বৰ্ষপূৰণ উদ্যাপন হৈছে আত্মবিশ্লেষণ, অনুধাৱন আৰু এক সতেজ আৰম্ভণিৰ বাবে সুৱৰ্ণ ক্ষণ৷ এয়া হৈছে অতীতক সামৰি পৰৱৰ্তী বছৰবোৰৰ বাবে এক লক্ষ্য নিৰ্ধাৰণ কৰাৰ ক্ষণ৷ আমাৰ ৰাজ্য চৰকাৰখনেও যোৱা মাহত দ্বিতীয় বৰ্ষপূৰণ উদ্যাপন কৰাৰ মুহূৰ্তত অনুভৱ কৰিছোঁ যে আমি নিৰ্ধাৰণ কৰা লক্ষ্যসমূহ পূৰণৰ দিশত আমি ইতিবাচক অগ্ৰগতি লাভ কৰিছোঁ৷ পৰৱৰ্তী সময়ত আমাৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান থাকিব৷ সেয়ে এই লক্ষ্যপ্ৰাপ্তিৰ উদ্দেশ্যে আমাৰ প্ৰয়োজনীয় ৰণনীতি তৃণমূল পৰ্যায়ৰপৰা প্ৰস্তুত কৰিব লাগিব৷ সকলো প্ৰতিবন্ধকতা নেওচি আমি লক্ষ্য প্ৰাপ্ত কৰিবলৈ সংকল্পবদ্ধ৷
যোৱা ২৫ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত যোগদান কৰিবলগীয়া ৪৪,৭০৩গৰাকী প্ৰাৰ্থীক প্ৰতীকী নিযুক্তি পত্ৰ বিতৰণ কৰে৷ নিযুক্তি লাভ কৰাসকলৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালৰ মুখত বিৰিঙি উঠা হাঁহিয়ে আমাক আত্মসন্তুষ্টি প্ৰদান কৰিছে৷ দুৰ্নীতিমুক্ত, স্বচ্ছ, নিৰপেক্ষ আৰু নিকা সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ আমাৰ চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ৷ হয়, মই জ্ঞাত যে এই প্ৰক্ৰিয়াৰ অনুশীলন নিৰৱচ্ছিন্নভাৱে হোৱাটো জৰুৰী আৰু সেয়ে আমি প্ৰতিদিনে এই ক্ষেত্ৰত সজাগ আৰু সক্ৰিয় হৈ থাকিব লাগিব৷ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ ব্যস্ততাৰ মাজতো কিছু সময় উলিয়াই আমাৰ এই সফল প্ৰাৰ্থীসকলক সম্বোধন কৰাটো সঁচাকৈয়ে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে এক সন্মানৰ বিষয়৷ এতিয়ালৈকে আমি ৮৬,০০০তকৈও অধিক নিযুক্তি প্ৰদান কৰিলোঁ৷ মই নিশ্চিত যে আমি অতি শীঘ্ৰেই এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ লক্ষ্যত উপনীত হৈ নিৰ্বাচনৰ পূৰ্বে অসমৰ জনসাধাৰণক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিম৷ অৱশ্যে ১ লাখ শেষ সীমা নহয়৷ আমি ইতিমধ্যে অহা কেইসপ্তাহমানৰ ভিতৰতে ২০,০০০ৰো অধিক চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিম৷ অৰ্থাৎ আমি এক লাখৰ সংখ্যাও অতিক্ৰম কৰিম৷ মই নিশ্চিত যে যিসকলে অনুধাৱন কৰিছে যে চৰকাৰখন তেওঁলোকৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ, তেওঁলোকেও ইয়াৰ প্ৰতিদানস্বৰূপে ৰাজ্যখনৰ সেৱাত নিৰপেক্ষতা আৰু নিষ্ঠাৰে কাম কৰি যাব৷ এইক্ষেত্ৰত যদি আমি সফল হওঁ, তেন্তে চৰকাৰী চাকৰি সৃষ্টি কৰা আমাৰ আন্তৰিক প্ৰচেষ্টা সাৰ্থক প্ৰমাণিত হ’ব৷
ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ যুৱপ্ৰজন্মৰ বাবে সংস্থাপন সৃষ্টি কৰাৰ সম্পূৰ্ণ দায়িত্ব কেৱল চৰকাৰেই গ্ৰহণ কৰিব৷ শেহতীয়াকৈ আমি ৰাজ্যখনৰ উদ্যোগ আৰু সেৱাখণ্ডত ব্যক্তিগত খণ্ডৰ সৌহাৰ্দ্যপূৰ্ণ বিনিয়োগৰ বাবে এক পৰিৱেশ গঢ়ি তুলিছোঁ৷ আমাৰ চৰকাৰৰ বৰ্ষপূৰণৰ মুহূৰ্ততে চিমেণ্টকে আদি কৰি কেইটামান দ্ৰুত বিকশিত উপভোক্তা সামগ্ৰী উদ্যোগৰ সৈতে ৮,০০০ কোটি টকাৰ অধিক বিনিয়োগৰ কেইখনমান বুজাবুজি চুক্তি স্বাক্ষৰ কৰোঁ৷ ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ উদ্দেশ্যে এক পৰিৱেশ গঢ়ি তোলাৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু এই ক্ষেত্ৰত বিনিয়োগকাৰীসকলৰ সহযোগ ৰাজ্যখনৰ বাবে এক বৃহৎ সাফল্য৷ অতি কম সময়ৰ ভিতৰত, এই উদ্যোগসমূহত ৬,০০০ৰো অধিক লোকে সংস্থাপন লাভ কৰিব৷ সকলোৱে আদৰণি জনোৱা এটা বিষয় হৈছে যে ৰাজ্যখনত আমি এক আন্দোলনমুক্ত সময় দেখা পাইছোঁ৷ ই আমাৰ বজাৰ ব্যৱস্থাটোক অগ্ৰগতি প্ৰদান কৰিছে৷ এয়া হৈছে অসমৰ জনসাধাৰণৰ কৃতিত্ব৷
