অসম বিধানসভাই গৃহীত কৰা ‘দ্য আছাম ফিক্সেশ্যন অৱ চিলিং অন লেণ্ড হ’ল্ডিংছ (এমেণ্ডমেণ্ট) বিধেয়ক, ২০২৫’ চাহ জনগোষ্ঠীৰ ভূমি অধিকাৰৰ ক্ষেত্ৰত এক যুগান্তকাৰী সংস্কাৰ। এই আইনখনৰ প্ৰভাৱ কেৱল চাহ জনগোষ্ঠীৰ মাজতেই সীমাবদ্ধ নহয়; ই ৰাজ্যখনৰ সামগ্ৰিক সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। এই সিদ্ধান্তই এনে এক মানৱ সম্পদৰ পথ মুকলি কৰিব, যাৰ সম্ভাৱনাই অসমৰ অৰ্থনীতিৰ ৰূপান্তৰ কৰিব পাৰে।
অসমৰ চাহ উদ্যোগৰ ইতিহাস প্ৰায় ২০০ বছৰৰ পুৰণি। ১৮৩৩ চনত ৰবাৰ্ট ব্ৰুচে প্ৰথমে অসমত বনৰীয়া চাহ গছ চিনাক্ত কৰিছিল। ১৮৩৯ চনত লণ্ডনত অসম কোম্পানী গঠন হয়। তেতিয়াৰ পৰাই শ্ৰমিকসকলে এই উদ্যোগ গঢ়াত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। যিসকল শ্ৰমিক চাহ বাগিচালৈ অনা হৈছিল, তেওঁলোকে এই মাটিতেই স্থায়ীভাৱে বসতি স্থাপন কৰি স্থানীয় সমাজৰ সৈতে একাত্ম হৈ অসমৰ সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক স্বীকাৰ কৰি লয়।
১৯৫১ চনত ভাৰত চৰকাৰে বাগিচা শ্ৰমিকৰ কাম-কাজ নিয়ন্ত্ৰণ আৰু কল্যাণ নিশ্চিত কৰিবলৈ প্লান্টেচন লেবাৰ আইন প্ৰণয়ন কৰিছিল। কিন্তু এই আইনৰ ব্যৱস্থাসমূহে শ্ৰমিকৰ জীৱনৰ বাস্তৱ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন আনিব পৰা নাছিল। শ্ৰমিক লাইনসমূহৰ জনসংখ্যা ক্ৰমে বৃদ্ধি পাই আহিল।
শ্ৰমিক লাইনসমূহ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহৰ অধিক্ষেত্ৰৰ ভিতৰত পৰে। ৱাৰ্ড সদস্য, গাঁও পঞ্চায়তৰ সভাপতি আদি সকলো নিৰ্বাচিত বা নিযুক্ত ব্যক্তি থাকিলেও চাহ বাগিচাৰ ব্যক্তিগত সম্পত্তি হোৱাৰ বাবে পঞ্চায়তৰ জৰিয়তে গ্ৰামোন্নয়ন আঁচনি ৰূপায়ণ কৰাত বহু বাধাৰ সৃষ্টি হয়। শ্ৰমিক লাইনসমূহত বসবাস কৰা লোকসকল অসম বিধান সভা আৰু ভাৰতীয় সংসদৰ ভোটাৰো। প্ৰতিটো নিৰ্বাচনত তেওঁলোকে বৃহৎ সংখ্যাত অংশগ্ৰহণ কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰি আহিছে আৰু সংবিধানৰ প্ৰতি আস্থা পুনৰ সুদৃঢ় কৰিছে।
বিগত কিছু বছৰ ধৰি ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলসমূহত কল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে। তথাপি অসমৰ প্ৰায় পাঁচ ভাগৰ এক ভাগ জনসংখ্যাক সামৰি লোৱা এই অঞ্চলসমূহত চৰকাৰী আঁচনি ৰূপায়ণৰ আটাইতকৈ ডাঙৰ বাধা হৈছে ~ ভূমিহীনতা। ভূমিহীনতা গ্ৰাম্য দাৰিদ্ৰতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আৰু ই এক ‘দাৰিদ্ৰতাৰ চক্ৰ’ সৃষ্টি কৰে। ভূমি কেৱল এক সামগ্ৰী নহয়; ই মানৱ মৰ্যাদা আৰু কল্যাণৰ এক মৌলিক আধাৰ। বহু ক্ষেত্ৰত চাহ শ্ৰমিকৰ সন্তানসকলে পঢ়াশালি এৰি বাগিচাত কাম কৰিবলগীয়া হয়। বাসগৃহৰ বাবে চাহ কোম্পানীৰ ওপৰত নিৰ্ভৰশীলতা