ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চাৰি বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে অসম এক বৃহৎ পৰিৱৰ্তনৰ দুৱাৰদলিত থিয় দিছে। ২০৩৫ চনৰ ভিতৰত বিকশিত অসমৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ বিগত চাৰিটা বছৰে সৰ্বাংগীণ উন্নয়ন, অৰ্থনৈতিক উত্তৰণ আৰু সুশাসনৰ দিশত নতুনত্ব দেখিবলৈ পোৱা গৈছে। আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে কল্যাণমূলক আঁচনিৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্যসেৱা, আন্তঃগাঁথনিৰ ক্ষেত্ৰত গ্ৰহণ কৰা অনন্য পদক্ষেপলৈকে চৰকাৰে দীৰ্ঘম্যাদী অগ্ৰগতিৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে।
বৰ্তমানৰ চৰকাৰৰ অন্যতম লক্ষ্য হৈছে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ কল্যাণ সাধনৰ জৰিয়তে শক্তিশালী সমাজ ব্যৱস্থা গঢ়ি তোলা। এইক্ষেত্ৰত অৰুণোদয় আঁচনিখনে এক অভিলাষী কাৰ্যসূচী হিচাপে ২৭ লাখৰো অধিক মহিলাক উপকৃত কৰিছে। এই মাহিলি সাহায্যই মহিলাসকলক ঘৰুৱা প্ৰয়োজনীয় ব্যয়ত বিশেষভাৱে সহায় কৰিছে। তদুপৰি আৱাস যোজনাই বহু পৰিয়ালক পকী ঘৰৰ ব্যৱস্থা কৰি নিৰাপদ আৰু মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে। বান সমস্যাকে ধৰি আন বিপদৰ সময়ত চৰকাৰৰ ৰেচন আঁচনিয়ে লাখ লাখ লোকক খাদ্য সুৰক্ষা লাভ কৰাত সহায় কৰিছে।
নগদ সাহায্য, গৃহ নিৰ্মাণ, শিক্ষাৰ সুবিধা প্ৰদান কৰা আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিক আৰু সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া হৈছে। স্বনিৰ্ভৰ নাৰী আৰু অন্যান্য অভিযানৰ অধীনত আত্মসহায়ক গোটসমূহক শক্তিশালী কৰা হৈছে, যাৰ ফলত গ্ৰামাঞ্চলৰ মহিলাসকলে বয়ন, দুগ্ধকে ধৰি আন বহু ক্ষেত্ৰত স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে।
স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো অসমে অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে। কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন আৰু উন্নত চিকিৎসা সেৱাৰ সুবিধা লাভৰ ক্ষেত্ৰত সকলো অঞ্চল যাতে সমগতিত আগুৱাই যাব পাৰে, তাৰবাবেও ৰাজ্যখনত দ্ৰুতগতিত কাম চলি আছে। ৰাজ্যখনত এতিয়া অত্যাধুনিক সুবিধাসম্পন্ন চিকিৎসালয়, উন্নত জৰুৰীকালীন সেৱা আৰু স্বাস্থ্যসেৱা প্ৰদানৰ সংযোগ বৃদ্ধি পাইছে। আয়ুষ্মান ভাৰত আৰু অটল অমৃত অভিযান আঁচনিয়ে লাখ লাখ পৰিয়ালৰ বাবে বিনামূলীয়া বা ৰাজসাহায্যযুক্ত চিকিৎসা বাস্তৱত পৰিণত কৰিছে। তৃণমূল পৰ্যায়ত মাতৃ আৰু শিশু স্বাস্থ্য কাৰ্যসূচী, বিনামূলীয়া টিকাকৰণ সেৱা আৰু নিয়মীয়া স্বাস্থ্য শিবিৰে স্বাস্থ্যসেৱাৰ মান উন্নীত কৰিছে।
