২০০৭ চনৰ পৰা ওদালগুৰি জিলাৰ দুৰ্গম স্থান ৩নম্বৰ মাজুলী গাঁৱৰ প্ৰায় ৯০০গৰাকী লোকৰ বাবে একমাত্ৰ আশাৰ ভৰসা হৈ পৰিছিল সূৰযমনি মৰ্ডি। চাকৰিত যোগদান কৰাৰ দিনৰে পৰা তেখেতে নিজৰ দায়িত্বৰ গুৰুত্ব অনুভৱ কৰিছিল।
“মোক এইখন গাঁৱৰ আশাকৰ্মী হিচাপে নিযুক্তি দিয়াৰ সময়ত কোৱা হৈছিল যে মোৰ মুখ্য দায়িত্ব হ’ল গৰ্ভৱতী মহিলা আৰু স্তনপান কৰাই থকা মহিলাসকলৰ যত্ন লোৱা। তেতিয়া মোৰ এই অঞ্চলৰ চাহ বাগিচাবাসীৰ মাজত প্ৰসূতি মৃত্যুৰ হাৰ যথেষ্ট আছিল। সেই কথাটো বুজি মই নিয়মীয়া স্বাস্থ্য পৰীক্ষা, প্ৰয়োজনীয় পুষ্টি যোগান, চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ উপকাৰিতা আদি সন্দর্ভত সচেতনতা বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছিলোঁ,” তেখেতে অসম বাৰ্তাৰ প্ৰতিবেদকক এনেদৰে কয়।
সময়ৰ লগে লগে তেখেতৰো অভিজ্ঞতা বৃদ্ধি পায় আৰু আশাকৰ্মীৰ পৰা পৰামৰ্শদাতা আৰু পৰিচৰ্যাৰ ৰূপত কাম কৰিবলৈ আৰম্ভ কৰিলে।
“মই সুখী যে মানুহে মোৰ কথাবোৰ বুজি পাইছে আৰু বিশেষকৈ ঘৰত সন্তান প্ৰসৱ কৰাৰ পৰিৱৰ্তে প্ৰাতিষ্ঠানিক প্ৰসৱৰ ফলপ্ৰসূৰ কথা অনুভৱ কৰিছে। যাৰ ফলত মোৰ অঞ্চলত প্ৰসূতি মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পালে,” তেখেতে কয়।
সূৰযমনিয়ে জনায় যে এতিয়া চিকিৎসকৰ পৰামৰ্শ অনুসৰি সাধাৰণ ডেলিভাৰীৰ পৰা চিজাৰিয়ান ডেলিভাৰীৰ দিশত কিছু ৰূপান্তৰ ঘটিছে। গৰ্ভৱতী মহিলাসকলে এতিয়া ওদালগুৰি জিলা চিকিৎসালয়, বান্দৰগুৰি ষ্টেট ডিচপেন্সাৰী বা মাজখুঁটি উপ-কেন্দ্ৰলৈ স্বাস্থ্যসন্মত দিশৰ বাবে পৰামৰ্শ গ্ৰহণ কৰে।
সূৰযমনিৰ দৰে আন কেইবাগৰাকী ব্যক্তিৰ অবিৰত প্ৰচেষ্টা আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ দূৰদৰ্শী পদক্ষেপৰ ফলস্বৰূপে অসমে প্ৰসূতি মৃত্যুৰ হাৰত শীৰ্ষ স্থানত থকা অপবাদৰ পৰা আঁতৰি আহিছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই উল্লেখযোগ্য বিষয়টোৰ এটি ঘোষণা কৰি এক্সযোগে ছেম্পল ৰেজিষ্ট্ৰেশ্বন ছিষ্টেমৰ কথা প্ৰকাশ কৰে, “অসমৰ বাবে এক অনন্য সফলতা! এছ আৰ এছ ২০১৯-২১ অনুসৰি প্ৰসূতি মৃত্যু হাৰ ১৯৫ৰ পৰা ১৬৭লৈ হ্ৰাস পাইছে। সকলো ৰাজ্যৰ ভিতৰত প্ৰসূতি মৃত্যুৰ হাৰ ২৮% হ্ৰাসেৰে স্বাস্থ্যজনিত সুৰক্ষাত অসমে উন্নত প্ৰদৰ্শন কৰিলে।”
এই সফলতাই স্বাস্থ্য সেৱাৰ উত্তৰণক প্ৰতিফলিত কৰাৰ লগতে জনসাধাৰণৰ সুৰক্ষাৰ বাবে বহু লোকৰ সংঘবদ্ধ প্ৰচেষ্টাৰ ছবিখন স্পষ্টৰূপত দাঙি ধৰিছে। ১,০০,০০০টা প্ৰতিটো জন্মৰ বাবে ১৬৭ গৰ্ভাৱস্থাসংক্রান্তীয় মৃত্যুৰ নতুন সংখ্যাটোৱে ভাৰতৰ সকলো ৰাজ্যৰ ভিতৰত অসমৰ প্ৰসূতি মৃত্যুৰ হাৰ আটাইতকৈ বেছি হ্ৰাস হোৱাটোকে প্ৰতিনিধিত্ব কৰে। তদুপৰি একেখন প্ৰতিবেদন অনুসৰি সমগ্ৰ ভাৰতত প্ৰসূতি মৃত্যুৰ হাৰ ১,০০,০০০টা প্ৰতিটো জন্মত ৯৩টা।
