২০২৫ চনৰ ২২ মে’, এই বিশেষ দিনটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল সংযোগ আৰু যোগাযোগ খণ্ডত গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হৈ ৰ’ব। কিয়নো এই দিনটোত নগাঁৱৰ হয়বৰগাঁও ৰে’লৱে ষ্টেশ্যনে অমৃত ভাৰত ষ্টেশ্যন আঁচনিৰ অধীনত অঞ্চলটোৰ প্ৰথমটো পুনঃনিৰ্মাণ কৰা ষ্টেশ্যন হিচাপে পৰিগণিত হৈ এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে। দেশৰ ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৬খন জিলাত অৱস্থিত আন ১০২টা নিৰ্বাচিত অমৃত ষ্টেশ্যন (১,১০০ কোটিতকৈ অধিক ব্যয়ৰ)-ৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ষ্টেশ্যনটো উদ্বোধন কৰে। এই আঁচনিৰ অধীনত ১,৩০০ৰো অধিক ষ্টেশ্যন আন্তঃগাঁথনি আৰু যাত্ৰীৰ সুবিধাৰ সৈতে পুনৰ উন্নীতকৰণ কৰা হৈছে।
ৰাজস্থানৰ বিকানেৰত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উক্ত কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে।
বিগত ১১ বছৰৰ পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব দি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় ৰে’ল সেৱাৰ দ্ৰুত অগ্ৰগতিৰ বিষয়ে আলোকপাত কৰে আৰু বন্দে ভাৰত, অমৃত ভাৰত আৰু নমো ভাৰত ৰে’ল সেৱাৰ প্ৰৱৰ্তনকে ধৰি প্ৰায় ৭০টা বন্দে ভাৰত পথে সমগ্ৰ দেশতে সংযোগ স্থাপন কৰিছে বুলি উল্লেখ কৰে।
১৫.৮৫ কোটি টকা ব্যয় সাপেক্ষে ১৩৮ বছৰীয়া হয়বৰগাঁও ষ্টেশ্যন পুনৰ নিৰ্মাণ কৰা হৈছে। এই ষ্টেশ্যনত দিব্যাংগসকলৰ বাবে বিশেষ সুবিধা প্ৰদানকে ধৰি যাত্ৰীসকলৰ বাবে বিভিন্ন আধুনিক সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। ষ্টেশ্যনটোৰ নিৰ্মাণকাৰ্যত অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে আধুনিকতাৰ ৰূপ দিয়া হৈছে।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামীকে ধৰি বিভিন্ন দল-সংগঠনৰ উপস্থিতিত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আনুষ্ঠানিকভাৱে ষ্টেশ্যনটো উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠানৰ পাছত অসমৰ ৰাজ্যপালগৰাকীয়ে এক্স’ত প্ৰকাশ কৰে, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ দ্বাৰা হয়বৰগাঁও অমৃত ভাৰত ষ্টেশ্যনকে ধৰি সমগ্ৰ দেশৰ ১০৩টা অমৃত ভাৰত ষ্টেশ্যন উচৰ্গা কৰা কাৰ্য প্ৰত্যক্ষ কৰাৰ সৌভাগ্য অৰ্জন কৰিলোঁ। নতুন ভাৰত গঢ়াৰ দিশত এয়া এক অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ।”

হয়বৰগাঁৱত পুনৰ উন্নীত কৰা ষ্টেশ্যনে ভৌগোলিক দূৰত্ব হ্ৰাস কৰাৰ লগতে পৰ্যটন, সংযোগ আৰু অঞ্চলটোৰ উন্নয়নক গতি প্ৰদান কৰি জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে।
ভাৰতীয় ৰে’ল সেৱাৰ আধুনিকীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ১০৩টা অমৃত ভাৰত ৰে’ল ষ্টেশ্যন দেশৰ বাবে উৎসৰ্গা কৰাৰ বাবে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই প্ৰধানমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেখেতে লগতে কয় যে ভাৰতৰ ৰে’ল সংযোগ আৰু আন্তঃগাঁথনিত পৰিৱৰ্তন অনাৰ বাবে নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীয়ে আধুনিকতাৰ সৈতে সংযোগ ব্যৱস্থাত উন্নয়ন আনিছে। এই দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰাৰ বাবে তেখেতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰচেষ্টাকো শলাগ লয়।
অমৃত ভাৰত ষ্টেশ্যন আঁচনি
অমৃত ভাৰত ষ্টেশ্যন আঁচনি ২০২১ চনত আৰম্ভ হৈছিল আৰু গান্ধীনগৰ আধুনিকীকৰণৰ প্ৰথমটো ৰে’ল ষ্টেশ্যন হিচাপে পৰিগণিত হৈছিল। সকলো আধুনিক সা-সুবিধাৰ সৈতে এখন পঞ্চ তাৰকাযুক্ত হোটেলো ইয়াত সন্নিৱিষ্ট কৰা হৈছিল। এই আঁচনিখনে ষ্টেশ্যনৰ ভৱনসমূহ উন্নীতকৰণ, ষ্টেশ্যনৰ জৰিয়তে চহৰৰ দুয়োপাৰ সংযোগ, বাছ আৰু মেট্ৰ’ৰ দৰে অন্যান্য পৰিবহণ বিকল্পৰ সৈতে ষ্টেশ্যনসমূহক সংযোগ কৰা আদিৰ ওপৰতো গুৰুত্ব দিছে। তদুপৰি দিব্যাংগসকলৰ বাবে বন্ধুত্বপূৰ্ণ পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হৈছে।
অমৃত ভাৰত ষ্টেশ্যন আঁচনিখনৰ অধীনত যাত্ৰীসকলৰ ভ্ৰমণ অভিজ্ঞতাক উন্নীত কৰাৰ উদ্দেশ্যে আন্তঃগাঁথনি আধুনিকীকৰণৰ দ্বাৰা ভাৰতীয় ৰে’ল বিভাগে গ্ৰহণ কৰা এক প্ৰচেষ্টাক সূচায়। এই আঁচনিখনে শিশুসকলৰ খেলৰ স্থান, ফুড ক’ৰ্ট, পুনঃনিৰ্মিত প্লেটফৰ্ম আদিকে ধৰি সুচল যাতায়াত নিশ্চিত কৰিবলৈ ৰাস্তা বহলীকৰণ, অপ্ৰয়োজনীয় নিৰ্মাণকাৰ্যক নতুন ৰূপ দিয়া, পদাচাৰীৰ বাবে পথ নিৰ্মাণ কৰা,পাৰ্কিঙৰ সুবিধা প্ৰদানৰ লগতে পোহৰ আদি ব্যৱস্থাৰ উন্নীত কৰাকে ধৰি বিভিন্ন কাৰ্য সামৰি লৈছে।










