অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ বাবে গুৰুত্বপূৰ্ণ কেইবাটাও কৰ্মসূচী এই আগষ্ট মাহটোত সম্পন্ন হ’ল৷ এই মাহতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) আৰু ৰাজহুৱা খণ্ডৰ শক্তি প্ৰতিষ্ঠান এনএলচিআইএল (পূৰ্বৰ নেভেলি লিগ্নাইট কৰ্প’ৰেচন ইণ্ডিয়া লিমিটেড)ৰ মাজত সম্পাদন হোৱা বুজাবুজি চুক্তিৰ আধাৰত গঠন কৰা হয় এটা যৌথ উদ্যোগ কোম্পানী (জেভিচি) ৷ কোম্পানীটোৰ জৰিয়তে অসমৰ বিভিন্ন স্থানত ১,০০০ মেগাৱাট সৌৰ শক্তি উৎপাদন কৰাৰ পৰিকল্পনা কৰা হৈছে৷
এই জেভিচিটোত এপিডিচিএলৰ ৪৯ শতাংশ অংশীদাৰিত্বই অসম চৰকাৰৰ এই প্ৰতিষ্ঠানটোৰ উন্নয়নৰ ইংগিত বহন কৰিছে৷ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত এই বিষয়ে চৰ্চা অব্যাহত আছে যে এপিডিচিএলে যোৱা এটা বছৰত সামগ্ৰিকভাৱে উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ আজিৰ তাৰিখত ন্যুনতম ঋণৰ বোজা থকা দেশৰ বিতৰণ কোম্পানীসমূহৰ ভিতৰত এপিডিচিএল অন্যতম৷ তদুপৰি, এপিডিচিএলৰ উপাৰ্জনো বৃদ্ধি পাইছে৷ আটাইতকৈ লক্ষণীয় বিষয়টো হ’ল যে এপিডিচিএলে বহু চৰ্চিত আৰু সফল পাৱাৰ ইউটিলিটী কোম্পানী এনএলচিআইএলৰ দৰে এটা প্ৰতিষ্ঠানৰ সৈতে মুখ্য অংশীদাৰৰ ৰূপত এটা জেভিচি গঠন কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ ভাষণত উল্লেখ কৰাৰ দৰে এক অৰ্থত ই হৈছে ঋণ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দক্ষতাৰ প্ৰতি থকা আস্থাৰ উদাহৰণ৷
আমি সকলোৱে জ্ঞাত যে নৱীকৰণযোগ্য শক্তি ব্যৱহাৰৰ ওপৰতেই আমাৰ পৃথিৱীখনৰ ভৱিষ্যৎ নিহিত হৈ আছে৷ আমি বৰ্তমান প্ৰজন্মটোৰ লগতে ভৱিষ্যতৰ প্ৰজন্মসমূহলৈও এখন সেউজ পৃথিৱী সুনিশ্চিত কৰিব লাগিব৷ ২০৭০ চনৰ ভিতৰত কাৰ্বনমুক্ত বিশ্ব গঢ়িবলৈ ভাৰতে আগবঢ়োৱা প্ৰতিশ্ৰুতিৰ ইও এটা অংশ৷
এই চুক্তিৰ উল্লেখ্য দিশটো হ’ল যে নিৰ্ধাৰিত সৌৰ শক্তিৰ সিংহভাগ উৎপাদন কৰা হ’ব পূৰ্বৰ অৰ্থনৈতিকভাৱে পিছপৰা জিলা কাৰ্বি আংলং, ডিমা হাছাও আৰু ধুবুৰীত৷ ই স্থানীয় অৰ্থনীতিক ঊৰ্দ্ধগামী কৰি তোলাৰ লগতে সহস্ৰাধিক প্ৰত্যক্ষ নিয়োগৰো সৃষ্টি কৰিব৷ মুখ্যমন্ত্ৰীৰ ভাষাত এয়া মাত্ৰ আৰম্ভণিহে, এনে ধৰণৰ বহু প্ৰকল্পৰ পৰিকল্পনা এতিয়া ৰাজ্য চৰকাৰৰ হাতত আছে৷
অৱশ্যে, এটা কথা মনত ৰাখিব লাগে যে সৌৰ শক্তি উৎপাদনৰ সময়ত সৌৰ পেনেলৰ ৰূপত কম পৰিমাণে হ’লেও বিপজ্জনক সেউজ গৃহ গেছ নিৰ্গমন হয়৷ সেয়েহে, ইয়াক সঞ্চালন কৰোঁতে সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন৷ তথাপি, আমি স্বীকাৰ কৰিবই লাগিব যে সেউজ শক্তিতেই নিহিত হৈ আছে মানৱ সমাজৰ ভৱিষ্যৎ৷