিব্ৰুগড়ৰ ১৫ লাখতকৈও অধিক বাসিন্দাৰ জীৱনত এই নতুন আন্তঃগাঁথনিয়ে যথেষ্ট প্ৰভাৱ পেলাইছে।
ডিব্ৰুগড় চহৰখনত আন্তঃগাঁথনি উন্নয়নত সংযোজন ঘটাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শেহতীয়াকৈ দুখনকৈ উৰণ সেতু উদ্বোধন কৰে— এখন কনভয় ৰোডত আৰু আনখন পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ৰ সংযোগস্থলত থানা চাৰিআলি-চৌকিডিঙ্গী চাৰিআলিৰ মাজৰ মানকটা পথত।
উদ্বোধন কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে কনভয় ৰোডৰ উৰণ সেতুখনক প্ৰখ্যাত সাহিত্যিক তথা শিক্ষাবিদ ড° লীলা গগৈৰ নামেৰে নামকৰণ কৰা হৈছে আৰু থানা চাৰিআলি-চৌকিডিঙ্গী চাৰিআলি উৰণ সেতুখনক বাগ্মীবৰ নীলমণি ফুকনৰ নামেৰে নামকৰণ কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ডিব্ৰুগড়ৰ সামগ্ৰিক উন্নয়নত চৰকাৰে যথেষ্ট মনোনিৱেশ কৰিছে।” তেখেতে লগতে ঘোষণা কৰে যে মানকটা ৰোড (৮৩.৬২ কোটি), আমোলাপট্টি চাৰিআলি (১৫৭.৭৩ কোটি), পুৰণ ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ৰ সৈতে লাহোৱাল-বৰডুবি-তিনিচুকীয়া জংচন (৭১.৫২ কোটি) আৰু লেজাই কলাখোৱা ৰোড (৬২.১৫ কোটি)ত চাৰিখন নতুন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰা হৈছে।
তেখেতে জনায় যে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা এই উৰণ সেতুৰ নিৰ্মাণৰ প্ৰস্তুতিমূলক কাম সম্পূৰ্ণ হৈছে।
“অসমৰ সকলো প্ৰান্তত আন্তঃগাঁথনিমূলক উন্নয়নক প্ৰাধান্য দিয়া হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ তলত এখন জলপথ সুৰংগ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে এখন এলিভেটেড কৰিড’ৰ আৰু এখন নতুন অৰ্থনৈতিক কৰিড’ৰ নিৰ্মাণৰ পৰিকল্পনা চলিছে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে লগতে কয়, “গুৱাহাটী-ডিব্ৰুগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো অহা বছৰৰ ভিতৰতে সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।”
ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানীৰ মর্যাদা দিয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে, “মুখ্যমন্ত্ৰীৰ সচিবালয়-অসম সচিবালয়, নতুন বিধান সভা ভৱন, ১,৫০০ আসনৰ সভাকক্ষ, বিধায়কৰ আৱাস আৰু ১০০টা আৱৰ্ত ভৱন নিৰ্মাণৰ কাম ছেপ্টেম্বৰত আৰম্ভ হ’ব। এতিয়া প্ৰতিবছৰে দুবাৰকৈ বিধান সভা অধিৱেশন গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব।”
অসম চৰকাৰে খনিকৰত ৩৫,০০০খন আসনবিশিষ্ট ষ্টেডিয়াম এখন নিৰ্মাণৰ কাম আৰম্ভ কৰিছে আৰু এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ডিব্ৰুগড় পৌৰ নিগমৰ কমিশ্যনাৰ হিচাপে নিযুক্ত হ’ব বুলি ঘোষণা কৰা হয়।

উল্লেখযোগ্যভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত:গাঁথনিৰ উন্নয়নৰ বাবে ১০০ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালে এক্স’ত প্ৰকাশ কৰে, “ডিব্ৰুগড়ৰ আন্ত:গাঁথনি আৰু নগৰ সংযোগক নতুন গতি দি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাগ্মীবৰ নীলমণি ফুকন উৰণ সেতু (থানা চাৰিআলি) আৰু ড° লীলা গগৈ উৰণ সেতু (কনভয় ৰোড) উদ্বোধন কৰি আনন্দিত হৈছোঁ।”
তেখেতে লগতে কয় যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰিবহণযোগে ৰূপান্তৰ ধাৰণাত উদ্বুদ্ধ হৈ নিৰ্মিত এই দুখন উৰণ সেতুৱে (প্ৰায় ১১৭ কোটি টকা ব্যয়সম্পন্ন) যাতায়াত ব্যৱস্থাক অধিক সুবিধাজনক কৰি যান-জঁট হ্ৰাস কৰিব আৰু চহৰখনৰ সৌন্দৰ্য্য বৃদ্ধিত সহায় কৰিব।










