প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ ব্যস্ত সময়সূচীৰ স্বত্ত্বেও গুৱাহাটীত আমাৰ কেবিনেট সতীৰ্থসকলৰ সৈতে বাৰ্তালাপ কৰিবলৈ সময় দিয়াৰ মুহূৰ্তত এক বহুদিনীয়া ইচ্ছা পূৰণ হ’ল যেন অনুভৱ হৈছিল৷ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেখেতে অৰ্জন কৰা অভিজ্ঞতা আৰু এই সুদীৰ্ঘ পৰিক্ৰমাৰ বিষয়ে যেতিয়া আমাৰ সৈতে ভাগ-বাটোৱাৰা কৰিছিল, তেতিয়া আমি দেশৰ জনসাধাৰণৰ প্ৰতি থকা তেখেতৰ সমৰ্পণৰ মনোভাব আৰু ইতিবাচক চিন্তাশৈলীৰ বিষয়ে উপলব্ধি কৰিব পাৰিছিলোঁ৷ তেওঁৰ নৈতিকতাৰ শকতি আৰু মাটিৰ মানুহ হৈ থাকিব পৰা গুণটোৰ কাৰক সম্পৰ্কে এতিয়া আমি অৱগত হৈছোঁ৷ মোৰ কেবিনেটৰ সতীৰ্থসকলো তেখেতৰ ব্যক্তিত্ব আৰু কৰ্মমুখী দৰ্শনৰদ্বাৰা উদ্বুদ্ধ হৈছে৷ নিৰ্ণায়ক দক্ষতা আৰু প্ৰতিক্ৰিয়াশীলতা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ব্যক্তিত্বৰ অনন্য দিশ৷
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাৰ্চত উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ লগতে পূৰ্বৰেপৰা তেওঁ আৰু তেওঁৰ কেবিনেট সতীৰ্থসকলে নিৰন্তৰ নিৰীক্ষণ কৰি এসময়ৰ অৱহেলিত এই অঞ্চলটোৰ উন্নয়ন সম্ভৱ কৰি তুলিছে৷ সেয়েহে, দেশৰ এই বিশেষ প্ৰান্তৰ লোকসকলৰ জীৱনক প্ৰভাৱিত কৰিব পৰা এক সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ড, অসম আৰু মণিপুৰৰ বহু অশান্ত এলেকা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা)ৰপৰা কৰ্তন কৰিছে৷ গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ মতে নিৰাপত্তা পৰিস্থিতিৰ ক্ষেত্ৰত হোৱা গুৰুত্বপূৰ্ণ প্ৰগতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ মাননীয় গৃহমন্ত্ৰীগৰাকীয়ে টুইটৰ জৰিয়তে উল্লেখ কৰিছে যে ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা, শান্তি আৰু উন্নয়নক প্ৰাথমিকতা প্ৰদান কৰিছে৷ ইয়াৰ ফলস্বৰূপে, আমি দ্ৰুতগতিত শান্তি আৰু উন্নয়নৰ পথত অগ্ৰসৰ হৈছোঁ৷ অসমৰ লোকসকলৰ লগতে এগৰাকী খাচী, মিজো, নগা বা মণিপুৰী লোকেও বুকু ডাঠি ক’ব পাৰিব যে এই শান্তিপূৰ্ণ পৰিৱেশ তেওঁৰ জীৱনৰ অনন্য অভিজ্ঞতা৷ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰকৃতাৰ্থত ‘অঞ্চলটোক ভাৰতৰ অন্যান্য অংশৰ লোকসকলৰ হৃদয়ৰ সৈতে সংযোগ কৰিবলৈ’ সক্ষম হৈছে৷ ইয়াত কোনো সন্দেহ নাই যে তেখেতে কেন্দ্ৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত থকা ব্যৱধান হ্ৰাস কৰিছে৷
বিগত নটা বছৰত মোদী ডাঙৰীয়াই অষ্টলক্ষ্মী ৰাজ্যকেইখনক প্ৰদান কৰা অগ্ৰাধিকাৰে অঞ্চলটোক যথেষ্ট লাভান্বিত কৰিছে৷ আমাৰ বৰ্তমানৰ অৰ্থনীতি প্ৰাণৱন্ত, আমাৰ সুৰক্ষা নীতি সঠিক আৰু পূৰ্বৰ দৰেই সামাজিক গাঁথনি সুসংগত হৈ আছে৷
এই উপাদানসমূহেই এখন ৰাজ্য আৰু ইয়াৰ অৰ্থনীতিক এক অগ্ৰগামী গতি প্ৰদান কৰে৷ মোৰ কেবিনেট সতীৰ্থ তথা বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীয়ে উপস্থাপন কৰা বাজেটখনে উল্লিখিত বাৰ্তাটো সমগ্ৰ বিশ্বলৈ প্ৰেৰণ কৰিছে৷ যাৰ বাবে আমি বিনাদ্বিধাই আন্তঃগাঁথনিমূলক প্ৰকল্পত ব্যয় কৰাৰ দৰে সাহসী পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰেৰণা লাভ কৰিছোঁ৷ কেইবছৰমানৰ পূৰ্বে কোনেও হয়তো কল্পনাই কৰা নাছিল যে অসমৰ দৰে অৰ্থনীতিয়ে ১.৩৯ লাখ কোটি টকাৰ এখন বাজেটৰ প্ৰস্তাৱ আগবঢ়াব পাৰে৷ ইয়াৰে ২০ শতাংশতকৈ অধিক হ’ব মূলধনী ব্যয়, যি অৰ্থনীতিৰ শ্ৰীবৃদ্ধি আৰু সংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত এক অনুঘটকৰ দৰে কাম কৰিব৷ ই এনে এখন বাজেট যি এখন নতুন অসম আৰু ইয়াৰ পৰিশ্ৰমী জনসাধাৰণৰ আশা-আকাংক্ষাসমূহ পূৰণ কৰিব৷ আমি পৰৱৰ্তী বিত্তীয় বৰ্ষৰ শেষলৈ ৫.৫লাখ কোটিৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ লক্ষ্য গ্ৰহণ কৰিছোঁ৷ আজি মই অনুভৱ কৰিছোঁ যে ভাৰতে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ লক্ষ্যলৈ আগবাঢ়ি যাওঁতে আমাৰ ৰাজ্যখনেও অৱদান আগবঢ়াব পাৰিব৷
