প্ৰকৃতিৰ শক্তিৰ ওচৰত আমি মানৱ প্ৰজাতি নিমিত্ত মাথোঁ৷ মানৱ জীৱনৰ আদিপাঠৰ অন্যতম আপ্তবাক্যশাৰী আজি মই পুনৰ দোহাৰিবলৈ বাধ্য হৈছোঁ৷ আজি শিলচৰৰপৰা ছিপাঝাৰলৈ, কামপুৰৰ পৰা পাঠশালালৈ চৌদিশে প্ৰকৃতিৰ ক্ৰোধাগ্নি৷ জুন মাহতেই অহা মুষলধাৰ বৰষুণজাকে গুৱাহাটীকো হাতসাৰি যাবলৈ নিদিলে৷ আনহাতে ৰাজ্য চৰকাৰখনে নিজৰ সৰ্বসামৰ্থ্য প্ৰয়োগ কৰিলেও আৰু কেন্দ্ৰীয় চৰকাৰে ‘সৰ্বদা সহযোগিতাৰ বাবে প্ৰস্তুত’ দৃষ্টিভংগী ৰখা সত্ত্বেও জীৱন আৰু সম্পত্তিৰ এই বিস্তৰ ক্ষতি সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব নোৱাৰিলোঁ৷ মই সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তক ক্ষয়-ক্ষতিৰ বিৱৰণ লৈ তৎক্ষণাত ভুক্তভোগীসকলক প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছোঁ৷ কিন্তু, মই জানোঁ যেকিছুমান ক্ষতিক আমি কোনো মূল্যৰে জুখিব নোৱাৰোঁ৷ প্ৰিয়জনক হেৰুওৱা, মূৰৰ ঘাম মাটিত পেলাই সজা ঘৰখন, পোহনীয়া জন্তুকেইটা বা খেতি পথাৰখনৰ ক্ষতি আদিৰ কোনো মূল্য দিব নোৱাৰি৷ মোৰ চৰকাৰখন আৰু অসমৰ ৰাইজ প্ৰতিজন বানাক্ৰান্তৰ কাষত আছে৷ কেন্দ্ৰীয় চৰকাৰখনে এইসকল লোকৰ জীৱন আৰু জীৱিকাৰ পুনৰ সঠিক ব্যৱস্থা কৰিবলৈ সহযোগ কৰাৰ বাবে আমাক আশ্বস্ত কৰিছে৷ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ নিজৰ সৰ্বসামৰ্থ্য অনুসৰি বৰঙণি আগবঢ়াবলৈ স্বেচ্ছাই আগুৱাই অহা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ ওচৰত মই ঋণী৷ দাতাসকলৰ মাজত থকা সমাজৰ সৰ্বস্তৰৰ লোক, বিধায়ক, উদ্যোগপতি, ব্যৱসায়ী, আত্মনিৰ্ভৰ ব্যক্তি আৰু প্ৰতিষ্ঠান আদি সকলোৱে মানৱ প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে৷ এই বছৰ বৰষুণ বহু আগতেই আহিল আৰু তাকো নেৰানেপেৰাকৈ৷ আগতীয়াকৈ পদক্ষেপ লোৱা সত্ত্বেও আমি বানপানীৰ এই সংহাৰী ৰূপক পৰ্যাপ্ত প্ৰতিৰোধ প্ৰদান কৰিব নোৱাৰিলোঁ৷
প্ৰায় একেসময়তে মই জিলাসমূহৰ উপায়ুক্তসকলৰ সৈতে দুদিন বাৰ্তালাপ কৰোঁ৷ ১৭ ঘণ্টাজোৰা এই আলোচনাত আমি কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ সক্ষম হওঁ৷ জিলা প্ৰশাসনে ৰাইজৰ কল্যাণৰ বাবে কৰা কঠোৰ পৰিশ্ৰম শলাগিবলগীয়া৷ বান সাহায্য প্ৰদান আৰু উদ্ধাৰ অভিযানৰ সময়ত তেওঁলোকৰ তৎপৰতাই এই কথাষাৰ প্ৰমাণ কৰিছে৷ মই জানিবলৈ পাইছোঁ যে বহুকেইজন উপায়ুক্তই সংশ্লিষ্ট জিলাসমূহৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ২৪ ঘণ্টাই কাম কৰি সাহায্য আৰু উদ্ধাৰ অভিযানত সহযোগ কৰিছে৷ তথাপি, কিছুসংখ্যক লোকৰ কাষত কিছুমান আঁচনিৰ সুবিধা বা সকাহ উপলভ্য নোহোৱাৰ বাবে তেওঁলোক অসন্তুষ্ট হৈ আছে৷ কিছুমান সমস্যা মই বুজি পাওঁ৷ মই উপায়ুক্তসকলক এই আঁচনিসমূহ হিতাধিকাৰীসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰাৰ অৰ্থে সকলো ধৰণৰ চেষ্টা অব্যাহত ৰাখিবলৈ কৈছোঁ৷ লগতে, মই জনসাধাৰণক অলপ ধৈৰ্য্য ধৰিবলৈও আহ৩ান জনাইছোঁ৷ মই তেওঁলোকক আশ্বাস দিব বিচাৰিছোঁ যে কোনো যোগ্য ব্যক্তি আঁচনিৰ সুবিধা লাভৰপৰা বঞ্চিত নহয়৷
কেইদিনমান আগতে আমি কেবিনেটত এক সৰু সম্প্ৰসাৰণ কৰি যুৱ আৰু প্ৰতিভাশালী প্ৰতিনিধি শ্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শ্ৰীমতী নন্দিতা গাৰ্লোছাক অন্তৰ্ভুক্ত কৰিলোঁ আৰু কিছু গুৰুত্বপূৰ্ণ দায়িত্ব তেওঁলোকক ন্যস্ত কৰিছোঁ৷ কেবিনেট সম্প্ৰসাৰণ আৰু দপ্তৰ বিতৰণ ক্ষমতা বা অগ্ৰাধিকাৰৰ বিষয় নহয়, ই হৈছে মন্ত্ৰীসকলৰ বাবে ৰাইজৰ হকে গধুৰ দায়িত্ব কান্ধ পাতি লোৱা৷ নিজৰ সমষ্টিৰ প্ৰতি দায়বদ্ধ হোৱাৰ লগতে আমাৰ মন্ত্ৰীসকল ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতিও দায়বদ্ধ৷ দপ্তৰৰ সালসলনি বহুজনে ক্ষমতাৰ সমীকৰণ হিচাপে চায়৷ কিন্তু, মই আপোনাসৱক ক’ব পাৰোঁ যে মোৰ কেবিনেটত এয়া দায়িত্বৰ সমিধানহে৷ আমি সীমিত সংখ্যক মন্ত্ৰীৰ সৈতে যোৱা এবছৰ ধৰি কাম কৰি আছিলোঁ৷ সেয়েহে আমাৰ বাবে এই সম্প্ৰসাৰণ প্ৰয়োজনীয় আছিল৷ এতিয়া আমাৰ কেবিনেটখন অভিজ্ঞ আৰু যুৱ উদ্যমেৰে সংমিশ্ৰিত হৈ পৰিছে৷ এইখিনিতে মোৰ বেঞ্জামিন ফ্ৰেংকলিনৰ এষাৰ বিখ্যাত উক্তি মনলৈ আহিছে- ‘‘অভিজ্ঞতা কেৱল বছৰৰ হিচাপ নহয় আৰু যুৱ প্ৰজন্মও অনভিজ্ঞ নহয়৷’’ মই নিশ্চিত যে পদ আৰু অগ্ৰাধিকাৰক একাষৰীয়া কৰি আমাৰ কেবিনেটে ৰাজ্যখনৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰি যাব৷ যথাসময়ত, আমি অতিৰিক্ত দায়িত্ব হ্ৰাস কৰিবলৈ আন এক সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিম আৰু কিছু দায়িত্ব আনকেইজনমানৰ হাতত অৰ্পণ কৰিম৷
জুনৰ তৃতীয় সপ্তাহত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কৰ্প’ৰেট নেতৃবৃন্দৰ সৈতে মত বিনিময় আৰু সুযোগ অন্বেষণৰ ধাৰণাৰে এক আলোচনাত মিলিত হওঁ৷ মই আনন্দিত যে তেওঁলোকে বিকাশমুখী আৰু উন্নত এখন অসমৰ উমৈহতীয়া দৃষ্টিভংগী পোষণ কৰে৷ আনহাতে, মই আৰু মোৰ কেবিনেটৰ কেইগৰাকীমান সতীৰ্থই তেওঁলোকক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ৷ তেওঁলোক সকলোৱে ৰাজ্যখনৰ সম্ভাৱনীয়তাক লৈ যথেষ্ট উৎসাহিত৷ পৰিসংখ্যাবোৰ আমাৰ বাবে উৎসাহজনক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ৰাজ্যখনৰ বিকাশযাত্ৰাক লৈ আমি সকলো আশাবাদী৷