ব্যক্তিগত খণ্ডৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ লগতে সমাজৰ অন্তিমজন ব্যক্তিয়েও যাতে কাৰ্যকৰী সু-প্ৰশাসন ব্যৱস্থা আৰু ৰাজহুৱা সেৱা উপভোগ কৰিব পাৰে, আমি একনিষ্ঠতাৰে এই দিশত কাম কৰি গৈছোঁ৷ তিনিচুকীয়াৰ সন্মিলনত সংশ্লিষ্ট জিলাৰ আয়ুক্তসকলক এই উদ্দেশ্য সম্পৰ্কে অৱগত কৰিছোঁ৷ আমি ইতিমধ্যে স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ যে আমাৰ জিলাসমূহ বিকাশ আৰু উন্নত প্ৰশাসনৰ আধাৰ হৈ উঠক৷ সেই অনুসৰি, আমি কিছু পৰিৱৰ্তনৰ সৈতে এক সম্পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু যদি সফল হওঁ তেন্তে এই ব্যৱস্থা স্থায়ী কৰি তোলা হ’ব৷ প্ৰতিজন জিলা আয়ুক্তক এতিয়া কম গুৰুত্বপূৰ্ণ কামসমূহৰপৰা শিথিলতা প্ৰদান কৰা হ’ব যাতে অধিক উৎপাদনশীল কামৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব পাৰে৷ এতিয়া এগৰাকী জিলা আয়ুক্তই অভিভাৱক সচিব আৰু মন্ত্ৰীসকলৰ সহযোগ সাপেক্ষে জিলাখনৰ মুখ্য সচিবৰ দৰে কাম কৰিব৷ জিলা আয়ুক্তসকলক অধিক ক্ষমতা প্ৰদান কৰি, আমি ভৌগোলিক আৰু ঐতিহাসিক আদি পক্ষপাতিত্ব হ্ৰাস কৰি জিলাসমূহৰ সমবিকাশ নিশ্চিত কৰিবলৈ বিচাৰোঁ৷ আমি এই উদ্দেশ্যত সফল হ’লে এই ব্যৱস্থা সমগ্ৰ দেশৰ বাবে এক সফল আৰ্হি হৈ পৰিব৷ মই সদায় অনুভৱ কৰি আহিছোঁ যে আমি জিলা পৰ্যায়ত মুঠ ঘৰুৱা উৎপাদনৰ গণনা আৰম্ভ কৰিব লাগিব৷ এই ব্যৱস্থাই জিলাসমূহক সমগ্ৰ ৰাজ্য তথা দেশৰ বিকাশ ইঞ্জিনৰ অংশস্বৰূপে একো একোটা অৰ্থনৈতিক গোট হিচাপে কাম কৰাৰ বাবে তৎপৰ কৰিব৷
এই মাহতে আমি গুৰুদুজনা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱক উপযুক্ত স্বীকৃতি দিয়াৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠা কৰি আমি বিশ্বজুৰি বিদ্বানসকলক অসমৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিলৈ মহান সমাজ সংস্কাৰক, আমাৰ গুৰুজনাৰ অৱদানৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ গুৰুজনাৰ সমসাময়িক ভক্তি আন্দোলনৰ অন্যান্য সংস্কাৰকসকলৰ বেছিসংখ্যকেই ধৰ্মক সংস্কাৰৰ মূল বিষয়বস্তু কৰি লোৱাৰ বিপৰীতে শ্ৰীমন্ত শংকৰদেৱে পোন্ধৰ আৰু ষোড়শ শতিকাত সংস্কাৰৰ উদ্দেশ্যে সংস্কৃতিৰ পথ বাছি লৈছিল৷ একেদৰে, বৈষ্ণৱ সংস্কৃতিৰ পটভূমিত এখন ঐতিহাসিক চহৰ নাৰায়ণপুৰত তেখেতৰে শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ নামেৰে এখন কলাক্ষেত্ৰ স্থাপন কৰা হ’ল৷ কলাক্ষেত্ৰখনৰ জৰিয়তে শ্ৰীশ্ৰী মাধৱদেৱৰ জীৱন আৰু দৰ্শনক প্ৰতিফলিত কৰিবলৈ আমি সংকল্পবদ্ধ৷ যিসকলে অসমবাসীৰ জীৱনশৈলীৰ বিষয়ে জ্ঞাত, তেওঁলোকে জানে যে অসমৰ সাংস্কৃতিক আৰু সামাজিক জীৱন গুৰুদুজনাৰ অবিহনে কল্পনা কৰাটোও অসম্ভৱ৷