এই বাজেটখনত মোৰ ব্যক্তিগত পছন্দৰ বিষয় হৈছে ‘মুখ্যমন্ত্ৰী স্ব-নিয়োজন অভিযান’৷ ইয়াৰ জৰিয়তে আমি স্থানীয় লোকসকলৰ প্ৰতিভা আৰু চৰকাৰৰ সমৰ্থনক দুটা স্তম্ভ হিচাপে লৈ বৃহৎ নিয়োগ সৃষ্টিৰ বীজ ৰোপণ কৰিছোঁ৷
শেহতীয়াকৈ, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে নলবাৰী চিকিৎসা মহাবিদ্যালয়ক স্বীকৃতি প্ৰদান কৰিছে আৰু ১০০গৰাকী এমবিবিএছ শিক্ষাৰ্থীক নামভৰ্তি কৰাৰ অনুমোদন আগবঢ়াইছে৷ মাত্ৰ এটা বছৰত চাৰিখনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিব পৰাটো অসমৰ বাবে এক ঐতিহাসিক সাফল্য৷ এটা সময় আছিল যেতিয়া অসমত মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আছিল৷ এতিয়া, ৰাজ্যখনত মুঠ ১২খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় স্থাপন হোৱাৰ লগতে সুলভ আৰু উন্নত স্বাস্থ্যসেৱা উপলভ্য হোৱা ৰাজ্যসমূহৰ ভিতৰত অসমৰ নামো লিপিবদ্ধ হৈছে৷
মাৰ্চ মাহত লাভ কৰা এটা খবৰে আমাক আনন্দিত কৰি তুলিলে যে অসমে আমাৰ মহান বীৰ সেনাপতি লাচিত বৰফুকন বিষয়ক ৪২.৯ লাখখন হাতেলিখা ৰচনাৰ বাবে গীনিজ ৰেকৰ্ডছত নাম লিপিবদ্ধ কৰিছে৷ ইয়াক ‘এজন ব্যক্তিৰ বিষয়ে হাতে লিখা টোকাৰ সৰ্ববৃহৎ অনলাইন ফ’ট’ এলবাম’ শ্ৰেণীত স্বীকৃতি দিয়া হৈছে৷ মোৰ বাবে এই আনন্দৰ আঁৰৰ মূল কাৰক কিন্তু অভিলেখটো নহয়, তাৰ বিপৰীতে ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ জনসাধাৰণৰ হৃদয়ত এই বীৰ সেনাপতিগৰাকীৰ প্ৰতি স্বতঃস্ফূৰ্ত প্ৰেম আৰু সন্মানৰ উন্মেষে মোক আপ্লুত কৰি তুলিছে৷ আমাৰ চৰকাৰে আপোনাসৱৰ বাবে লাচিত আৰু তেওঁৰ বীৰত্বৰ গাথাৰ জৰিয়তে সকলোৰে হৃদয়ক প্ৰভাৱিত কৰাৰ বাবে এক আদৰ্শ পৰিৱেশ গঢ়ি তুলিব পৰা কথাষাৰে আমাক আনন্দিত কৰিছে৷ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো এই প্ৰচেষ্টাৰ প্ৰশংসা কৰি তেখেতৰ ‘মন কী বাত’ অনুষ্ঠানত এই সাফল্যৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰিছিল৷
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মাৰ্চত উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ লগতে পূৰ্বৰেপৰা তেওঁ আৰু তেওঁৰ কেবিনেট সতীৰ্থসকলে নিৰন্তৰ নিৰীক্ষণ কৰি এসময়ৰ অৱহেলিত এই অঞ্চলটোৰ উন্নয়ন সম্ভৱ কৰি তুলিছে৷
বৰ্তমান আমি ৰাজ্যখনৰ ১১,০০০তকৈও অধিক নাচনী আৰু ঢুলীয়াৰ বাবে আন এক আদৰ্শ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰচেষ্টা হাতত লৈছোঁ৷ আমাৰ অতিকৈ আপোন বিহুনাচক গীনিজ ৱল্ডৰ্ ৰেকৰ্ডছত অন্তৰ্ভুক্তকৰণৰ বাবে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ আমাৰ উদ্দেশ্য কেৱল এটা অভিলেখ গঢ়া নহয়, তাৰ লগতে বিহুনাচক বিশ্বত এক সুকীয়া পৰিচয়েৰে জিলিকাই তুলিবলৈ এয়া আমাৰ আন্তৰিক প্ৰয়াস৷ অনাগত সময়ত ৰাজ্যৰ অন্যান্য নৃত্যসমূহকো এনে এখন মঞ্চত দাঙি ধৰিবলৈ চেষ্টা চলাম৷ মই আশা কৰোঁ যে এইবাৰৰ ৰঙালী বিহুটিক আমি এক অনন্য গৌৰৱৰে উদ্যাপন কৰিম আৰু দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও এই অভিজ্ঞতাৰ সাক্ষী হ’ব৷
শেষত আপোনাসৱলৈ বাপতিসাহোন ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ৷