অসমৰ বাবে সু-খবৰৰ ইমানতেই অন্ত হোৱা নাই। এছ আৰ এছ প্ৰতিবেদনে ৰাজ্যখনৰ নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাসৰো তথ্য দাঙি ধৰিছে। এই হাৰ ১,০০০টা জন্মত ৩৮ৰ পৰা হ্ৰাস পাই ৩৬লৈ অৱনমিত হৈছে। যদিও এই সংখ্যা ৰাষ্ট্ৰীয় গড় ২৭তকৈ বেছি, তথাপিও অসমে নিয়মীয়াভাৱে এইক্ষেত্ৰত উন্নত প্ৰদৰ্শন কৰি আহিছে।
মুখ্যমন্ত্ৰীয়ে এই সফলতাৰ বাবে স্বাস্থ্যকৰ্মী, আশাকৰ্মী আৰু নীতি নিৰ্ধাৰকসকলৰ সংঘবদ্ধ প্ৰচেষ্টাৰ শলাগ লয়। “এই সফলতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু অনুপ্ৰেৰণা অবিহনে সম্ভৱ নহ’লহেঁতেন। আমাৰ স্বাস্থ্যকৰ্মী, আশাকর্মী আৰু আন সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”
প্ৰসূতিৰ স্বাস্থ্যৰ উন্নতি আৰু মৃত্যুৰ হাৰ কমাবলৈ চৰকাৰে গুৰুত্বপূৰ্ণ বহু পদক্ষেপ গ্ৰহণ কৰিছে বুলি স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই অসম বাৰ্তাৰ এগৰাকী প্ৰতিবেদকক উল্লেখ কৰে।
“প্ৰাতিষ্ঠানিক প্ৰসৱক উৎসাহিত কৰি দুৰ্গম অঞ্চল যেনে কাৰ্বি আংলং, ডিমা হাছাও, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আদিত ‘বাৰ্থ ৱেইটিং হোম’ স্থাপন কৰা হৈছে। য’ত গৰ্ভৱতী মহিলাসকলক সন্তান প্ৰসৱৰ এসপ্তাহৰ পূৰ্বে লৈ যোৱা হয় যাতে তেওঁলোকৰ সুৰক্ষাৰ দিশটো নিশ্চিত কৰিব পাৰি আৰু তেওঁলোক সঠিক সময়ত স্বাস্থ্য কেন্দ্ৰত উপস্থিত হ’ব পাৰে,” স্বাস্থ্য বিষয়াগৰাকীয়ে কয়।
জননী শিশু সুৰক্ষা কাৰ্যক্রমৰ অধীনত গৰ্ভৱতী মহিলাৰ বাবে বিনামূলীয়া পৰিবহণ সেৱা প্ৰদান কৰা হৈছে। স্থান নিৰ্ভৰ, প্ৰয়োজন ভিত্তিক নতুন পৰিবহণ সেৱাও শীঘ্ৰে আৰম্ভ কৰাৰ পৰিকল্পনা চলি আছে।
তদুপৰি চাহ বাগিচাৰ কৰ্মচাৰী মহিলাসকলৰ বাবে ‘চাহ বাগিচা মজুৰি ক্ষতিপূৰণ আঁচনি’য়ে যথেষ্ট সুফল দিছে বুলিও বিষয়াগৰাকীয়ে সদৰী কৰে। “সচৰাচৰ এইসকল গৰ্ভৱতী মহিলাই তেওঁলোকৰ দৈনিক মজুৰি লাভ কৰিবলৈ প্ৰসৱৰ দুই বা এদিন আগলৈকে কাম কৰি থাকে। এই আঁচনিয়ে গৰ্ভাৱস্থাৰ সময়ত আৰু পাছৰ সময়ছোৱাতো পুষ্টিৰ বাবে চাৰিটা কিস্তিত ১৫,০০০ টকাকৈ প্রদান কৰে,” বিষয়াগৰাকীয়ে কয়।
“প্ৰতিটো প্ৰসূতি মৃত্যুৰ ঘটনা খণ্ড, জিলা আৰু ৰাজ্যিক পৰ্যায়ত পৰ্যালোচনা কৰা হয় আৰু ইয়াৰ গুৰুত্বপূৰ্ণ দিশবোৰ বিবেচনা কৰি প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হয়, ” এই কথা সদৰী কৰি বিষয়াগৰাকীয়ে কয় যে এনেধৰণৰ সমূহীয়া প্রচেষ্টাই অসমৰ স্বাস্থ্য খণ্ডত গুৰুত্বপূৰ্ণ উন্নতি সাধন কৰিছে।