সম্প্ৰদায়টোৰ সামগ্ৰিক উন্নয়নৰ এক ডাঙৰ অন্তৰায়। এইটো একপ্ৰকাৰৰ পৰোক্ষ বলপূৰ্বক শ্ৰম ব্যৱস্থা। পৰিয়ালসমূহ প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি ঋণগ্ৰস্ত অৱস্থাত থাকি যায়, কাৰণ তেওঁলোকৰ যাবলৈ আন ঠাই নাথাকে। ইয়াৰ ফলত শোষণৰ প্ৰৱণতা বহুগুণে বৃদ্ধি পায়। এই পৰিস্থিতি, বিশেষকৈ অপমানজনক নিয়োগৰ চৰ্তসমূহ, ভাৰতীয় সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়।
‘দ্য আছাম ফিক্সেশ্যন অৱ চিলিং অন লেণ্ড হ’ল্ডিংছ আইন, ১৯৫৬’-ৰ সংশোধনীৰ জৰিয়তে শ্ৰমিক লাইনসমূহক চাহ বাগিচাৰ সহায়ক কাৰ্যকলাপৰ আওতাৰ পৰা আঁতৰাই শ্ৰমিক বা তেওঁলোকৰ বংশধৰসকলৰ সৈতে ভূমি নিষ্পত্তিৰ প্ৰস্তাৱ দিয়া হৈছে। লগতে, পৰৱৰ্তী ২০ বছৰলৈ এই ভূমি হস্তান্তৰ কৰিব নোৱাৰিব আৰু তাৰ পিছতো কেৱল চাহ বা প্ৰাক্তন চাহ শ্ৰমিকসকললৈহে হস্তান্তৰ কৰিব পাৰিব।
এই পদক্ষেপসমূহে সম্প্ৰদায়টোৰ বাবে সঁচা অৰ্থত স্বাধীনতা কঢ়িয়াই আনিব আৰু স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো যিসমূহ কল্যাণমূলক আঁচনি চাহ বাগিচাৰ ‘ন’ অবজেকচন চাৰ্টিফিকেট’ (NoC) নোপোৱাৰ বাবে বাধাগ্ৰস্ত হৈ আছিল, সেইসমূহৰ ৰূপায়ণ ত্বৰান্বিত কৰিব। শ্ৰমিক লাইনসমূহত ভূমি আৰু সম্পদৰ জটিল মালিকানা সমস্যাৰ বাবে সামাজিক-অৰ্থনৈতিক সমস্যা সমাধান কৰাত ৰাজনৈতিক-প্ৰশাসনিক ব্যৱস্থাই যি অসুবিধাৰ সন্মুখীন হৈ আহিছিল, সেয়াও এই সংশোধনীৰ জৰিয়তে হ্ৰাস পাব। বৃহৎ জনগোষ্ঠীটোৰ কল্যাণ কেৱল চাহ কোম্পানীৰ ওপৰত এৰি দিব নোৱাৰিব। এই সংশোধনীয়ে কেৱল সামাজিক আৰু অৰ্থনৈতিক ৰূপান্তৰেই নহয়, প্ৰায় ২০০ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শ্ৰমিক আৰু তেওঁলোকৰ বংশধৰসকলক এক কঠোৰ বান্ধোনৰ পৰা মুক্ত কৰিব।
চাহ বাগিচাসমূহত শ্ৰমিক আৰু উদ্যোগ – উভয়ৰে বহু সমস্যা আছে। যি ৰাজ্যত দুখীয়া আৰু প্ৰান্তীয় লোকৰ উন্নয়নৰ বাবে প্ৰায় সকলো খণ্ডতে চৰকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেই ৰাজ্যতে এতিয়া এই বৃহৎ জনগোষ্ঠীটো নিজৰ নিয়োগকৰ্তাৰ বান্ধোনৰ পৰা মুক্ত হ’বলৈ গৈছে। এই সংস্কাৰে চাহ শ্ৰমিকসকলৰ সামাজিক আৰু অৰ্থনৈতিক ফলাফল উন্নত কৰাৰ লগতে নিজৰ সম্পূৰ্ণ সম্ভাৱনা বিকাশৰ এক নতুন সুযোগ মুকলি কৰিব।
ভূমি অধিকাৰ এই সম্প্ৰদায়ৰ উন্নয়ন যাত্ৰাত এক মাইলৰ খুঁটি হৈ ৰ’ব। ইয়াৰ লগতে চৰকাৰে শিক্ষা আৰু শ্ৰমিক-নিয়োগকৰ্তা ~ এই দুটা মৌলিক ক্ষেত্ৰতো যি বৃহৎ নীতি সংশোধন আগবঢ়াইছে, সেয়া এক গুৰুত্বপূৰ্ণ দিশ।
(এই লেখাটো লেখকৰ ব্যক্তিগত মতামত। বিক্ৰম কৈৰী ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী বিষয়া। বৰ্তমান তেখেত ডিব্ৰুগড় জিলা আয়ুক্ত হিচাপে কৰ্মৰত।)










