ৰাজ্যখনৰ উন্নয়নমুখী ধাৰাৰ এক নতুন প্ৰতিচ্ছবি দাঙি ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া অসম ভ্ৰমণ আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগে উপস্থাপন কৰা জনমুখী বাজেট হৈছে ফেব্ৰুৱাৰী মাহৰ দুটা গুৰুত্বপূৰ্ণ বিষয়৷
প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালত ১১,৬০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাইজৰ সেৱাত উছৰ্গা কৰে৷ এই প্ৰকল্পসমূহে অসমৰ সামগ্ৰিক দিশটোৰ লগতে ইয়াৰ অৰ্থনৈতিক ক্ষেত্ৰতো বিশেষভাৱে প্ৰভাৱান্বিত কৰিব৷ বিত্ত মন্ত্ৰীগৰাকীয়ে উপস্থাপন কৰা বিকাশমুখী বাজেটখনত মহিলা সবলীকৰণ, উদ্যমিতা, সৌৰ শক্তিৰ ব্যৱহাৰ আৰু আগন্তুক বছৰটোত আন্তঃগাঁথনিমূলক ব্যয় তথা মূলধনী ব্যয় বৃদ্ধি কৰাৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে৷
সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) তথা আবকাৰীৰপৰা হোৱা ৰাজহ বৃদ্ধিয়ে বিগত বৰ্ষটোত চৰকাৰখনক যথেষ্ট সহায় কৰিছে৷ দেশৰ আন ৰাজ্যই কঠিন বিত্তীয় পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত অসমে প্ৰত্যাহ্বানেৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰিছে৷
মূলধনী ব্যয়ৰ আকৰ্ষণীয় বৃদ্ধি এক শুভ লক্ষণ৷ এই দিশত অসমে যথেষ্ট ভাল প্ৰদৰ্শন কৰিছে৷ যোৱা বৰ্ষত এই ব্যয়ৰ পৰিমাণ ১৬,০০০ কোটি টকা হোৱাৰ বিপৰীতে অহা বিত্তীয় বৰ্ষত এই পৰিমাণ ২০,০০০ কোটি টকা হ’ব বুলি আশা কৰা হৈছে৷ নিবনুৱাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত নিয়োগৰ সুযোগ সৃষ্টিৰে ৰাজ্যখনৰ প্ৰগতিত এক নতুন বাট সংযোজন হ’ব৷
চমুকৈ ক’বলৈ গ’লে বৰ্তমানৰ চৰকাৰ শাসনত অধিষ্ঠিত হোৱাৰ পাছত গ্ৰহণ কৰা সফল সংস্কাৰমূলক পদক্ষেপৰ বাবে ৰাজ্যখনৰ বিকাশে এক নতুন গতি লাভ কৰিছে৷ আশা কৰোঁ যে ধাৰাবাহিকভাৱে চৰকাৰে আৰ্তজনক আৰ্থিক সহায় কৰাৰ লগতে প্ৰয়োজন হ’লে ব্যৱস্থাটোত সংস্কাৰ সাধনেৰে এক উন্নয়নৰ এক সুদৃঢ় সেতু গঢ়িব৷