ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যখনত কমেও এক লাখ নিযুক্তি প্ৰদান কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি যুৱপ্ৰজন্মৰ ৪৪,০০০ৰো অধিক প্ৰাৰ্থীক এবাৰতে নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুক্তি পত্ৰৰ আনুষ্ঠানিক বিতৰণৰ সময়ত ঘোষণা কৰে যে অনাগত কেইসপ্তাহমানৰ ভিতৰতে চৰকাৰে ১৫,০০০ৰো অধিক চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিব৷ ইয়াৰ অৰ্থ হৈছে যে মাত্ৰ দুবছৰৰ ভিতৰতে চৰকাৰখনে নিৰ্বাচনী
প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হ’ব৷ অসমৰ ইতিহাসতে এয়া এক অভূতপূৰ্ব পদক্ষেপ৷
কৃষিখণ্ডত নিযুক্তি সৃষ্টি সীমিত হোৱাৰ বাবে চৰকাৰখনে ব্যক্তিগত খণ্ডত বিনিয়োগৰ পৰিৱেশ অধিক অনুকুল কৰাৰ ব্যৱস্থাসমূহ অটুট ৰাখিলে উৎপাদন আৰু সেৱাখণ্ডৰ জৰিয়তেও হাজাৰ হাজাৰ সংস্থাপন সৃষ্টি হৈ থাকিব৷
এফএমচিজি, পানীয় আৰু চিমেণ্ট উদ্যোগৰ দৰে বহুকেইটা ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰে ৮,০০০ কোটি টকাৰো অধিক পৰিমাণৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা বিষয়টোৱে এক সুখানুভূতি প্ৰদান কৰিছে৷ ই কেৱল মূলধন বৃদ্ধি কৰাই নহয় সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰতো সহায় কৰিব৷
চৰকাৰী চাকৰিৰ ব্যৱস্থাটো সকলোৰে কাম্য আৰু ইয়াৰ নিৰ্বাচনী লাভালাভ আছে যদিও সীমিত ৰাজহ ক্ষমতাৰ এখন ৰাজ্যৰ বাবে নিযুক্তি প্ৰদান কৰি যোৱাটো সহজ বিষয় নহয়৷ ব্যৱহাৰিক দিশৰপৰা ৰাজ্য চৰকাৰে ইয়াৰ সীমাবদ্ধতাৰ বিষয়ে জানে৷
ভাৰতৰ দৰে কল্যাণকামী ৰাষ্ট্ৰই অৰ্থনীতিৰ এক নিৰপেক্ষ আৰ্হিত বিশ্বাস কৰে, অৰ্থাৎ ই বিভিন্ন মতত বিভক্ত হৈ থাকে৷ এহাতে যদি মুক্ত বজাৰ ব্যৱস্থাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হয়, তেন্তে আনহাতে ৰাজহুৱা কল্যাণৰ হকেও ব্যৱস্থা গ্ৰহণ কৰা হয়৷ চৰকাৰে এতিয়ালৈকে বিভিন্ন বিভাগত খালী পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰি আছে যদিও একেসময়তে উদ্যোগ আৰু সেৱা খণ্ডৰ বিকাশৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যও গ্ৰহণ কৰা হৈছে৷
এই লক্ষ্যৰ সফল ৰূপায়ণৰ পাছত জনসাধাৰণৰ উদ্দেশ্যে কল্যাণমূলক পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ এক স্বয়ংক্ৰিয় ব্যৱস্থা গঢ় লৈ উঠিব৷