নৱেম্বৰ মাহটো সমগ্ৰ ৰাজ্যখনৰ বাবে অতি ফলপ্ৰসূ আছিল। নীতি-নিৰ্ধাৰণ আৰু পূৰ্বে গ্ৰহণ কৰা নীতিসমূহৰ বাস্তৱ ৰূপায়ণ এই মাহটোত স্পষ্টভাৱে দেখা গ’ল, যিয়ে কাৰ্যকৰী সু-শাসন ব্যৱস্থা আৰু আৰ্থিকভাৱে পিছপৰা তথা বঞ্চিত লোকসকলৰ কল্যাণৰ বাবে কাম কৰি যাবলৈ চৰকাৰৰ দৃঢ় সদিচ্ছাক প্ৰতিফলিত কৰে।
বহু বছৰ ধৰি অসমীয়াৰ পৰিচয় গঢ়াত নিজৰ সৰ্বস্ব ত্যাগ কৰা চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কৰাৰ বাবে আমাৰ চৰকাৰে সিদ্ধান্ত লৈ ৰূপায়ণো কৰিলে। দশক দশক ধৰি তেওঁলোকৰ পূৰ্বপুৰুষে ৰাজ্যখনৰ বাবে সকলো কৰি অহা সত্ত্বেও আজি যদি এগৰাকী ব্যক্তিৰ নিজৰ বুলি ক’বলৈ একো নাথাকে ~ এয়া অন্যায় নহয়নে? আচৰিত কথাটো হ’ল, পূৰ্বৰ কোনো চৰকাৰে এই বিষয়টোৰ প্ৰতি কোনো আগ্ৰহ দেখুওৱা নাছিল। সকলো দৃষ্টিকোণৰ পৰা এই সিদ্ধান্তটো জনমুখী আৰু ই ৰাজ্যখনৰ আটাইতকৈ পৰিশ্ৰমী লোকসকলক ন্যায্য মৰ্যাদা প্ৰদান কৰিছে। এতিয়াৰে পৰা তেওঁলোকে কেৱল নিজৰ ভূমিৰ ওপৰতেই নহয়, তেওঁলোকে কাম কৰা চাহ বাগিচা বা প্ৰতিষ্ঠানৰ প্ৰতিও মালিকানাৰ সোৱাদ লাভ কৰিব। বহু সমস্যাৰে জৰ্জৰিত চাহ উদ্যোগৰ এই সময়ছোৱাত, এই সিদ্ধান্তই মানৱ সম্পদসমূহক উৎসাহিত কৰি অসমৰ চাহ উদ্যোগৰ গৌৰৱ পুনৰুদ্ধাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি মোৰ বিশ্বাস। আজিৰ তাৰিখত অসমজুৰি ৩০ লাখতকৈ অধিক লোকে চৰকাৰৰ এনে নীতিসমূহৰ বাবে হাঁহিমুখে কৃতজ্ঞতা জনাইছে।
এফালে চৰকাৰে ভূমিহীন লোকসকলক পট্টা প্ৰদান কৰাৰ বাবে চেষ্টা চলাইছে, আনফালে অবৈধ দখলকাৰীক উচ্ছেদৰ ক্ষেত্ৰতো কোনোধৰণৰ আপোচ কৰা হোৱা নাই। এই পৰিস্থিতিৰ বৈপৰীত্যই মোক আচৰিত কৰে। এফালে যুগ যুগ ধৰি ৰাজ্যখনলৈ অৱদান আগবঢ়াই অহা প্ৰায় ৩০ লাখ লোক ভূমিহীন হৈ থাকিল আৰু আনফালে কিছুমান লোকে চৰকাৰী ভূমি আৰু সত্ৰসমূহৰ ভূমি দখল কৰি ৰাজনৈতিক প্ৰভাৱ খটুৱাই ৰাজ্যৰ স্বাৰ্থবিৰোধী কাৰ্যকলাপ চলাই আহিছিল। দিছপুৰত আমাৰ এনডিএ চৰকাৰে শাসন ব্যৱস্থা গ্ৰহণ কৰাৰ দিনৰে পৰা আমি স্পষ্ট আছিলোঁ যে চৰকাৰী ভূমি দখলমুক্ত কৰা হ’ব আৰু প্ৰকৃত ৰাজ্যখনৰ আদিবাসী তথা স্থানীয় লোকসকলক পট্টা প্ৰদান কৰা হ’ব। আজি য’তেই যাওঁ, মানুহে আমাৰ দখলবিৰোধী অভিযানৰ ফলাফল দেখি সন্তুষ্টি প্ৰকাশ কৰে। “আৰু নোৱাৰি, যথেষ্ট হ’ল” ~ এই মনোভাব লৈ আমি এই যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু স্বাৰ্থান্বেষী গোটসমূহৰ বিৰোধিতা সত্ত্বেও আমাৰ লক্ষ্যত কোনো আপোচ কৰা হোৱা নাই।
