এক ঐতিহাসিক সফলতাৰ অংশ হিচাপে বিগত চাৰি বছৰত অসম চৰকাৰে ৬.৪৭ লাখ কোটি টকাৰ বিনিয়োগ বা বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আজি ভাৰতৰ ভিতৰতে বিনিয়োগকাৰীসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
ডেৰ বছৰৰ আগতে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলত টাটা গোটে ২৭,০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰচেছিং আৰু টেষ্টিং ইউনিট মৰিগাঁৱৰ জাগীৰোডত স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে, যিয়ে ১৫,০০০টা প্ৰত্যক্ষ আৰু ১৫,০০০টা পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনাৰ ৱাট দেখুৱাইছে। এই ইউনিটত প্ৰতিদিনে ৪৮ মিলিয়ন এ টি এম পি চিপছ উৎপাদন হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
ইয়াৰ উপৰি, আই আই পি এ (সংশোধিত)-ৰ অধীনত উদ্যোগপতিৰ দ্বাৰা ১৪,৬০৩.০২ কোটি টকাৰ ২৮টা বিনিয়োগৰ প্ৰস্তাৱ হোৱাৰ সম্ভাৱনা আছে, যিয়ে ২০,৪৯৭টা নিয়োগৰ সুযোগ সৃষ্টি কৰিব।
আকৰ্ষণীয় বিনিয়োগবোৰ —
এডভাণ্টেজ আছাম ২.০ – ৫.১৮ লাখ কোটি টকা
টাটা গোট – ২৭,০০০ কোটি টকা
আই আই পি এ-ৰঅধীনত – ১৯,০০০ কোটি টকা
বুজাবুজিৰ চুক্তি – ১৩,০০০ কোটি টকা
ৰিলায়েন্স – ২৫০ কোটি টকা
আত্মনির্ভৰ অসম গঢ়াৰ দিশত..
বিগত চাৰি বছৰত উদ্যম প’র্টেলত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ পঞ্জীয়ন প্ৰায় ৩০ গুণ বৃদ্ধি পাইছে। ২০২০ চনত ৯,৩৭১ৰ পৰা এই সংখ্যা ২০২৪ চনত ২.৮৫ লাখলৈ বৃদ্ধি পাইছে। ২০২৫ বৰ্ষৰ এপ্ৰিল মাহলৈ এম এছ এম ই-ৰ পঞ্জীয়ন সংখ্যা হৈছে ৭,৬৪,১৯১, যাৰ জৰিয়তে প্ৰায় ২৫.৫৮ লাখ নিয়োগ সৃষ্টি হৈছে।
২০২২-২৩ বৰ্ষত আৰম্ভ কৰা অসম ক্ৰেডিট গ্যেৰাণ্টী আঁচনিয়ে ছিডবিৰ সহযোগত ২০২৪-২৫ চনত ৭৫,৭৪৭টা এম এছ ইক সহায় কৰিছে। ৬,৪৩৬ কোটিৰ ঋণ সামৰি ৭২% ঋণ মূল্য বৃদ্ধি আৰু ১১৯% প্ৰতিষ্ঠান বৃদ্ধিৰ দিশত অগ্ৰগতি দেখুৱাইছে। ২০২২-২৩ বৰ্ষত ২,১৫৬ কোটি টকাৰ ২১,১৯৫টা এম এছ ইক আৰু ৩,৭৫০ কোটি টকা সাপেক্ষে ২০২৪-২৫ বৰ্ষত ৩৪,৫৫৬টা এম এছ ইলৈ সমৰ্থন আগবঢ়াইছে।
২০২৪-২৫ বিত্তীয় বৰ্ষত আই চি এণ্ড পিই বিভাগে প্ৰধানমন্ত্ৰীৰ নিয়োগ সম্ভাৱনা সৃষ্টি কাৰ্যক্ৰম (পি এম ই জি পি)ৰ লক্ষ্য ১৩২% অতিক্ৰম কৰি ৩,১৭০টা ক্ষুদ্ৰ উদ্যোগ ইউনিটক সমৰ্থন কৰিছে আৰু ২৫,৩৬০টা নিয়োগ সৃষ্টি কৰিছে। তদুপৰি ৯১.০৯ কোটি টকাৰ এক বিশেষ ৰাজসাহায্য প্ৰদান কৰে।
অসমত পি এম এফ এম ই আঁচনিৰ অধীনত ৩০,২৫৬গৰাকী আত্মসহায়ক গোটৰ সদস্যই মূলধনৰ সহায়ত ৮৯.৬১ কোটি টকা লাভ কৰিছিল। এ এছ আৰ এল এম এছলৈ ৬৯.৬৬ কোটি টকা আৰু এ এছ ইউ এল এম এছলৈ ১৯.৯৫ কোটি টকাৰ লগতে বেংকসমূহে অনুমোদন জনোৱা পৰিমাণ আছিল ১১১.৫৩ কোটি টকা। ৩,১৫৬টা ঋণ প্ৰস্তাৱৰ বাবে মুঠ ৪১.৪৫ কোটি টকা ৰাজসাহায্যৰ সৈতে এই অনুমোদন জনোৱা হয়।
