ডিচেম্বৰ মাহটোৱে অসমৰ উন্নয়নৰ যাত্ৰাত এক নতুন দিগন্তৰ সূচনা কৰিলে। ডিচেম্বৰ মাহৰ শেষৰফালে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ চলিত বৰ্ষৰ এক অতি তাৎপৰ্যপূৰ্ণ ঘটনা আছিল। এই ভ্ৰমণকালতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনলৈ উৎসৰ্গা কৰিলে উন্নয়নৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতীক। এটা সাৰ কাৰখানাৰ পুনৰুজ্জীৱন, যিটো পদক্ষেপ কেৱল অসমৰে নহয়, সমগ্ৰ দেশৰ কৃষকৰ বাবে জীৱন-ৰেখা হৈ থাকিব। ইয়াৰ লগতে নতুন বিমানবন্দৰ টাৰ্মিনেলো হৈছে অসমৰ অগ্ৰগতিৰ এক স্পষ্ট সংকেত।
এই ভ্ৰমণৰ পাছতেই মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অসম ভ্ৰমণ কৰিলে। তেখেতেও অসমৰ জনসাধাৰণলৈ উৎসৰ্গা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প। নতুন গুৱাহাটী আৰক্ষী আয়ুক্তালয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ৫,০০০ আসনৰ আধুনিক জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ আদিয়ে উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ ভিতৰত অসমৰ স্থান অধিক সুদৃঢ় কৰি তুলিলে।
এই ভ্ৰমণসমূহ হৈছে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিত অসমৰ আৰু সমগ্ৰ অঞ্চলটোৰ গুৰুত্বৰ স্পষ্ট প্ৰমাণ। পূৰ্বে যি “উপেক্ষাৰ ৰাজনীতি”য়ে ৰাজ্যখনত বহু আন্দোলন-প্ৰতিবাদৰ সৃষ্টি কৰিছিল, সেয়া এতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নতুন উদ্যম আৰু তৎপৰতাৰে সমাধানৰ দিশে আগবাঢ়িছে। অসমৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ স্নেহ আৰু আগ্ৰহ সকলোৰে পৰিচিত।
বিগত বৰ্ষত প্ৰধানমন্ত্ৰীগৰাকীৰ একাধিক অসম ভ্ৰমণৰ কথা পঢ়ুৱৈয়ে নিশ্চয়কৈ স্মৰণ কৰিব। মই এই লেখাটো লিখি থকা সময়তে অথবা আপোনালোকে পঢ়ি থকা সময়তে হয়তো খবৰ পাই থাকিব যে প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিবলৈ আৰু ১০ হাজাৰ শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক বাগৰুম্বা নৃত্য প্ৰদৰ্শন উপভোগ কৰিবলৈ
পুনৰ অসমলৈ আহি আছে। বড়ো সমাজ-সংস্কৃতিৰ প্ৰতি এয়া এক যোগ্য সন্মান। আমাৰ চৰকাৰে কেইবছৰমান আগতেই সিদ্ধান্ত লৈছিল যে বিহু, ঝুমইৰ আৰু বাগৰুম্বাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৃহৎ পৰিসৰত প্ৰচাৰ কৰা হ’ব। এই সকলোবোৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে সময় উলিয়াই অংশগ্ৰহণ কৰিছে আৰু এই শিল্পৰূপসমূহৰ প্ৰতি গভীৰ আগ্ৰহ দেখুৱাইছে।
মই পুনৰ উল্লেখ কৰিব বিচাৰোঁ যে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে আমি এনে এখন কেন্দ্ৰীয় চৰকাৰ পাইছোঁ; যিখন চৰকাৰে অসমক ভাল পায়, যত্ন লয় আৰু আমাৰ অনুভূতিক সন্মান কৰে। এয়া নতুন দিল্লী আৰু অসমৰ মাজত পাৰস্পৰিক বিশ্বাস আৰু সন্মানৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এক নতুন সম্পৰ্কৰ সূচনা।
এই বিশ্বাস আৰু সন্মানেই অবৈধ অনুপ্ৰৱেশকাৰী আৰু দখলকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ আমাক অনুপ্ৰেৰণা দিছে। আমাৰ ভূমি, শ্রমৰ অধিকাৰ ভোগ কৰিবলৈ অহা বিদেশীৰ সুৰক্ষা আমাৰ লক্ষ্য নহয়, অসমৰ জনগণৰ সুৰক্ষাই হৈছে আমাৰ লক্ষ্য। প্ৰতি বছৰে প্ৰকাশ কৰা আমাৰ চৰকাৰৰ প্ৰতিবেদনতেই এই সকলো তথ্য স্পষ্টভাৱে দাঙি ধৰা হ’ব। তথাপি, মই বা আমাৰ চৰকাৰে আত্মসন্তুষ্টিত বহি থাকিব নোৱাৰোঁ। প্ৰতি বছৰে আমি নিজেই পৰ্যালোচনা কৰোঁ যে আমি কি প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ আৰু ক’ত ব্যৰ্থ হ’লোঁ। এই বছৰো তাৰ ব্যতিক্ৰম নহয়। অসম চৰকাৰৰ সকলো মন্ত্ৰী একমত যে উন্নয়নক আমি সদায় অগ্ৰাধিকাৰ দি যাম।
অসমৰ জনগণৰ স্বাৰ্থ সদায়েই আমাৰ নীতিসমূহৰ কেন্দ্ৰবিন্দু হৈ আহিছে। সংকীর্ণ ৰাজনৈতিক লাভৰ বাবে এই পথৰ পৰা বিচ্যুতি ঘটিলে সেয়া ধ্বংসাত্মক হ’ব ~ যেনেকৈ আগৰ চৰকাৰসমূহৰ সময়ত হৈছিল।
বিশ্বৰ আগশাৰীৰ সংস্থাসমূহে প্ৰকাশ কৰা চৰকাৰী তথ্য অনুসৰি অসমৰ উন্নয়নৰ যাত্ৰা এতিয়া আন ৰাজ্যৰ বাবে এক আদৰ্শ হৈ উঠিছে। কিছুমানৰ বাবে এয়া আশ্চৰ্য যেনো লাগিব পাৰে। কিন্তু মোৰ দৰে অসমৰ অপৰিসীম সম্ভাৱনাত বিশ্বাস ৰখা ব্যক্তিসকলৰ বাবে এয়া কোনো আচৰিত হ’বলগীয়া কথা নহয়। মাননীয় প্ৰধানমন্ত্ৰীৰ দৰে ময়ো বিশ্বাস কৰোঁ যে এই উন্নয়নৰ যাত্ৰা এতিয়াহে আৰম্ভ হৈছে। আমাৰ বৃহৎ মানৱ সম্পদেই এই যাত্ৰাৰ মূল চালিকা শক্তি হ’ব। বহনক্ষম উন্নয়ন আৰু আমাৰ ভাই-ভনীৰ কল্যাণক কেন্দ্ৰত ৰাখি আমাৰ ইতিহাসে আমাক আহ্বান জনোৱা লক্ষ্যসমূহ পূৰণ কৰি যাম।
অসমৰ জনসাধাৰণ আৰু অসম বাৰ্তাৰ পঢ়ুৱৈসকললৈ এক সমৃদ্ধিশালী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।