ইয়াতেই আমাৰ সংস্কাৰ সীমাবদ্ধ নহয়। বহুবিবাহৰ বিৰুদ্ধে আমাৰ অভিযানৰ ফলস্বৰূপে অসম বিধান সভাই এই প্ৰথাৰ বিৰুদ্ধে এক ঐতিহাসিক বিধেয়ক গৃহীত কৰিছে। ই কোনো বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়, বৰঞ্চ আধুনিক সমাজত স্থান নথকা এক কুপ্ৰথাৰ বিৰুদ্ধেহে। এই দূৰদৰ্শী আইনখনৰ জৰিয়তে বহু ভগ্নীয়ে অন্যায়ৰ পৰা ন্যায় লাভ কৰিব আৰু দমনমুক্ত ভৱিষ্যৎ গঢ়াৰ সুযোগ পাব। অবৈধ বিবাহত আৱদ্ধ কোনো মহিলাৰ ক্ষেত্ৰত কঠোৰ আইনে ক্ষতিপূৰণ নিশ্চিত কৰি তেখেতক আত্মনিৰ্ভৰশীল ভৱিষ্যৎ গঢ়াতো সহায় কৰিব।
বিগত মাহত মই লণ্ডনলৈ গৈছিলোঁ ~ বিশ্বৰ অন্যতম প্ৰসিদ্ধ সংগ্ৰহালয় ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে অসমৰ এক সাংস্কৃতিক সম্পদ ‘বৃন্দাবনী বস্ত্ৰ’ কেইটিমান বছৰৰ বাবে পুনৰ দেশলৈ লৈ আহিবলৈ। এই পৱিত্ৰ বস্ত্ৰখন কেৱল কাপোৰ নহয়; ই হৈছে ইতিহাসেৰে ভৰপূৰ, অসমৰ গৌৰৱ আৰু বিশ্ববাসীক মোহিত কৰা এক পৱিত্ৰ সম্পদ। এই সম্পদ অহা মানে আমাৰ পূৰ্বপুৰুষসকল ঘৰলৈ উভতি অহা। গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া নতুন সংগ্ৰহালয়ত ইয়াক সংৰক্ষণ কৰি বৈষ্ণৱ ইতিহাসৰ সৈতে জনসাধাৰণৰ বন্ধন পুনৰ সুদৃঢ় কৰা হ’ব।
মাহটোৰ আৰম্ভণি আমাৰ বাবে অত্যন্ত ইতিবাচক আছিল যেতিয়া কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৱাহাটী ৰিভাৰফ্ৰণ্ট উদ্বোধন কৰাৰ লগতে বহু কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প জনসাধাৰণৰ নামত উৎসৰ্গা কৰে। এই ভ্ৰমণৰ গুৰুত্ব কেৱল আৰ্থিক বিনিয়োগতেই সীমাবদ্ধ নহয়; ই অসমৰ ওপৰত কেন্দ্ৰৰ আস্থা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি দায়বদ্ধতাৰো প্ৰমাণ।
এই মাহতে আমি ৰাজ্যজুৰি আমাৰ বৰেণ্য শিল্পী ভূপেন হাজৰিকাদেৱৰ মৃত্যুবাৰ্ষিকী পালন কৰিলোঁ। সমাজৰ সকলো স্তৰৰ লোকৰ অংশগ্ৰহণে এই অনুষ্ঠানসমূহক সাৰ্থক কৰি তুলিলে। তেখেত সদায়েই জনতাৰ শিল্পী আছিল। মানৱীয়তাৰে ভৰপূৰ তেখেতৰ সৃষ্টিসমূহে মানুহৰ অদম্য ইচ্ছাশক্তিক প্ৰতিফলিত কৰে। তেখেতে অসমক কণ্ঠ দিলে আৰু মানৱতাক সুৰ দিলে। এগৰাকী মানুহে কেনেকৈ মানৱতাৰ প্ৰতীক হ’ব পাৰে! এই কথা ভাবিলেই আজিও বিস্মিত হৈ পৰোঁ। এয়া মহান লোকৰ মহান কথা।





