২০২৫ চনৰ ১৯ ছেপ্টেম্বৰ — অসমবাসীৰ বাবে এক দুখৰ দিন। ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ খবৰটিয়ে ৰাজ্যবাসীক স্তব্ধ কৰিলে। তেখেতৰ নশ্বৰ দেহ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি পাইছিল, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগতভাৱে উপস্থিত হৈ জুবিন গাৰ্গৰ পাৰ্থিৱ দেহ গ্ৰহণ কৰে আৰু তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াৰ সকলো পৰিকল্পনা নিজে নেতৃত্ব দি আগবঢ়াই নিয়ে। জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীয়ে শেষবাৰৰ বাবে শিল্পীগৰাকীক চাবলৈ ৰৈ আছিল।
তেখেতে কেইদিনমানৰ বাবে সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰি কিংবদন্তি শিল্পীগৰাকীক উপযুক্ত বিদায় দিবলৈ চাৰিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰে। ছিংগাপুৰ চৰকাৰৰ সৈতে আইনী আৰু চিকিৎসা সংক্রান্তীয় যোগাযোগ, শিল্পীগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগৰ ৰাখি পৰামৰ্শ গ্ৰহণ, লগতে লক্ষাধিক অনুৰাগীক জুবিন গাৰ্গৰ অন্তিম সাক্ষাতৰ ব্যৱস্থা আদি ৰাজ্য চৰকাৰে গৃহ আৰু ৰাজনৈতিক বিভাগৰ সৈতে নিখুঁতভাৱে পৰিকল্পনা কৰিছিল, তথ্য আৰু জনসংযোগ বিভাগ আৰু সাংস্কৃতিক বিভাগক শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বিভিন্ন কাম আৰু কাৰ্যসূচীৰ দায়িত্ব ল’বলৈ নিৰ্দেশ দিয়া হয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “নতুন দিল্লী বিমানবন্দৰত আমাৰ প্ৰাণৰ, মৰমৰ জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ এই মুহূৰ্তক কাহানিও বুজাব নোৱাৰিম। সঁচা কথা ক’বলৈ গ’লে, তেওঁৰ মৃত্যুক এতিয়াও গ্ৰহণ কৰিব পৰা নাই। এই সকলোবোৰ যেন এটি বেয়া সপোনৰ দৰে অনুভৱ হৈছে।য’তেই থাকা কুশলে থাকিবা, জুবিন! আমাৰ প্ৰত্যেকৰে হৃদয়ত তুমি জীয়াই থাকিবা চিৰদিন-চিৰকাল।”

মুখ্যমন্ত্ৰীগৰাকীয়ে শিল্পীগৰাকীৰ অমৰ সংগীত ‘মায়াবিনী ৰাতিৰ বুকুত’ স্মৰণ কৰি কয়, “অসমে তোমাৰ অমৰ সৃষ্টিৰ দায়িত্ব বহন কৰি আমি আগুৱাই যাম।”
শিল্পীগৰাকীৰ পাৰ্থিৱ দেহ গুৱাহাটী বিমানবন্দৰত পোৱাৰ পাছত চহৰৰ মূল ৰাস্তাৰে যাত্ৰা কৰি কাহিলিপাৰাৰ বাসগৃহলৈ, তাৰপাছত অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামলৈ লৈ যোৱা হয়। তেখেতৰ লাখ লাখ অনুৰাগীয়ে শাৰী পাতি পাৰ্থিৱ দেহৰ পিছে পিছে ষ্টেডিয়ামলৈ গৈছিল। তেখেতৰ অনুৰাগীসকলৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ষ্টেডিয়ামত দুদিন ৰাখিছিল।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এই জনসমুদ্ৰই প্ৰিয় পুত্ৰগৰাকীক শেষ বিদায় দিলে। তেখেত জীৱনত ৰজাৰ দৰেই আছিল, আজিও স্বৰ্গলৈ ৰজাৰ দৰে বিদায় ল’লে।”
এই সকলোবোৰতে তেখেতৰ পৰিয়ালৰ মতামত আৰু ইচ্ছাৰ বাবে যাতে আলোচনা কৰা হয়, সেয়া মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে নিশ্চিত কৰিছিল। জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে আলোচনাৰ ফলস্বৰূপে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান নিৰ্বাচিত হয় সোণাপুৰৰ কমাৰকুছিত; য’ত ২৩ ছেপ্টেম্বৰত ৰাজ্যিক সন্মানৰ সৈতে তেখেতৰ অন্তিম সংস্কাৰ সম্পন্ন হয়। মাত্র দুদিনৰ ভিতৰতে এই স্থান সাজু কৰি তোলা হয়। তেখেতৰ অন্তিম যাত্ৰাত শিল্পীগৰাকীৰ পিতৃ, পত্নী আৰু পৰিয়ালৰ আন সদস্যসকলে সংগ দিয়ে।

