২০২২ চনৰ ২৭ মে’ত স্থাপন হোৱাৰ পৰা নামচাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ে চাহ জনজাতীয় শিক্ষাৰ্থীসকলৰ বাবে আশাৰ পোহৰ বিলাই আহিছে।
তেওঁলোকে পূৰ্বে মাধ্যমিক বিদ্যালয়ৰ অভাৱত শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈছিল। মাত্ৰ দুবছৰৰ ভিতৰতে বিদ্যালয়খনে ৩০০তকৈ অধিক বিদ্যালয় শিক্ষা ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীক পুনৰ বিদ্যালয়লৈ উভতাই আনি অসমৰ অতি দুৰ্গম অঞ্চলসমূহৰ শিক্ষাৰ ক্ষেত্ৰখনত ৰূপান্তৰ ঘটাইছে।
এই সন্দৰ্ভত বিদ্যালয়খনৰ অধ্যক্ষ দেৱজিৎ ঘোষে কয় “পূৰ্বে চাহ বাগিচাৰ ল’ৰা-ছোৱালীসকলে কেৱল প্ৰাথমিক শিক্ষাহে গ্ৰহণ কৰিছিল। ইয়াৰ পাছত বিদ্যালয় ত্যাগ কৰিবলৈ তেওঁলোক বাধ্য হৈছিল। ইয়াৰ কাৰণ হ’ল ১৫ কিল’মিটাৰ পৰ্যন্ত এখনো মাধ্যমিক বিদ্যালয় নাছিল। ওচৰৰ বিদ্যালয়লৈ যাবলৈ হ’লেও দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান পাৰ হৈ যাব লাগিছিল, যি অতি বিপদজনক আছিল।”
আদৰ্শ বিদ্যালয়খন স্থাপন হোৱাৰ পাছতেই এই পৰিস্থিতিৰ পৰিৱর্তন ঘটে। ঘোষে কয়, “বয়স নির্বিশেষে সকলো ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে ন্যূনতম বয়স আছিল ১৮ বছৰ।”
প্ৰথম বৰ্ষত নামভৰ্তিৰ সংখ্যা আছিল ২৭১ আৰু দ্বিতীয় বৰ্ষত এই সংখ্যা ৩২৬লৈ বৃদ্ধি পায়।
প্ৰথম বৰ্ষত ৩২গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয় আৰু ১৪গৰাকী উত্তীৰ্ণ হয়। দ্বিতীয়টো বছৰত ২০গৰাকীয়ে পৰীক্ষা দিয়ে আৰু ইয়াৰ ভিতৰত ১৮গৰাকী উত্তীৰ্ণ হয়। অৰ্থাৎ ৯০% উত্তীৰ্ণৰে এয়া এক অনন্য সফলতা।
নামভৰ্তিৰ উপৰি ঘোষে শিক্ষাৰ্থীসকলৰ মাজত দেখা দিয়া ৰক্তহীনতাৰ সমস্যাও মধ্যাহ্ন ভোজনত পুষ্টিকৰ খাদ্যৰ যোগান ধৰি সফলতাৰে সমাধান কৰে। তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান শিক্ষাৰ প্ৰতি গভীৰ আগ্ৰহো গঢ়ি তোলে। চলিত বৰ্ষত ৮গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত নামভৰ্তি লৈছে।
বিদ্যালয়লৈ প্ৰতিদিনে প্ৰায় ১৫০ কিল’মিটাৰ যাত্ৰা কৰি অহা ঘোষে কয়,
“আগতে মই ডিব্ৰুগড়ৰ এখন বিদ্যালয়ত কৰ্মৰত আছিলোঁ। বৰ্তমান জিলাখনৰ আটাইতকৈ দুৰ্গম অঞ্চলৰ বিদ্যালয়ত নিযুক্ত। তথাপি বিদ্যালয়খনে চাহ জনজাতীয় সমাজলৈ যি উন্নয়ন আনিছে, তাৰবাবে মই সুখী অনুভৱ কৰিছোঁ।”
তেখেতে লগতে কয়, “তৃণমূল পৰ্যায়ৰ উন্নয়নৰ বাবে কৰা অসম চৰকাৰৰ আন্তৰিক প্ৰচেষ্টা প্ৰত্যক্ষভাৱে দেখিবলৈ পোৱা গৈছে। মোৰ দৃঢ় বিশ্বাস যে অহা ১০-১৫ বছৰৰ ভিতৰত চাহ জনজাতীয় সমাজত এক বৃহৎ পৰিৱর্তন আহিব।”
