বিজু পেগু
প্ৰযুক্তি-নির্ভৰ সংস্কাৰৰ এক ঐতিহাসিক উদাহৰণ হিচাপে অসমে সফলভাৱে ‘Teacher Transfer Management System (TTMS)’ কাৰ্যকৰী কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে ৰাজ্যজুৰি ৪২,০০০ৰো অধিক শিক্ষক বদলি সম্পন্ন কৰা হৈছে আৰু একেলগে দশকজুৰি চলি অহা এক প্ৰশাসনিক বোজা দূৰ কৰাটো সম্ভৱ হৈছে।
এই সফলতাই ভাৰতৰ শিক্ষা ক্ষেত্ৰত এক গুৰুত্বপূর্ণ মাইলৰ খুঁটি স্থাপন কৰিছে। একে সময়ত জটিল আৰু সমস্যাৰে জৰ্জৰিত হৈ থকা শিক্ষক বদলিৰ প্ৰক্ৰিয়াক এতিয়া এটা স্বচ্ছ, নীতি-নিয়মভিত্তিক আৰু প্ৰযুক্তি-সমৰ্থিত ব্যৱস্থালৈ ৰূপান্তৰ কৰা হৈছে।
দশকজুৰি অসমত শিক্ষক বদলি মানেই আছিল হাতে লিখা নথি, দীঘলীয়া অপেক্ষা, অনিয়মীয়া পদ্ধতি আৰু অনিশ্চয়তা। শিক্ষানুষ্ঠানসমূহে শিক্ষাৰ অধিকাৰ আইনত নিৰ্ধাৰিত শিক্ষক-ছাত্ৰ অনুপাত বজাই ৰাখিবলৈ হাবাথুৰি খাইছিল। নগৰ অঞ্চলত শিক্ষক অধিক হোৱাৰ বিপৰীতে দুৰ্গম, গ্ৰাম্য আৰু সীমান্ত অঞ্চলসমূহত স্থায়ী শিক্ষকৰ সংকটে দেখা দিছিল। বদলি বিচৰা শিক্ষকসকলে মাহে মাহে জিলা কাৰ্যালয়লৈ দৌৰিবলগীয়া হৈছিল আৰু প্ৰক্ৰিয়াটো আছিল অধিকাংশ ক্ষেত্ৰতেই দুৰ্নীতিৰে পূৰ্ণ। ইয়াৰ ফলত আইনগত বিবাদো সৃষ্টি হৈছিল, যাৰ ফলত শিক্ষা বিভাগৰ সময় আৰু সম্পদৰ অপচয় হৈছিল।
এই সংকটৰ প্ৰতি সঁহাৰি জনাই অসম বিধান সভাই ২০২০ চনৰ মে’ মাহত “Assam Elementary and Secondary School Teachers’ (Regulation of Posting and Transfer) Act” প্ৰণয়ন কৰে। এই আইনখনে প্ৰথমবাৰৰ বাবে শিক্ষক নিযুক্তি আৰু বদলিৰ ক্ষেত্ৰত এক সুস্পষ্ট, আইনগতভাৱে বাধ্যতামূলক নীতি প্ৰদান কৰে।
এই আইনে সেৱাৰ সময়, বিষয়ভিত্তিক দক্ষতা, যোগ্যতা আৰু স্বাস্থ্য বা পৰিয়ালজনিত কাৰণ আদিৰ ভিত্তিত বদলিৰ স্বচ্ছ মাপকাঠী নিৰ্ধাৰণ কৰে। মুঠ আঠটা পৃথক বদলি শ্ৰেণী নিৰ্ধাৰণ কৰা হয়, প্ৰতিটোৰ বাবে নিৰ্দিষ্ট প্ৰট’কল আছে। এইদৰে শিক্ষক বদলি প্ৰথমবাৰৰ বাবে প্ৰশাসনিক ইচ্ছাৰ ওপৰত নহৈ আইনৰ অধীনত চলিবলৈ আৰম্ভ কৰে।
কিন্তু কেৱল আইন প্ৰণয়নেই যথেষ্ট নাছিল। এই আইনখন বাস্তৱায়ন কৰিবলৈ অসমে এক মৌলিক সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছিল ~ শিক্ষকসকলৰ তথ্য শতাধিক বিদ্যালয় আৰু জিলা কাৰ্যালয়ত সঠিক অৱস্থাত নাছিল। সেৱাৰ ইতিহাস, যোগ্যতা, বিষয় আৰু নিযুক্তি আদিকে ধৰি বহু ক্ষেত্ৰত শুদ্ধ তথ্যসমূহ উপলভ্য নাছিল।
বিদ্যালয়সমূহত সঠিক নামভৰ্তিৰ তথ্য নাছিল, শিক্ষক আৰু শিক্ষাৰ্থীৰ তথ্য পৃথক-পৃথক ব্যৱস্থাত আছিল আৰু বিষয়ভিত্তিক শিক্ষক প্ৰয়োজনৰ সঠিক নথি-পত্ৰৰো অভাৱ হৈছিল। বহু জিলাত ডিজিটেল আন্ত:গাঁথনি আৰু প্ৰশিক্ষিত মানৱ সম্পদৰ অভাৱেও এই ৰূপান্তৰ কঠিন কৰি তুলিছিল।
