কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগষ্টৰ শেষ সপ্তাহত দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীত গুৱাহাটীস্থিত ৰাজভৱনত নিৰ্মিত “ব্ৰহ্মপুত্ৰ উইং” উদ্বোধন কৰে। লগতে, তেখেতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৩২২ কোটি টকাৰ মুঠ আঠটা নতুন প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।
তেখেতে ৪০ কোটি টকা ব্যয়ৰ ৩,৩০০ বৰ্গমিটাৰ এলেকাত নিৰ্মিত ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইংটো বহু সাংবিধানিক কাৰ্যকলাপ সুশৃংখলভাৱে চলাবলৈ সহায় হ’ব বুলি উল্লেখ কৰি কয়, “এই উইঙত বিভিন্ন ক্ষেত্ৰৰ শিক্ষার্থী, শিল্পী আৰু গৱেষকসকলক সন্মান জনোৱাৰ ব্যৱস্থা থাকিব। ইয়াৰ লগতে ৰাজ্যপালগৰাকীয়ে অসম চৰকাৰক জনমত সম্বন্ধে অৱগত কৰিব পাৰিব।”
সভা সম্বোধন কৰি গৃহমন্ত্ৰীয়ে কয়, “বিগত কেইবা দশক ধৰি হোৱা বিভিন্ন সংঘাত আৰু প্ৰত্যাহ্বান থকা সত্ত্বেও বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল শান্তি, উন্নয়ন আৰু সৰ্বাংগীণ বিকাশৰ দিশে আগুৱাই গৈছে। এই অঞ্চলটো বিশ্বৰ আটাইতকৈ পুৰণি আৰু বহুমুখী সংস্কৃতিৰ আধাৰ। ইয়াৰ শিল্প, ভাষা, খাদ্যসংস্কৃতি, বস্ত্ৰ, সংগীত আৰু প্ৰাকৃতিক সৌন্দৰ্যই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ মঞ্চত এক বিশেষ পৰিচয় দিয়ে।”
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে,”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলে অভূতপূৰ্ব উন্নয়ন লাভ কৰিছে। উত্তৰ-পূৰ্বাঞ্চল ইতিহাস লিখা হ’লে এই ১১ বছৰ মোদী চৰকাৰৰ শাসনকাল সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব।”
তেখেতে কয় যে মোদী চৰকাৰে ব্ৰিটিছ আমোলৰ তিনিখন পুৰণি ফৌজাদাৰী আইন বাতিল কৰি নতুন তিনিখন ভাৰতীয় আইন প্ৰৱর্তন কৰিছে। “এই নতুন আইনী ব্যৱস্থাত বৈজ্ঞানিক প্ৰমাণ (Forensic Science Laboratories – FSL)ৰ আধাৰত আৰক্ষী তদন্তত বিশেষ গুৰুত্ব দিয়া হৈছে,” মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।
গৃহমন্ত্ৰীয়ে লগতে কয়, “চাইবাৰ সুৰক্ষা বৰ্তমানৰ সময়ত নাগৰিকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। ২০১৯ চনত দিল্লীত প্ৰথম ৰাষ্ট্ৰীয় চাইবাৰ ফৰেন্সিক ক্ৰাইম লেবৰেটৰী স্থাপন কৰা হৈছিল, যিয়ে নাগৰিকসকলক চাইবাৰ অপৰাধীৰ পৰা নিজৰ উপাৰ্জিত ধন সুৰক্ষিত কৰি ৰাখিবলৈ সহায় কৰিছিল।”
তেখেতে জনায় যে দ্বিতীয় এন চি এফ এল গুৱাহাটীস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমীত স্থাপন কৰা হৈছে, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ নাগৰিকসকলৰ আৰ্থিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেখেতে কয় যে এই প্ৰতিষ্ঠানটোৱে ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী কৰাতো সহায় কৰিব।
অমিত শ্বাহে লগতে কয় যে লাচিত বৰফুকন আৰক্ষী একাডেমীত স্থাপন কৰা এই এন চি এফ এলৰ মাধ্যমেৰে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আৰক্ষীয়ে ২৪ ঘণ্টা কাম কৰি দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰাখিব, মাদক আৰু বেআইনী কাৰ্যৰ বিৰুদ্ধে অভিযান চলাব আৰু নাগৰিকসকলৰ উপাৰ্জন সুৰক্ষিত ৰাখিব। তেখেতে লগতে কয়, “আমাৰ সীমান্ত সুৰক্ষাৰ দায়িত্ব লোৱা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলৰ বাবে একাধিক নতুন সুবিধাও আৰম্ভ কৰা হৈছে।”
প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম-শতবৰ্ষ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ অমিত শ্বাহে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “গোলাপ বৰবৰা আছিল এক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আৰু জনপ্ৰিয় নেতা। অসমৰ প্ৰথমগৰাকী অনা-কংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে তেখেতে নিজৰ দূৰদৰ্শিতা আৰু দেশপ্ৰেমৰে প্ৰমাণ কৰিছিল যে এগৰাকী সত্য দেশপ্ৰেমিক ভাৰতীয়ই সাংবিধানিক পদত থাকি ৰাষ্ট্ৰৰ বাবে কেনেদৰে অৱদান আগবঢ়া পাৰে। তেখেতৰ নম্ৰতা, সততা আৰু শাসন আৰু শিক্ষা ক্ষেত্ৰত কৰা যুগান্তকাৰী সংস্কাৰে ৰাজনৈতিক নেতাসকলৰ বাবে এক উচ্চ মানদণ্ড স্থাপন কৰিছে।”
তদুপৰি গৃহমন্ত্ৰীয়ে “জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহৰ কামৰ অগ্ৰগতি পৰ্যালোচনা কৰে আৰু ইয়াক বিভিন্ন সাংস্কৃতিক, শিক্ষামূলক আৰু জনসেৱামূলক কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপে বিকাশ কৰাৰ দিশত নিজৰ পৰামৰ্শ আগবঢ়ায়।










