যেতিয়া মই ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰিয় হ’লোঁ, তেতিয়াৰ পৰা মই এটা কথা দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে নিজৰ অস্তিত্বৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ হ’ব নালাগে। এসময়ত ময়ো অসমলৈ অহা অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। এই অনুপ্ৰৱেশকাৰীয়ে প্ৰথমে আমাৰ ভূমি দখল কৰিছিল আৰু তাৰ পিছত গোপনে ৰাজনৈতিক অধিকাৰ দাবী কৰিবলৈ আৰম্ভ কৰিলে — এই সন্দৰ্ভত লোকপিয়ল আয়ুক্ত চি এছ মুলানে সুন্দৰভাৱে বৰ্ণনা আগবঢ়াই থৈ গৈছে।
দিছপুৰস্থিত প্ৰায় সকলো চৰকাৰৰ ব্যর্থতা আৰু ভুল মই নিজে দেখিছোঁ আৰু অনুভৱ কৰিছোঁ। গতিকে মোৰ মনত সদায় এটা স্পষ্ট ভাব আছিল—যেতিয়া অসমীয়া জাতিৰ স্বাৰ্থ, অস্তিত্ব আৰু স্বাভিমান ৰক্ষা কৰাৰ দায়িত্ব মোৰ ওপৰত আহিব, তেতিয়া মই কোনোধৰণৰ আপোচ নকৰোঁ। এগৰাকী ব্যক্তিৰ বাবে তেখেতৰ পৱিত্ৰ মাতৃভূমিতকৈ আন একো মূল্যবান হ’ব নোৱাৰে। এইক্ষেত্ৰত লাচিত বৰফুকন আমাৰ বাবে এক উৎকৃষ্ট উদাহৰণ, যিগৰাকী মহান অসমীয়াই আমাক সদায় অনুপ্ৰেৰণা যোগায়।
সেয়েহে, আজি আমাৰ চৰকাৰে অনুপ্ৰৱেশকাৰীসকলক তেওঁলোকৰ নিজৰ স্থানলৈ পঠিয়াবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আমি কেৱল দৃঢ় পদক্ষেপ গ্ৰহণ কৰাতেই ক্ষান্ত হোৱা নাই। এই দিশত আৰক্ষীকো পৰামৰ্শ দিয়া হৈছে যে তেওঁলোকৰ প্ৰতি কোনো অপ্রয়োজনীয় সহানুভূতি দেখুওৱাটো উচিত নহয়। এই পদক্ষেপৰ লগত সংগতি ৰাখি আমি হাজাৰ হাজাৰ বিঘা বনভূমি, চৰকাৰী ভূমি আৰু সত্ৰসমূহৰ অবৈধ দখল মুক্ত কৰিছোঁ। গুৰুত্বপূৰ্ণ বিষয় যে সৰ্বাধিক অবৈধ দখলকাৰী হৈছে সন্দেহজনক নাগৰিকত্ব থকা লোক, যিয়ে ৰাজ্যজুৰি সমস্যাৰ সৃষ্টি কৰি আছে। অসমবাসীয়ে বহু সময় ধৰি ধৈৰ্য্যৰে সহ্য কৰাৰ পাছতো এই লোকসকল কেতিয়াও কৃতজ্ঞ নহয়, তাৰ বিপৰীতে যি ভূমিত তেওঁলোকে বাস কৰিছে, তাৰেই বিপক্ষে কাম কৰি জনজীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।
অসমৰ বিভিন্ন চহৰৰ মন্দিৰৰ সৈতে জড়িত যিবোৰ ঘটনা ঘটিছে, সেয়া যেন তেওঁলোকৰ অন্তিম চেষ্টা। সহ্যৰো এটা সীমা থকা উচিত। হিন্দু হিচাপে মই সহিষ্ণুতাৰ অৰ্থ জানোঁ, কিন্তু সেই হিন্দু ধৰ্মীয় পৰিচয়েই মোক শিকায় যে ধর্মৰ স্বাৰ্থ কেনেকৈ ৰক্ষা কৰিব লাগে। যিসকলে ভাবিছে যে হিন্দু ধৰ্মৰ সহিষ্ণুতাক বাৰে বাৰে পৰীক্ষা কৰিব পৰা যাব, তেওঁলোক দৰাচলতে গভীৰ ভ্ৰমত আছে। আমি দুর্বল চৰকাৰ নহয়—জনগণৰ স্বাৰ্থত কেতিয়া কঠোৰ হ’ব লাগে, সেয়া আমি জানোঁ। মই অসমীয়া ভাই-ভনীসকলক আশ্বাস দিছোঁ যে আপোনালোকৰ মুখ্যমন্ত্ৰী সদায় নিজৰ জাতি, মাটি আৰু ভেটি ৰক্ষা কৰিবলৈ দৃঢ়ভাৱে আপোনালোকৰ কাষত আছে।
