আন্তৰ্জাতিক জৰুৰীকালীন অৱস্থা হিচাপে পৰিগণিত হোৱা জলবায়ু পৰিৱৰ্তনে বর্তমান সময়ত আমাৰ জীৱন, জীৱিকা আৰু অর্থনীতিক বাৰুকৈ প্ৰভাৱিত কৰিছে। জলবায়ু পৰিৱর্তন সম্পর্কীয় আন্তঃচৰকাৰী পেনেল (আইপিচিচি)ৰ এআৰ-৬ প্রতিবেদনত স্পষ্ট হৈছে যে তাপ প্রবাহ, প্রবল বৃষ্টিপাত, খৰাং আৰু ক্ৰান্তীয় ঘূর্ণীবতাহ আদি জলবায়ুৰ চৰম পৰিৱৰ্তনৰ ক্ষেত্ৰত মানৱসৃষ্ট প্রভাৱ নিহিত হৈ আছে। তদুপৰি, একবিংশ শতিকাত ১.৫° আৰু ২° চেণ্টিগ্রেড গোলকীয় উষ্ণতাৰ সীমা অতিক্ৰম হ’ব যদিহে অনাগত দিনত কার্বন-ডাই-অক্সাইড আৰু অন্যান্য সেউজগৃহ গেছ নির্গমন পর্যাপ্ত পৰিমাণে হ্রাস নহয় (আইপিচিচি এ আৰম্ভ ডব্লিউজি আই, ২০২১)।
অসমৰ সামগ্রিক বিপদসংকুলতাসূচক দেশৰ ভিতৰতে সর্বাধিক (চিইইডব্লিউ, ২০২১)। চৰম বতৰৰ বাবে হোৱা পৰিঘটনাৰ বাবে আটাইতকৈ বেছি প্রভাৱিত দেশসমূহৰ তালিকাত ভাৰত সপ্তম স্থানত আছে (জার্মানৱাচ, ২০২১)। বিগত বছৰবোৰত ৰাজ্যখনে সঘনাই জল আৰু বতৰ সম্পৰ্কীয় পৰিঘটনাৰ জটিল আৰু ব্যাপক প্ৰভাৱৰ সন্মুখীন হৈ আহিছে। জলবায়ু পৰিৱর্তন সম্পর্কীয় সংশোধিত ‘অসম ৰাজ্যিক কার্য পৰিকল্পনা (এএছএপিচিচি ) সংস্কৰণ ২.০’ (২০২১-২০৩০) অনুসৰি, ২০১১-২০৪০ চনলৈ, সমগ্ৰ অসমত বার্ষিক গড় সর্বাধিক তাপমাত্ৰাৰ পৰিসৰ ০.৮৫° চে আৰু ১°চে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে; বার্ষিক গড় নিম্নতম তাপমাত্রা ০.৮৫°চে আৰু ০.৯৫°চে লৈকে বৃদ্ধি হ’ব পাৰে; অসমত বাৰ্ষিক গড় বৰষুণ ৩.০৪ মি.মি লৈ বৃদ্ধি হোৱাৰ আকলন কৰা হৈছে।
শেহতীয়াকৈ হিমালয় পৰিস্থিতিতন্ত্র অটুট ৰখাৰ বাবে আৰম্ভ কৰা ৰাষ্ট্ৰীয় অভিযানৰ অধীনত ভাৰতীয় হিমালয় অঞ্চলৰ (আইএইচআৰ) জলবায়ু বিপদসংকুলতাসূচক নির্ধাৰণ কৰিবলৈ এক উমৈহতীয়া পৰিকাঠামো ব্যৱহাৰ কৰা হৈছে। এই সূচকত অসমক ভাৰতীয় হিমালয় অঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত বিপদসংকুলতাসূচক ০.৭২১ৰ সৈতে আটাইতকৈ বিপদসংকুল ৰাজ্য হিচাপে চিহ্নিত কৰা হৈছে। প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতৰ ৫০খন আটাইতকৈ বিপদসংকুল জিলাৰ ভিতৰত অসমত আছে ১৫খন জিলা। উত্তৰ-পূৰ্বাঞ্চলত অসমৰ কৌশলগত অৱস্থান, উন্নয়নৰ প্ৰয়োজনীয়তা আৰু বিভিন্ন ভূ-ভৌতিক পৰিস্থিতিৰ বাবে জলবায়ু পৰিৱৰ্তন যথেষ্ট প্রাসংগিক।
মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্রভাৱৰ সৈতে অভিযোজন আৰু হ্ৰাস কৰিবলৈ অসম চৰকাৰৰ এক সমন্বিত প্রচেষ্টাৰ নাম হৈছে ‘এএছএপিচিচি ২.০’। অসম জলবায়ু পৰিৱর্তন ব্যৱস্থাপনা সমিতিয়ে (এচিচিএমএছ) সংশ্লিষ্ট সকলো বিভাগ আৰু অন্যান্য গুৰুত্বপূর্ণ অংশীদাৰসকলৰ সৈতে আলোচনা কৰি এখন সংশোধিত দস্তাবেজ প্রস্তুত কৰিছে। এএছএপিচিচি-ক কার্যকৰী কৰি জলবায়ু সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণৰ বাবে আন সকলো অংশীদাৰৰ সৈতে সমন্বয় স্থাপনৰ উদ্দেশ্যে গঠন কৰা ‘এচিচিএমএছ’ হৈছে অসম চৰকাৰৰ এক বিশেষ পদক্ষেপ।
সংশোধিত দস্তাবেজখনে জলবায়ু বিজ্ঞান আৰু গোলকীয় তথা স্থানীয় জলবায়ু সম্পৰ্কীয় শেহতীয়া অগ্রগতিৰ সন্দৰ্ভত আলোকপাত কৰিছে। ২০২১-২০৩০ বৰ্ষৰ বাবে সংশোধিত ‘এএছএপিচিচি ২.০’ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পঞ্চামৃত প্রতিশ্রুতি, বহনক্ষম উন্নয়ন লক্ষ্যৰ ধাৰণা, ৰাষ্ট্রীয়ভাৱে নির্ধাৰিত অৱদান (এনডিটি) আৰু ভাৰতৰ অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্রতিশ্রুতি যেনে- পেৰিছ চুক্তি আৰু দুৰ্যোগৰ বিপদাশংকা হ্রাস কৰাৰ বাবে ছেন্দাই ফ্ৰেমৱৰ্ক ইত্যাদি সন্নিৱিষ্ট কৰা হৈছে।
এএছএপিটিটি ২.০-ৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰত নটা বিষয়ভিত্তিক খণ্ড অন্তর্ভুক্ত কৰা হৈছে— (১) কৃষি আৰু আনুসংগিক খণ্ড; (২) সমন্বিত জল সম্পদ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব প্রদানেৰে জলসম্পদ ব্যৱস্থাপনা; (৩) পর্যটনকে ধৰি পৰিৱেশ, বন, জৈৱ-বৈচিত্র্য খণ্ড; (৪) শক্তি খণ্ড (নৱীকৰণযোগ্য শক্তি আৰু পৰিবর্ধিত শক্তি দক্ষতা); (৫) মানৱ বাসস্থান খণ্ড (নগৰ আৰু গ্ৰাম্য); (৬) পৰিবহণ খণ্ড; (৭) মানৱ স্বাস্থ্য খণ্ড; (৮) দুর্যোগ ব্যৱস্থাপনা খণ্ড; (৯) কৌশলগত জ্ঞান ব্যৱস্থাপনা খণ্ড।