গুৱাহাটীৰ পৰা সোণাপুৰলৈ গৈ থকা ৰাষ্ট্ৰীয় পথটোত হাজাৰ হাজাৰ অনুৰাগীয়ে তেখেতক শেষ দেখাৰ বাবে অপেক্ষা কৰিছিল। কমাৰকুছিৰ অন্তিম সংস্কাৰৰ স্থানতো হাজাৰ হাজাৰ লোক একত্ৰিত হয় আৰু “জয় জুবিন দা”ৰ ধ্বনিৰ সৈতে, “মায়াবিনী”ৰ সুৰৰ সৈতে শিল্পীগৰাকীক বিদায় দিয়ে।
ভাৰত চৰকাৰৰ প্ৰতিনিধি, বিভিন্ন ৰাজ্যিক সংস্থা, সংগঠন আৰু শিল্পী সমাজে অসমবাসীৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখে, “প্ৰিয় জুবিনক শেষবাৰৰ বাবে দেখা পাবলৈ সৌভাগ্য হৈছিল। তেখেত অসমবাসীৰ হৃদয়ত সদায় জীয়াই থাকিব। বিদায় জুবিন। তোমাৰ সমান আন কোনো নহ’ব। তোমাৰ সংগীত আৰু চিন্তাৰ মাজেৰে আমি তোমাক চিৰকাল জীৱন্ত কৰি ৰাখিম।”
সোণাপুৰস্থিত এই স্থানটোত শীঘ্ৰে এক স্মৃতিসৌধ নিৰ্মাণ কৰা হ’ব বুলি চৰকাৰে ঘোষণা কৰে।
জুবিন গাৰ্গৰ পৰিয়ালৰ সৈতে হোৱা আলোচনা অনুসৰি তেখেতৰ চিতাভস্ম তেখেতৰ জন্মস্থান যোৰহাটলৈ লৈ যোৱা হয়; য’ত ১ অক্টোবৰ তাৰিখে লক্ষাধিক লোক একত্ৰিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সাংস্কৃতিক পৰিক্ৰমা বিভাগে অনন্য পদক্ষেপ হিচাপে শিল্পীগৰাকীৰ চিতাভস্ম সংৰক্ষণৰ পদক্ষেপ লয়। বিভাগীয় মন্ত্ৰী বিমল বড়াই সংবাদ মাধ্যমত কয়,“জুবিন গাৰ্গ অসমৰ জনতাৰ শিল্পী আছিল। সেইবাবে এখন অনলাইন প’ৰ্টেল আৰম্ভ কৰা হ’ব, য’ত কোনো সংস্থা বা প্ৰতিষ্ঠানে পৱিত্ৰ চিতাভস্মৰ অনুৰোধ কৰিব পাৰে। আবেদন অনুসৰি সেই ভস্ম প্ৰদান কৰা হ’ব। লগতে, যোৰহাটতো এটি দ্বিতীয় স্মৃতিসৌধ নিৰ্মাণৰ বাবে চিতাভস্মৰ একাংশ পঠিওৱা হ’ব।”
যোৰহাটত আয়োজিত এই দিনব্যাপী অনুষ্ঠানত এক লাখতকৈ অধিক অনুৰাগী উপস্থিত আছিল। ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰৰ প্ৰায় ২০০০ অনুৰাগীয়ে সমবেত হৈ প্ৰাৰ্থনা, কীৰ্তন আৰু নামপ্ৰসঙ্গত অংশ লয়। ১০০গৰাকী গায়ন-বায়নে ভজন গায় আৰু ৫০০গৰাকীয়ৰ দিহা নাম পৰিৱেশন কৰে।
শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ৪৫গৰাকী আত্মীয়ৰ সৈতে এই অনুষ্ঠানত অংশ লৈ কয়, “যোৰহাটে জুবিনৰ সাংস্কৃতিক জীৱন গঢ়াত অনন্য অৱদান আগবঢ়াইছে। পিতৃৰ স্বাস্থ্যজনিত কাৰণত আমি সোণাপুৰত অন্তিম সংস্কাৰ কৰিবলৈ বাধ্য হৈছিলোঁ, কিন্তু আজি এই অনুষ্ঠানৰ জৰিয়তে আমি সকলোৱে একত্ৰিত হৈ তেখেতৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।”

মন্ত্ৰী বিমল বড়াই প্ৰকাশ কৰে, “যোৰহাট — আমাৰ প্ৰিয় জুবিনৰ জীৱনৰ স্মৃতিত জড়িত এটা বিশেষ স্থান। আজি তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে অনুষ্ঠিত ১৩সংখ্যক দিনৰ ধৰ্মীয় অনুষ্ঠানত অংশ লৈ চিতাভস্মত ফুলেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। জুবিন গাৰ্গ চিৰকাল আমাৰ মাজত অমৰ হৈ থাকিব।”
এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম মন্ত্ৰীসভাৰ সদস্য অতুল বৰা উপস্থিত আছিল।










