চাহ জনগোষ্ঠীয় তথা আদিবাসী সমাজৰ বিশ্বাস, পৰম্পৰা সংস্কৃতিৰ বিশ্বজনীন প্ৰচাৰৰ উদ্দেশ্যে চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা হৈছিল ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক এক কাৰ্যসূচী।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰমুখ্যে অন্যান্য গণ্য-মান্য ব্যক্তিসকলেও এই কাৰ্যসূচীত উপস্থিত আছিল।
উক্ত কাৰ্যসূচীৰ প্ৰস্তুতি পৰ্বৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিল্পী তথা প্ৰশিক্ষকসকলক প্ৰমাণ-পত্ৰ, মাননি আগবঢ়োৱাৰ কথা উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতিক সাকাৰ ৰূপ দি শেহতীয়াকৈ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ অংশগ্ৰহণকাৰী শিল্পী, প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিটিৰ সদস্যসকলক প্ৰমাণ-পত্ৰ আৰু মাননি প্ৰদান কৰা হয়।
উক্ত অনুষ্ঠানত ২৭খন জিলাৰ ভিতৰত ২৪খন জিলাৰ শিল্পী, প্ৰশিক্ষকসকললৈ মাননি আগবঢ়োৱা হয়। বৰাক উপত্যকাৰ শিল্পীসকললৈ পৰৱৰ্তী পৰ্যায়ত প্ৰমাণ-পত্ৰ তথা মাননি প্ৰদান কৰা হ’ব।
বিশেষজ্ঞ সমিতিৰ সদস্যসকলক ৫০ হাজাৰ টকাকৈ, প্ৰশিক্ষক আৰু শিল্পীসকলক ২৫ হাজাৰ টকাকৈ ডি বি টিযোগে প্ৰদান কৰা হয়৷ ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত বিশেষজ্ঞ সমিতিৰ ২৯গৰাকী সদস্য, ৭,৫৩৯গৰাকী শিল্পী আৰু ৩৫৮গৰাকী প্ৰশিক্ষক বা মাষ্টাৰ ট্ৰেইনাৰে অংশ লয়।
অনুষ্ঠানৰ ভাষণ প্ৰসংগত বিশিষ্ট শিল্পী তথা ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ নৃত্য/সংগীত পৰিচালনাৰ সৈতে ওত:প্ৰোতভাৱে জড়িত চাজন নায়কে কয়,“অসমৰ চাহ উদ্যোগৰ ২০০ৰো অধিক বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আমাৰ ঝুমইৰ নৃত্যক বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠা কৰা হ’ল। এয়াই আমাৰ বাবে এক বিশ্ব ৰেকৰ্ড। মই অসম চৰকাৰক ধন্যবাদ জনালোঁ।”
‘ঝুমইৰ বিনন্দিনী’-ৰ অন্যতম মাষ্টাৰ ট্ৰেইনাৰ প্ৰিয়ংকা কুৰ্মীয়ে কয়, “২৪ ফেব্ৰুৱাৰীৰ দিনটোত ঢোল, মাদল, ধামচাৰ শব্দত ৮ সহস্ৰাধিক শিল্পীয়ে ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰাৰ ছবিখন মনলৈ আহিলে আমি এতিয়াও আৱেগিক হওঁ। সেই দিনটোৰ পৰাই আমাৰ সংস্কৃতিয়ে এক নতুন ৰূপ পালে।”
ঝুমইৰ নৃত্যত অংশ লোৱা এগৰাকী শিল্পীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে যে তেখেতে লাভ কৰা ধন স্নাতকোত্তৰ পাঠ্যক্ৰমত ব্যৱহাৰ কৰিব খোজে আৰু এই উপহাৰৰ বাবে তেখেতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়,”আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে ২০২৬ বৰ্ষৰ জানুৱাৰী মাহত চাহ বাগিচা অঞ্চলত আমি আৰু ১০০খন হাইস্কুল স্থাপন কৰিম।”
তেখেতে লগতে কয় যে চাহ জনগোষ্ঠীয় তথা আদিবাসী সমাজৰ বাবে অসম চৰকাৰে মেডিকেল কলেজত ৩০খনকৈ আসন সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী চাকৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত ৩% এই সমাজৰ বাবে আসন সংৰক্ষণ কৰাৰ বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰি জনগোষ্ঠীটোৰ যুৱক-যুৱতীসকলক জ্ঞান আৰু প্ৰজ্ঞাৰ বাটেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছে বুলি কয়।
মুখ্যমন্ত্ৰীয়ে সভাত শ্ৰমিকসকলৰ ভূমিৰ অধিকাৰ সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰি কয়,”নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া অসম বিধান সভাৰ অধিৱেশনত এখন নতুন আইন আনিম আৰু ইয়াৰ জৰিয়তে চাহ বাগিচাৰ লাইনৰ ভূমিৰ অধিকাৰ শ্ৰমিকসকলক প্ৰদান কৰা হ’ব।”

তেখেতে লগতে চাহ বাগিচা অঞ্চলত জগন্নাথ সামূহিক ভৱন তথা দক্ষতা কেন্দ্ৰ নিৰ্মাণ, লাইনৰ ৰাস্তা পকীকৰণ, খোৱাপানীৰ যোগান, মোবাইল মেডিকেল ইউনিট, গৰ্ভৱতী মহিলাসকলক ১৫,০০০ টকা প্ৰদান আদি সুবিধা আগবঢ়োৱাৰ কথা ব্যক্ত কৰি আগন্তুক দিনতো এনেধৰণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে।
চাহ বাগিচা অঞ্চলৰ ল’ৰা-ছোৱালীসকলে যাতে সকলো দিশতে আগবাঢ়ি অসমৰ উত্তৰণৰ যাত্ৰাত সেৱা আগবঢ়াব পাৰে, সেয়া সংকল্প হোৱা উচিত বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
অহা বৰ্ষত দিল্লীত বিশ্ববাসীৰ সন্মুখত পুনৰবাৰ ঝুমইৰ নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ সম্ভাৱনাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে আৰু এই পদক্ষেপত বিহুৰ সমান্তৰালকৈ আন জনগোষ্ঠীৰ পৰিৱেশনো অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব বুলি তেখেতে ভাষণত কয়।
তদুপৰি এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৮০খন সঞ্জীৱনী বাহনৰ ফ্লেগ অফ কৰে। ৰাজ্যখনৰ চাহ-বাগিচাৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহলৈ স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যে এই বাহনসমূহৰ ব্যৱস্থা কৰা হয়।