বাধাসমূহ আছিল ডাঙৰ। দশকজুৰি পুৰণি নথিসমূহৰ সন্ধান, অসম্পূৰ্ণ তথ্যৰ পৰীক্ষা, শিক্ষক ডাটাবেছ প্ৰস্তুত আৰু পুৰণি পদ্ধতিত অভ্যস্ত অংশীদাৰসকলৰ সৈতে সহমত পোষণ কৰা।
টি টি এম এছৰ সফলতা হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ ৰূপান্তৰকামী নেতৃত্বৰ এক শক্তিশালী প্ৰমাণ। স্বচ্ছতা, প্ৰযুক্তিনির্ভৰ শাসন আৰু দুৰ্নীতিমুক্ত জনসেৱাৰ প্ৰতি তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতিয়ে অসমত এক গুৰুত্বপূর্ণ প্ৰশাসনিক ক্ষেত্ৰৰ ৰূপ সম্পূৰ্ণ সলনি কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী প্ৰক্ৰিয়াত ডিজিটেলাইজেশ্যন আৰু স্বচ্ছতাৰ ওপৰত জোৰ দি তেখেতে স্পষ্ট বাৰ্তা দিছিল – জনসেৱা মানেই জনতাৰ সেৱা, ব্যক্তিগত স্বাৰ্থ নহয়। এই দৃষ্টিভংগীয়ে পুৰণি বিভাগীয় অভ্যাস ভাঙিবলৈ প্ৰয়োজনীয় ৰাজনৈতিক সদিচ্ছা সৃষ্টি কৰিছিল।
শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে এই দৃষ্টিভংগীক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। তেখেতে টি টি এম এছ কেৱল আৰম্ভ কৰাই নহয়, বাস্তৱ সমস্যাৰ সৈতে খাপ খুৱাই ন্যায় আৰু সমতা বজাই ৰাখিবলৈ ব্যৱস্থাটো সূক্ষ্মভাৱে পৰিমাৰ্জিত কৰাতো নিশ্চিত কৰে। শিক্ষকসকলৰ মতামত গ্ৰহণ, ব্যৱস্থাটো সময়মতে উন্নত কৰা আৰু ন্যায়সংগত ব্যৱস্থা নিশ্চিত কৰাত তেখেতৰ নেতৃত্ব গুৰুত্বপূর্ণ আছিল।
অসমে আইনগত সংস্কাৰ আৰু ব্যৱহাৰিক প্ৰযুক্তিৰ সংমিশ্ৰণ বাছনি কৰে। টি টি এম এছক এক হাইব্ৰিড প্লেটফৰ্ম হিচাপে উন্নয়ন কৰা হয়। এই ব্যৱস্থাই পাৰস্পৰিক বদলি, আন্তঃজিলা বদলি, আন্তঃজিলা সমন্বয় আৰু জৰুৰী নিযুক্তিৰ দৰে জটিল কামসমূহো সামৰি লৈছে। পুৰণি বদলি ব্যৱস্থাটো দুৰ্নীতিক উৎসাহিত কৰা এক ব্যৱস্থা আছিল, য’ত সততাক শাস্তি আৰু দুৰ্নীতি পুৰস্কৃত হৈছিল।
ডিজিটেল স্বচ্ছতা আৰু নীতি-নিয়মভিত্তিক সিদ্ধান্তৰ জৰিয়তে চৰকাৰে শিক্ষকসমাজৰ বিশ্বাস পুনৰ ঘূৰাই আনিছে। এতিয়া শিক্ষকসকলে ঘৰতে বহি আবেদন কৰিব পাৰে, প্ৰক্ৰিয়াৰ সময়সীমা আৰু সিদ্ধান্তৰ মাপকাঠী স্পষ্টভাৱে জানিব পাৰে। বদলি এতিয়া শিক্ষক-ছাত্ৰ অনুপাত আৰু নীতিগত মানদণ্ডৰ সৈতে সামঞ্জস্যপূৰ্ণ।
শিক্ষা বিশেষজ্ঞসকলে টি টি এম এছক আন ৰাজ্যসমূহৰ বাবে এক আদৰ্শ হিচাপে চাবলৈ আৰম্ভ কৰিছে। অসমে দেখুৱাইছে যে স্পষ্ট আইন আৰু সুচিন্তিত প্ৰযুক্তিৰ সংমিশ্ৰণে বহুদিনৰ পৰা চলি অহা জটিল সমস্যাৰ সমাধান কৰিব পাৰে।
ডিজিটেল উদ্ভাৱনৰ জৰিয়তে বিশৃঙ্খলতাৰ পৰা শৃঙ্খলতাৰ এই যাত্ৰাই ভাৰতৰ শিক্ষা ব্যৱস্থাত এক প্ৰেৰণা আৰু ব্যৱহাৰিক পথ নির্দেশনা প্ৰদান কৰিছে।
(লেখক এগৰাকী আই টি ষ্টাৰ্ট-আপ উদ্যোগপতি; তেখেত গ্ৰেটিয়া টেকন’লজিৰ মুখ্য কাৰ্যবাহী বিষয়া।)










