এটা বিশেষ প’ৰ্টেলৰ জৰিয়তে ৯,০০০ৰো অধিক চৰকাৰী কৰ্মচাৰীৰ (কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ) পাৰস্পৰিক বদলিকৰণ –এয়া অসম চৰকাৰৰ প্ৰশাসন ব্যৱস্থাৰ ইতিহাসত এক অপূৰ্ব অধ্যায় হিচাপে স্মৰণীয় হৈ থাকিব। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক সুচিন্তিতভাৱে ৰূপ দিব পৰা চৰকাৰক অভিনন্দন জনাবই লাগিব।
চৰকাৰী কৰ্মচাৰীৰ বাবে ‘কঠিন’ বা ‘অসুবিধাজনক’ তথা দুৰ্গম স্থানত নিযুক্তি পোৱাটো এক সাধাৰণ কথা। তেওঁলোকে নিজৰ দক্ষতা আৰু প্ৰতিভাৰ জৰিয়তে ৰাইজৰ সেৱাক বাছনি কৰে, ঠিক তেনেদৰে চৰকাৰেও তেওঁলোকক ক’ত নিযুক্তি দিলে সেৱাৰ সৰ্বোচ্চ সদ্ব্যৱহাৰ হ’ব, সেই কথা চিন্তা কৰি তেনে স্থানত নিযুক্তি দিয়ে। কিন্তু জীৱনৰ কোনো এক সময়ত সামাজিক আৰু পৰিয়ালৰ প্ৰেক্ষাপটত বহু কৰ্মচাৰীৰেই নিজে বিচৰা স্থানত বদলিকৰণৰ প্ৰয়োজন দেখা যায়। এই সময়তে মানৱ সম্পদৰ আৱেগিক প্ৰয়োজনক উপলব্ধি কৰি খালী হৈ থকা পদ আৰু প্ৰয়োজনৰ সৈতে সামঞ্জস্য ৰখা আৰু সেই অনুযায়ী সেৱাৰ প্ৰতি কৰ্মচাৰীসকলক অধিক আকৃষ্ট কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আহে।
পূৰ্বে এই বদলিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে মেনুৱেল হোৱাৰ বাবে ব্যৱস্থাটোৰ দুৰ্বলতা আৰু মধ্যস্থতাকাৰীসকলৰ উপস্থিতিয়ে বহু অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইয়াৰ ফলত পৰৱৰ্তী চৰকাৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল, কাৰণ তেতিয়ালৈকে উপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰয়োগ কৰা হোৱা নাছিল।
এইবাৰ এই অনন্য পদক্ষেপৰ জৰিয়তে এই সমস্যা দ্রুত আৰু স্বচ্ছভাৱে সমাধান কৰা হৈছে, যাৰ ফলত কৰ্মচাৰী আৰু সমালোচক সকলোৱে শান্তি অনুভৱ কৰিছে।










