প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া অসম ভ্ৰমণৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্ব স্পষ্টভাৱে প্ৰতিফলিত কৰে। মূল কথা কেৱল কেন্দ্ৰই কিমান অনুদান ঘোষণা কৰিলে বা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কি কি প্ৰকল্প উদ্বোধন কৰিলে সেয়া নহয়। অধিক গুৰুত্বপূর্ণ বিষয়টো হ’ল তেওঁলোকে অসমত কিমান সময় অতিবাহিত কৰিলে আৰু বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়াক ভৌগোলিক-ৰাজনৈতিক প্রতিবেশী হিচাপে ধৰি নতুন দিল্লীৰ সামগ্ৰিক পৰিকল্পনাত অসম যে আগলৈও এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি থাকিব, সেই প্ৰতিশ্ৰুতিৰ এক নতুন ছবি দেখুৱাই গৈছে।
ৰাজ্যৰ এক গুৰুত্বপূর্ণ আন্ত:গাঁথনি প্ৰকল্প উদ্বোধনৰ বাবে জানুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ আৰু এটা ভ্ৰমণ হোৱাৰ সম্ভাৱনাৰ কথাও চৰ্চাত আছিল।
কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ সহযোগিতাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দক্ষ নেতৃত্বত অসম এতিয়া দেশৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি লাভ কৰা ৰাজ্যসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ পথত আগবাঢ়িছে। এনে পৰিস্থিতিত ৰাজ্যবাসীৰ অৱদানো সমানেই গুৰুত্বপূর্ণ। দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশৰ সুস্পষ্ট কৌশলৰ সৈতে সঞ্চয়ক বিনিয়োগলৈ ৰূপান্তৰ কৰাটো সময়ৰ দাবী। নতুন বছৰটোত চৰকাৰ আৰু জনসাধাৰণ দুয়োৰে বাবে এয়াই হওক এক নতুন সংকল্প।