জুন মাহটোত আমি চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই পূৰ্বৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। শিক্ষা, স্বাস্থ্য, পৰ্যটন আদি সকলো ক্ষেত্রতে আমি অতি যোগ্য লোকক স্বচ্ছ প্ৰক্ৰিয়াৰে নিযুক্তি দিয়াৰ চেষ্টা কৰিছোঁ। আজিকালি আমাৰ যুৱপ্ৰজন্মই চৰকাৰ আৰু নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস কৰে। ব্যৰ্থতাই তেওঁলোকক হতাশ কৰিব নোৱাৰে, কাৰণ তেওঁলোকে বুজি পাইছে যে তেওঁতকৈ অধিক যোগ্য আৰু কঠোৰ পৰিশ্ৰমী যুৱক-যুৱতীসকলেহে সেই নিযুক্তি লাভ কৰিছে। সেয়েহে তেওঁলোকে দুগুণ উৎসাহেৰে নিজৰ প্ৰচেষ্টা আগবঢ়ায়।
সেয়েহে আমি সিদ্ধান্ত লৈছোঁ যে অক্টোবৰ মাহত আৰু ৪০,০০০ যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব। আমাৰ চৰকাৰে পূৰ্বে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ১ লাখ চাকৰিৰ লক্ষ্য অতিক্ৰম হৈছে। কিন্তু বৰ্তমানো খালী হৈ থকা পদবোৰ পূৰণৰ বাবে আমি কাম কৰি আছোঁ। এই পদক্ষেপ কেৱল আৰম্ভণিহে। আমাৰ চৰকাৰে এনে এটা পৰিৱেশ সৃষ্টি কৰিছে য’ত ব্যক্তিগত উদ্যোগ তথা বিনিয়োগৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টি হ’ব। এইক্ষেত্ৰত বিগত কেইমাহমানৰ ভিতৰত বিনিয়োগৰ যি প্ৰস্তাৱ আহিছে, সেয়া ৰাজ্যখনৰ বাবে শুভ সংকেত। ভৱিষ্যতে ৰাজ্যৰ অৰ্থনীতিক সলনি কৰিব পৰা এনে বহু শুভ সংবাদ আহি থাকিব।
তদুপৰি জুন মাহত অসম বিধান সভাৰ বিশেষ অধিৱেশনত এক গুৰুত্বপূর্ণ প্ৰস্তাৱ সকলোৰে সন্মতিমৰ্মে গৃহীত হয়। ডিব্ৰুগড় বিমানবন্দৰক ড° ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ গৃহীত কৰা হয়। তদুপৰি তেখেতৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে জীৱনী অনুবাদ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী আয়োজন কৰাৰ প্ৰতিও সকলো দলৰ বিধায়কে সমর্থন জনাইছে।
ইয়াৰ সমান্তৰালকৈ জুন মাহতে আমি ৯,০০০তকৈ অধিক চৰকাৰী কৰ্মচাৰীৰ বদলিকৰণৰ প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন কৰিছোঁ। বদলিৰ প্ৰশ্নটো চৰকাৰী কৰ্মচাৰীৰ মাজত সদায় এটা সমস্যা হৈ আহিছে। আমি এই সমস্যা দূৰ কৰিবলৈ স্বাগত সতীৰ্থ প’ৰ্টেল মুকলি কৰিছোঁ। মই আশাবাদী যে এতিয়া কৰ্মচাৰীসকলে অধিক নিষ্ঠাসহকাৰে জনসাধাৰণৰ সেৱা আৰু দায়িত্ব পালনত মনোনিৱেশ কৰিব।