তেখেতৰ সৈতে সহমত প্ৰকাশ কৰি চাবুৱা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ অঞ্জন কোঁৱৰেও কয়, “এই বিদ্যালয়সমূহে প্ৰতিটো শিশুৰ সামগ্ৰিক বিকাশত গুৰুত্ব দি কাম কৰিছে। চৰকাৰৰ সহায়ত আমি ক্ৰীড়া সামগ্ৰী ক্ৰয় কৰিছোঁ আৰু স্মাৰ্ট টিভিৰো ব্যৱস্থা কৰিছোঁ।”
তেখেতে লগতে কয়, “ল’ৰা-ছোৱালী বিদ্যালয়লৈ ঘূৰি অহাৰ লগে লগে বাল্য বিবাহ আৰু কম বয়সতে গৰ্ভধাৰণৰ দৰে বহু গুৰুত্বপূৰ্ণ সামাজিক সমস্যাও ক্ৰমে হ্ৰাস পাইছে।”
চাবুৱা চাহ বাগিচা আদৰ্শ বিদ্যালয়ত বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা ২৭০গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়ৰ উত্তীৰ্ণতাৰ হাৰ ৬৪%ৰ পৰা বৃদ্ধি হৈ ৯৪%লৈ গৈছে।
নামচাং আদৰ্শ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আৰু বৰ্তমান নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নীৰা নন্দীয়ে কয়, “এই আদৰ্শ বিদ্যালয় আমাৰ দৰে শিক্ষাৰ পৰা আঁতৰি অহা ছাত্ৰ-ছাত্ৰীৰ বাবে আশীৰ্বাদস্বৰূপ।”
তেখেতে লগতে কয়, “প্ৰাথমিক বিদ্যালয়ৰ পাছত পঢ়াৰ সুযোগ নোপোৱাৰ বাবেহে মই বিদ্যালয় এৰি দিছিলোঁ। কিন্তু আদৰ্শ বিদ্যালয় স্থাপন হোৱাৰ বাবে মই পুনৰ এটি সুযোগ পালোঁ। বিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু শিক্ষাৰ গুণগত মান অতি উৎকৃষ্ট। আমাৰ শিক্ষকসকলেও প্ৰতিটো পাঠ্যক্ৰমত বিভিন্নধৰণে সহায় কৰিছিল।”
নীৰাই বৰ্তমান উচ্চ শিক্ষাৰ লক্ষ্যৰ দিশে আগবাঢ়িছে আৰু তেখেতৰ সপোন হৈছে নিজৰ সমাজখনৰ উন্নয়নত অৱদান আগবঢ়োৱা।
গোলাঘাট জিলাত বৰ্তমান ৮খন চাহ বাগিচা আদৰ্শ বিদ্যালয় আছে। দক্ষিণহেঙ্গেৰা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক ৰঞ্জিত বৰুৱাই কয়, “স্থানীয় লোকে এই বিদ্যালয়ক সঁচাকৈয়ে গ্ৰহণ কৰিছে আৰু সকলো প্ৰয়োজনীয় সহায়-সহযোগ বিদ্যালয়খনে লাভ কৰিছে।”
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহত নামভৰ্তিৰ হাৰ ৯৬% বৃদ্ধি পোৱা বুলি উল্লেখ কৰি ২০২৬ চনৰ জানুৱাৰীৰ ভিতৰত অসম চৰকাৰে আৰু ৮০খন আদৰ্শ বিদ্যালয় স্থাপন কৰিব বুলি ঘোষণা কৰে।
উল্লেখযোগ্য যে ২০২৫ চনত মুঠ ৪৯খন চাহ বাগিচা আদৰ্শ বিদ্যালয়ে ৬০%তকৈ অধিক উত্তীৰ্ণৰ সফলতা লাভ কৰিছে; ১৮খনে ৯০% উত্তীৰ্ণ অতিক্ৰম কৰিছে আৰু ১২খনে ১০০% উত্তীৰ্ণৰ সৈতে অনন্য সফলতা প্ৰাপ্তি কৰিছে।











