নৱবৰ্ষত নিহিত হৈ আছে পুৰণিক উভতি চোৱাৰ সুযোগ আৰু এক নতুন আৰম্ভণিৰ অৱকাশ৷ যদিও এটা বছৰ কেৱল কাগজত সলনি হয়, তথাপি সম্পূৰ্ণ বিশ্বই নতুন বছৰটোৰ বাবে পুৰণিক সামৰি নতুনৰ এক সুশৃংখল পৰিকল্পনাৰে সংকল্পবদ্ধ হয়৷
একেদৰেই অসম চৰকাৰেও পাৰ হৈ যোৱা বছৰটোৰ সফলতা আৰু বিফলতাৰ দিশত আলোকপাত নিশ্চয় কৰিব৷ অৱশ্যে এয়াও সত্য যে চৰকাৰ এখনৰ সফলতা-বিফলতাক তুলাচনীত জোখা হয় পাঁচ বছৰৰ শাসনকালৰ শেষত৷ চৰকাৰৰ ক্ষেত্ৰত কোনো ব্যক্তি বা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ দৰে মূল্যাংকনৰ হেতু বাৰ্ষিক লক্ষ্য নিৰ্ধাৰণ কৰা নহয়৷ তথাপি স্বাস্থ্য, আন্তঃগাঁথনি, নিযুক্তি সৃষ্টি, কৃষি, শক্তি আৰু উদ্যোগ আদি কিছুমান গুৰুত্বপূৰ্ণ খণ্ডত দিছপুৰৰ প্ৰশাসন ব্যৱস্থাই প্ৰতিশ্ৰুতি পূৰণৰ উদ্দেশ্যে বছৰজুৰি কৰ্মসূচী হাতত লোৱাৰ কথা আমি স্বীকাৰ কৰিব লাগিব৷ অৰুণোদয় আঁচনি আৰু ভূমি অধিকাৰ সম্পৰ্কীয় সমস্যাসমূহ নিষ্পত্তিৰ উদ্দেশ্যে মিছন বসুন্ধৰাৰ দৰে কিছুমান জনমুখী ঘোষণা কৰা হৈছিল৷ বিত্তীয় প্ৰত্যাহ্বানসমূহ নেওচি উন্নয়নৰ অবিৰত যাত্ৰাৰ কৃতিত্ব আমি চৰকাৰখনক প্ৰদান কৰিবই লাগিব৷
আজি ৰাজ্যখনে বহুতো ৰূপায়িত হোৱা বা হৈ থকা আন্তঃগাঁথনিমূলক প্ৰকল্পক লৈ গৌৰৱ কৰিব পাৰে৷ এটা সৰু উদাহৰণ হৈছে ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত সংযোজন হোৱা কেন্সাৰ কেয়াৰ ইউনিটকে ধৰি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সংখ্যা৷ আন এক উল্লেখ্য ক্ষেত্ৰ হৈছে বিদ্যুৎ উৎপাদন, বিশেষকৈ নৱীকৰণযোগ্য শক্তি৷ ৰাজ্যখনৰ মৌলিক আন্তঃগাঁথনি উন্নীতকৰণ হোৱাৰ বাবে কপ’ৰ্ৰেট গোটসমূহে অসমত প্ৰতিশ্ৰুতি আৰু সম্ভাৱনা দেখা পাইছে৷ এই গোটসমূহৰ কিছুসংখ্যকৰ ইতিমধ্যে অসমলৈ আগমন হৈছে আৰু বাকীসকলেও আগমনৰ বতৰা প্ৰেৰণ কৰিছে৷