উত্তৰ-পূব ঔদ্যোগিক উন্নয়ন আঁচনিৰ অধীনত ৬১৯টা এম এছ এম ইয়ে ২,৯৭৩.১৮ কোটি টকাৰ নিৰ্দিষ্ট বিনিয়োগৰ সৈতে জড়িত হৈ ৮৬৫.২৮ কোটি টকাৰ উদগনি লাভ কৰে। তদুপৰি উন্নতি আঁচনিৰ অধীনত ভাৰত চৰকাৰে ৭,১৮২.৮৩ কোটি টকাৰ প্ৰতিশ্ৰুতিবদ্ধ বিনিয়োগেৰে অসমৰ ৩৫টা ঔদ্যোগিক ইউনিটত অনুমোদন জনায়। বৰ্তমানলৈ ছখন ঔদ্যোগিক প্ৰকল্প সম্পূৰ্ণ হোৱাৰ বিপৰীতে ১৬টা প্ৰকল্প চলি আছে।
অসম চৰকাৰে প্ৰগতিশীল ষ্টাৰ্ট-আপক সহায় কৰিবলৈ ছিডবিৰ সহযোগত ২০০ কোটিৰ কৰ্পাছৰ সৈতে অসম ভেঞ্চাৰ কেপিটেল ফাণ্ড স্থাপন কৰিছে। তদুপৰি এক সমৃদ্ধিশালী ষ্টাৰ্ট-আপ পৰিৱেশ তন্ত্ৰক উদগনি যোগাবলৈ অসম ষ্টাৰ্ট-আপে ২০২৩-২৪ বিত্তীয় বৰ্ষ আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত বিভিন্ন জিলাত অনুষ্ঠিত ৮০টা প্ৰচাৰমূলক অনুষ্ঠানকে ধৰি ৪৫০টাতকৈও অধিক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰিছে। অসম ভিত্তিক ষ্টাৰ্ট-আপসমূহে সামূহিকভাৱে ২০ কোটিৰো অধিক ধন সংগ্ৰহ কৰে।
সুশৃংখলিত সেৱা প্ৰদানৰ জৰিয়তে ব্যৱসায় কৰাটো সহজ কৰি (ই অ’ ডি বি) ২১টা স্বয়ংক্ৰিয় অনুমোদিত সেৱা আৰু ব্যৱহাৰকাৰী চিনাক্তকৰণ সৰল কৰিবলৈ এটা পেন-ভিত্তিক একক ব্যৱসায়িক ব্যৱহাৰকাৰী আইডিৰ সৈতে একক ডিজিটেল প্লেটফৰ্মত ২৭০টাতকৈও অধিক সেৱা আগবঢ়োৱা ২৩টা বিভাগ প্ৰৱৰ্তন কৰা হৈছে। আনহাতে নিষ্পত্তিৰ হাৰ ৯৮.৫%-ৰ সৈতে ২৬ লাখৰো অধিক আবেদন নিষ্পত্তি কৰা হৈছে। ২০২২ চনৰ পৰা ডিজিটেল সংস্কাৰে সম্পত্তি কৰ যথেষ্ট বৃদ্ধি কৰিছে, যাৰ প্ৰমাণ পঞ্জীয়নভুক্ত হোল্ডিং, ৪.৮৩ লাখ জিঅ’-টেগ কৰা সম্পত্তি আৰু ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈ কৰ সংগ্ৰহ দুগুণতকৈও অধিক বৃদ্ধি হোৱাটোকে সূচাইছে।
কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অসমৰ নামৰূপৰ সাৰ কাৰখানাৰ বিদ্যমান চৌহদ পৰিসৰত ১০,৬০০ টকা ব্যয় সাপেক্ষে এটা নতুন ব্ৰাউনফিল্ড এম’নিয়া-ইউৰিয়া প্ৰকল্প স্থাপনত অনুমোদন জনাইছে৷ এই প্ৰকল্পত অসম চৰকাৰে ৪০% অংশীদাৰিত্ব আগবঢ়াব।
ইতিমধ্যে অসম চৰকাৰে পৰিকল্পিত ৮২৩ কোটি টকাৰ ইকুইটিৰ পৰা ৬১৭ কোটি টকা বিনিয়োগ কৰি ২৮,০২৬ কোটি টকাৰ ব্যয় সাপেক্ষে নুমলীগড় শোধনাগাৰ লিমিটেডত প্ৰকল্পৰ কাম অব্যাহত আছে। এই প্ৰকল্পৰ জৰিয়তে ৫০০টা প্ৰত্যক্ষ, ১৫০০টা চুক্তিবদ্ধ আৰু ৩,০০০টা পৰোক্ষ নিয়োগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
এ জি চি এল আৰু অইলৰ যৌথ পদক্ষেপ নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডে আনুমানিক ৩,৫৪৫ কোটি টকা বিনিয়োগ কৰি ১৫০টা প্ৰত্যক্ষ আৰু ১৫০০টা পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিছে।