সংশোধিত ‘এএছএপিচিচি’য়ে চৰম জলবায়ুজনিত পৰিঘটনাৰ বাবে অত্যন্ত অসুৰক্ষিত হিচাপে পৰিগণিত ৰাজ্যসমূহৰ মাজৰ এখন হিচাপে তাসমক সুৰক্ষা দিয়াৰ বাবে এক সুবিস্তৃত ৰণনীতি প্রদান কৰে। ৰাজ্য চৰকাৰে শিক্ষাকে ধৰি সকলো খণ্ডত গুৰুত্ব প্ৰদান কৰি অভিযোজন আৰু প্রশমন উদ্ভাৱনক উৎসাহিত কৰাৰ বাবে তৃণমূল পৰ্যায়ত ইতিবাচক পদক্ষেপ ল’বলৈ প্রতিশ্রুতিবদ্ধ। দস্তাবেজখনক গোলকীয় আৰু স্থানীয় জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ দিশত অৰিহণা যোগোৱাৰ বাবে সমর্পিত কৰা হৈছে। ক্ষেত্ৰীয় বিপদসংকুলতা প্ৰফাইলিঙো এই অধ্যয়নৰ অংশ। ই বিভিন্ন খণ্ডৰ কৰণীয়সমূহ নির্ধাৰণ কৰি তাক অগ্ৰাধিকাৰ প্ৰদান কৰে।
এএছএপিচিচি ২.০-ৰ দৃঢ়তা সত্ত্বেও ৰাজ্যখনৰ বাবে এক মূলসুঁতিৰ জলবায়ু কাৰ্য পৰিকল্পনাৰ ক্ষেত্ৰত কেইটামান প্রণালীবদ্ধ প্ৰত্যাহ্বান আছে, যাক সমাধান কৰাৰ উপায়সমূহ এনেধৰণৰ-
১. অংশীদাৰসকলে জলবায়ু পৰিৱৰ্তনৰ (জলবায়ু প্রাচল) এক ডাটাবেছ বিকশিত কৰিবলৈ সহযোগিতা কৰিব পাৰে যি গৱেষণাৰ বাবে প্রয়োজনীয় তথ্যৰ অভাৱ পূৰ্ণ কৰিব আৰু অভিযোজন প্রকল্প বিকশিত কৰাত সহায় কৰিব। এই তথ্যই প্রয়োজনীয়তাৰ দিশত আলোকপাত কৰাৰ লগতে সৰ্বাধিক আক্রান্ত লোকসকল কোন আৰু ক’ত আছে সেয়া চিনাক্ত কৰিব পাৰে। লগতে, চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে জল-বতৰ বিজ্ঞানৰ তথ্য ভাগ বাটোৱাৰা কৰাৰ বাবে এক নির্দিষ্ট মঞ্চ বা প্রণালী থকাটো উচিত।
২. জলবায়ু সম্পৰ্কীয় তথ্যৰ প্ৰতিবেদন / ৰেকৰ্ড কৰাৰ বাবে বিভিন্ন খণ্ডত কাৰিকৰী আৰু প্ৰতিষ্ঠানগত ক্ষমতাৰ অভাৱ পৰিলক্ষিত হয়। সকলো কাম-কাজ বিভিন্ন ক্ষেত্রীয় পৰিকল্পনা আৰু ৰণনীতিত একত্ৰিত কৰিব লাগিব আৰু চৰকাৰী বিভাগসমূহত এক সমন্বিত প্রচেষ্টাৰে ৰূপায়ণ কৰিব লাগিব।
৩. অঞ্চলটোৰ বাবে জলবায়ু পৰিৱৰ্তন পুঁজিৰ উপলভ্যতা৷
৪. অধিক বিপদাশংকাত থকা মহিলা, শিশু, প্ৰতিবন্ধী ব্যক্তি আৰু বয়োজ্যেষ্ঠসকলৰ লগতে আন জনসংখ্যা গোটসমূহৰ বাবে বিপদসংকুল কাৰক আৰু পৰিস্থিতিসমূহ চিনাক্ত কৰি সামগ্ৰিক বিপদাশংকা ব্যৱস্থাপনা নীতি বিকশিত কৰাৰ প্ৰয়োজন৷
(লেখক অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতিৰ কাৰিকৰী পৰামৰ্শদাতা)