বিশেষকৈ অসমৰ যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু কৰাৰ বাবে শিক্ষা সংস্কাৰ চৰকাৰৰ বাবে অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। ১০০০ৰো অধিক চৰকাৰী বিদ্যালয়ক আধুনিক শ্ৰেণীকোঠা, বিজ্ঞান পৰীক্ষাগাৰ আৰু ডিজিটেল আন্তঃগাঁথনিৰ সৈতে উন্নীত কৰা হৈছে। ছাত্ৰী শিক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দি হাইস্কুলৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া চাইকেল, পিছপৰা সম্প্ৰদায়ৰ ছাত্ৰীৰ বাবে বৃত্তি, উচ্চ শিক্ষানুষ্ঠানৰ সমীপত হোষ্টেল নিৰ্মাণ আদিয়ে শিক্ষাৰ ক্ষেত্ৰত থকা সকলো বাধা দূৰ কৰিছে। এই প্ৰচেষ্টাসমূহৰ ফলত ছাত্ৰীসকলৰ উপস্থিতি বৃদ্ধি পাইছে আৰু শিক্ষাৰ্থীসকলৰ বিদ্যালয় ত্যাগ কৰা প্ৰৱণতা হ্ৰাস পাইছে। শিক্ষণ ফলাফল আৰু বিদ্যালয়ৰ প্ৰদৰ্শনৰ মূল্যায়ন কৰা গুণোৎসৱ কাৰ্যসূচীয়ে শিক্ষাৰ গুণগত মান উন্নীতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চৰকাৰী বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে অসমীয়া আৰু আঞ্চলিক ভাষাৰ সুৰক্ষাৰ দিশটোত গুৰুত্ব দি ইংৰাজী ভাষা প্ৰৱৰ্তনত সমভাৱে গুৰুত্ব দি ভৱিষ্যৎমুখী চিন্তাৰে আগবাঢ়ি গৈছে।
অসম মালা আঁচনিৰ অধীনত আন্তঃগাঁথনি উন্নয়ন দ্ৰুত গতিত আগবাঢ়ি গৈছে। পথ নিৰ্মাণ বা উন্নীতকৰণৰ জৰিয়তে দুৰ্গম অঞ্চলসমূহক বজাৰ, চিকিৎসালয়, বিদ্যালয়ৰ সৈতে সংযোগ কৰা হৈছে। ঘাইপথ, নতুন দলং, চহৰৰ মূল কেন্দ্ৰত উৰণ সেতু নিৰ্মাণ আদিৰ দ্বাৰা যাত্ৰাৰ সময় আৰু বাণিজ্যিক পথৰ উন্নতি হৈছে। গ্ৰামাঞ্চলৰ পথ, বাইপাছ আৰু নগৰীয়া যান-বাহন ব্যৱস্থাপনা ব্যৱস্থাৰ উন্নয়নে সামগ্ৰিক সংযোগ আৰু অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰি অসমক বিনিয়োগৰ বাবে আকৰ্ষণীয় গন্তব্যস্থান হিচাপে গঢ়ি তুলিছে।
চৰকাৰে অৰ্থনৈতিক উন্নয়নৰ বাবে এক বহনক্ষম আৰ্হি হিচাপে স্বনিৰ্ভৰশীলতা আৰু ঔদ্যোগীকৰণকো অগ্ৰাধিকাৰ দিছে। বড়োলেণ্ড ঔদ্যোগীকৰণ উন্নয়ন কাৰ্যসূচী, মুখ্যমন্ত্ৰীৰ ষ্টাৰ্ট-আপ পুঁজি আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে ৰাজসাহায্যৰ দৰে পদক্ষেপৰ জৰিয়তে হাজাৰ হাজাৰ যুৱক-যুৱতীক নিয়োগ সৃষ্টিকাৰীৰ ৰূপত সাজু কৰি তোলা হৈছে। প্ৰশিক্ষণ, পৰামৰ্শ প্ৰদান আদিয়ে কৃষি, পৰ্যটন, হস্তশিল্প আৰু ডিজিটেল সেৱাৰ স্থানীয় উদ্যোগীসকলক সহায় কৰিছে। সমগ্ৰ ৰাজ্যখনৰ দক্ষতা বিকাশ কেন্দ্ৰসমূহে যুৱক-যুৱতীসকলক বিভিন্ন ব্যৱসায়ৰ প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰিছে।
চৰকাৰখনৰ ভৱিষ্যতৰ পদক্ষেপসমূহে ঔদ্যোগিক কৰিড’ৰসমূহ সম্প্ৰসাৰণ কৰা, সেউজ শক্তিক প্ৰসাৰিত কৰা, ডিজিটেল ব্যৱস্থাক উদগনি যোগোৱা আৰু সামাজিক ন্যায় নিশ্চিত কৰাত গুৰুত্ব দিব।
দক্ষতাপূৰ্ণ শাসন ব্যৱস্থা আৰু জনকল্যাণমূলক নীতিৰ জৰিয়তে মাত্ৰ চাৰি বছৰৰ ভিতৰতে চৰকাৰখনে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস জয় কৰিবলৈ সক্ষম হৈছে। সমতা, সবলীকৰণ আৰু দক্ষতাৰ ওপৰত গুৰুত্ব দি প্ৰশাসনে স্বাৱলম্বী আৰু গতিশীল অসমৰ ভেটি স্থাপন কৰিছে। জনসাধাৰণৰ অংশগ্ৰহণেৰে বিকশিত অসমৰ সপোনক বাস্তৱত ৰূপায়ণেৰে এক শক্তিশালী আৰু সু-ভৱিষ্যৎ নিশ্চিত কৰাই হৈছে বৰ্তমানৰ চৰকাৰৰ লক্ষ্য।










